প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে চালে ‘স্কাই ফৰ্চ’...

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে চালে ‘স্কাই ফৰ্চ’…অক্ষয় কুমাৰৰ সৈতে শ্বেয়াৰ কৰিলে ফটো

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি ‘স্কাই ফৰ্চ’ (Sky Force)ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে । এই স্ক্ৰীনিঙৰ কিছু ছবি তেওঁ নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চালে ‘স্কাই ফৰ্চ’। মঙলবাৰে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি স্কাই ফৰ্চৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি ‘স্কাই ফৰ্চ’ (Sky Force)ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে । এই স্ক্ৰীনিঙৰ কিছু ছবি তেওঁ নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চালে ‘স্কাই ফৰ্চ’।

মঙলবাৰে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি স্কাই ফৰ্চৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁৰ লগতে চি ডি এছ জেনেৰেল অনিল চৌহানকে ধৰি অন্যান্য বিষয়াসকলো ছবিখনৰ এই প্ৰদৰ্শনত উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে ছবিখনৰ তাৰকা অভিনেতাৰ ছবিও তেওঁৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰে ।

২৪ জানুৱাৰীত মুক্তি পাব ছবিখনে-

ছবিখনৰ পৰিচালক অভিষেক অনিল কাপুৰ আৰু সন্দীপ কেৱলানী । ১৯৬৫ চনৰ ভাৰত-পাকিস্তান বিমান যুদ্ধৰ সময়ত পাকিস্তানৰ চাৰগোধা এয়াৰবেছত ভাৰতে কৰা প্রত্যাক্রমণৰ কাহিনীৰে নিৰ্মিত হৈছে স্কাই ফৰ্চ । অহা ২৪ জানুৱাৰীত ছবিগৃহত মুক্তি পাব স্কাই ফৰ্চ ছবিখনে । ছবিখনত নিমৰাট কৌৰ আৰু চাৰা আলী খানকো দেখা যাব ।