স্বামীৰ কাষতে ৰৈ পত্নী গৰিমাই কৈ গ’ল কবলগীয়া বহু কথা
আৰু কেতিয়াও কাহিলীপাৰৰ ঘৰখনলৈ নাহে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। শেষবাৰৰ বাবে কাহিলীপাৰাৰ বাসগৃহত চিৰনিদ্ৰাত হাৰ্টথ্ৰৱ গৰাকী।
সদায় হাঁহিমুখে ঘৰলৈ যোৱা ল’ৰাটো আজি কফিনৰ কাঁচৰ বাকচটোৰ ভিতৰত শান্ত হৈ শুই আছে।কাষত আছে মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
সদায় শিশুৰ দৰে মৰম কৰা জুবিনৰ কাষত ৰৈ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈ গৈছে থাকিযোৱা বহু কথা। বাৰে বাৰে মৰমৰ গোল্ডিৰ চেঁচা চেঁচা আঙুলি কেইটা এবাৰ চুই চাবলৈ বিচাৰিছে গৰিমাই।
নিজ বাসগৃহত আজি মাত্ৰ এঘণ্টাহে থাকিব পাৰিব জুবিন। সেই মাত্ৰ ৬০ টা মিনিটত হেঁপাহ নপলোৱাকৈ গৰিমা শইকীয়া গাৰ্গে চাই ৰৈছে জুবিনক।কিন্তু তেওঁ যে এতিয়া আৰু মৰমৰ পত্নী গৰিমাৰ কথা শুনিবলৈ সাৰে থকা নাই।
লগতে পঢ়ক: নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ









