RJD

RJD নেতা তেজস্বী যাদৱৰ বাঢ়িছে বিপদ; আপত্তিজনক’ পোষ্ট দিয়াৰ বাবে মহাৰাষ্ট্ৰত দাখিল এফআইআৰ

RJD নেতা তেজস্বী যাদৱৰ বাঢ়িছে বিপদ বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে RJD নেতা তেজস্বী যাদৱৰ বিপদ বৃদ্ধি পাব পাৰে।শুকুৰবাৰে মহাৰাষ্ট্ৰৰ গাডচিৰোলিত RJD নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে।গাডচিৰোলিৰ বিজেপি বিধায়ক মিলিন্দ ৰামজী নৰোতে তেওঁৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে। তেজস্বী যাদৱৰ

RJD নেতা তেজস্বী যাদৱৰ বাঢ়িছে বিপদ

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে RJD নেতা তেজস্বী যাদৱৰ বিপদ বৃদ্ধি পাব পাৰে।শুকুৰবাৰে মহাৰাষ্ট্ৰৰ গাডচিৰোলিত RJD নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে।গাডচিৰোলিৰ বিজেপি বিধায়ক মিলিন্দ ৰামজী নৰোতে তেওঁৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে।

তেজস্বী যাদৱৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ আছে যে যোৱা ২২ আগষ্টত তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা আপত্তিজনক আৰু অপমানজনক পোষ্ট কৰিছিল।এই গোচৰটো মহাৰাষ্ট্ৰৰ গাডচিৰোলিৰ বিধায়ক মিলিন্দ ৰামজী নৰোটেৰ এজাহাৰত ৰুজু হৈছে।

গাডচিৰোলি থানাত ১৯৬(১)(ক)(বি), ৩৫৬(২)(৩), ৩৫২,৩৫৩(২) ধাৰাত গোচৰ ৰুজু কৰা হয়।শুকুৰবাৰে পুৱা তেজস্বী যাদৱে নিজৰ এক্স হেণ্ডেলৰ পৰা এটা পোষ্ট কৰাৰ অভিযোগ থানাত বিজেপি বিধায়কগৰাকীয়ে।

অভিযোগ উঠিছে যে প্ৰধানমন্ত্ৰী মোদীক লৈ আপত্তিজনক মন্তব্য কৰা হৈছিল। এই পোষ্টটোত প্ৰধানমন্ত্ৰীৰ ফটোও সংলগ্ন কৰা হৈছিল। এই গোচৰৰ প্ৰমাণ হিচাপে পোষ্টটোৰ প্ৰতিলিপি সংলগ্ন কৰা হৈছে।

লগতে পঢ়ক: ‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’;প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ