কোনোমতে প্ৰাণৰক্ষা পৰিল বলীউড অভিনেতা অক্ষয় কুমাৰৰ!

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে প্ৰাণৰক্ষা পৰিল বলীউড অভিনেতা অক্ষয় কুমাৰৰ! পত্নীসহ জুহুস্থিত ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা…

দুৰ্ঘটনাত পতিত হ’ল বলীউড অভিনেতা অক্ষয় কুমাৰৰ বাহন । এই দুৰ্ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰিল অভিনেতাগৰাকীৰ । সোমবাৰে সন্ধিয়া মুম্বাইত বলীউড অভিনেতা অক্ষয় কুমাৰৰ এস্কৰ্ট গাড়ী আৰু অট’ৰিক্সাৰ মাজত হোৱা সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত দুজন লোক আহত হয় বুলি জানিব পৰা গৈছে । অভিনেতাগৰাকীৰ জুহুৰ বাসগৃহৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত অক্ষয় কুমাৰ নাছিল । ইফালে অটোৰিক্সা চালকজনৰ ভাতৃয়ে এতিয়া ক্ষতিপূৰণৰ দাবী জনাইছে ।

জানিব পৰা মতে, অক্ষয় কুমাৰ আৰু তেওঁৰ পত্নী টুইংকল খান্নাই বিমানবন্দৰৰ পৰা জুহুৰ ঘৰলৈ উভতি আহি আছিল । এখন গাড়ীয়ে পিছফালৰ পৰা এখন অটোৰিক্সা খুন্দা মৰাৰ ফলত ৰিক্সাখন বাগৰি অক্ষয় কুমাৰৰ গাড়ীৰ সৈতে খুন্দা মাৰে । ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে অভিনেতাজনৰ নিৰাপত্তাৰক্ষীৰ বাহনখন সোঁফালে বাগৰি পৰে ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে অক্ষয় কুমাৰৰ এস্কৰ্ট বাহনখন দুটা টায়াৰত বাগৰি পৰাৰ বিপৰীতে অটোৰিক্সাখনৰ সন্মুখভাগ বেয়াকৈ ছিন্নভিন্ন হৈ পৰিছে । সৌভাগ্যক্ৰমে কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই ।

আনহাতে দুৰ্ঘটনাটোত আহত অট’ৰিক্সা চালকজনৰ ভাতৃয়ে কয় যে, “নিশা ৮ৰ পৰা ৮:৩০ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা । মোৰ ভাইটিয়ে অট’ৰিক্সাখন চলাই থকা অৱস্থাত অক্ষয় কুমাৰৰ ইনোভা আৰু এখন মাৰ্চিডিজ গাড়ী পিছফালৰ পৰা আহি আছিল । মাৰ্চিডিজখনে ইনোভাখনক খুন্দা মাৰে, যিয়ে পাছলৈ অট’ৰিক্সাখনত খুন্দা মাৰে । ফলত মোৰ ভাইটি আৰু আন এজন যাত্ৰী অট’ৰিক্সাখনৰ তলত সোমাই ধৰে । অট’ৰিক্সাখন যথেষ্ঠ ক্ষতিগ্ৰস্ত হৈছে আৰু ভাইটিৰ অৱস্থাও গুৰুতৰ । আমাৰ একমাত্ৰ অনুৰোধ যে মোৰ ভাইটিয়ে উপযুক্ত চিকিৎসা আৰু ৰিক্সাখনৰ ক্ষতিপূৰণ লাভ কৰক । আমি আৰু একো নিবিচাৰো ।”

লগতে পঢ়ক : ‘মই উভতি আহিম নে নাই নাজানো …’; বলিউডৰ পৰা বিৰতি ল’ব নেকি নেহা কক্কৰে

যান-বাহনৰ নিয়ম ভংগ কৰি বিপদত অক্ষয় কুমাৰ; আৰক্ষীয়ে জব্দ কৰিলে বিলাসী বাহন

যান-বাহনৰ নিয়ম ভংগ কৰি বিপদত অক্ষয় কুমাৰ

বলীউডৰ অভিনেতা অক্ষয় কুমাৰে তেওঁৰ ছবি আৰু ভিডিঅ’ৰ বাবে প্ৰায়ে শিৰোনামত থাকে।বৰ্তমান অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘জলী এল এল বি ৩’ৰ বাবে চৰ্চা কৰিছে।

তাৰ মাজতে আন এটা খবৰ পোহৰলৈ আহিছে। যিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।আচলতে জম্মু ট্ৰেফিক পুলিচে আইনী সীমা উলংঘা কৰাৰ বাবে অভিনেতাগৰাকীৰ বিলাসী বাহনখন জব্দ কৰিছে।

দৰাচলতে এটা শ্ব’ৰুম উদ্বোধন কৰিবলৈ জম্মুলৈ গৈছিল অভিনেতা অক্ষয় কুমাৰ। তেওঁৰ অনুৰাগীসকলে ড’গ্ৰা চ’কত অৱস্থিত কল্যাণ জুৱেলাৰ্ছ শ্ব’ৰুমৰ উদ্বোধনী অনুষ্ঠানত অভিনেতাগৰাকীক আদৰণি জনাইছিল।

জম্মুবাসীয়ে তেওঁক বিশেষ আদৰণি জনোৱাৰ বাবে অভিনেতা গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানৰ অন্তত অভিনেতাজনক তেওঁৰ ৰেঞ্জ ৰভাৰ এছ ইউ ভিখনত বিমানবন্দৰলৈ লৈ যোৱা হয় য’ৰ পৰা মুম্বাইলৈ যাবলগীয়া হয়।

অভিনেতা গৰাকীক নমাই গাড়ীখন উভতি অহাৰ সময়ত ট্ৰেফিক আৰক্ষীয়ে গাড়ীখন ৰখাই জব্দ কৰে কাৰণ গাড়ীখনত ক’লা আইনা লগোৱা আছিল।

আৰক্ষীয়ে কয় যে, ‘জম্মুত বাহনত ক’লা আইনা লগোৱা বা যিকোনো বাহনত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো অনুমোদিত নহয়।আমি SUV জব্দ কৰিছো কাৰণ আইন সকলোৰে বাবে একে’। অৱশ্যে এতিয়ালৈকে এই বিষয়ত অক্ষয় কুমাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে… পদপথৰ কুকুৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত অসন্তুষ্ট জাহ্নৱী-বৰুণ

‘জলী এল এল বি ৩’ ৰ মোচন পোষ্টাৰত দেখা গ’ল দুগৰাকী জলী… অক্ষয় কুমাৰ বনাম আৰ্ছাদ ৱাৰ্ছিৰ যুদ্ধ

‘জলী এল এল বি ৩’ ৰ মোচন পোষ্টাৰত দেখা গ’ল দুগৰাকী জলী

‘জলি এল এল বি ৩’ৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল যিটো এতিয়া শীঘ্ৰেই সম্পূৰ্ণ হ’বলৈ গৈ আছে । অক্ষয় কুমাৰ আৰু আৰ্ছাদ ৱাৰ্ছীক পুনৰ একেলগে দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে । মোচন পোষ্টাৰ শ্বেয়াৰ কৰি নিৰ্মাতাসকলেও এই কৌতুহল বৃদ্ধি কৰিছে । পোষ্টাৰত ছবিখনৰ আভাস দেখা পোৱা গৈছে । উল্লেখ্য যে এয়া ছবিখনৰ প্ৰথম ৰূপ । যিটো প্ৰথমবাৰৰ বাবে শ্বেয়াৰ কৰিছে নিৰ্মাতাসকলে ।

ষ্টাৰ ষ্টুডিঅ’ই ইনষ্টাগ্ৰামত মুকলি কৰিছে এখন মোচন পোষ্টাৰ, য’ত অক্ষয় কুমাৰ আৰু আৰ্ছাদ ৱাৰ্ছীয়ে ইজনে সিজনৰ লগত এখন দুৱাৰৰ ভিতৰত সোমাবলৈ কাজিয়া কৰি থকা দেখা গৈছে । পোষ্টাৰখনত অক্ষয়ক সামান্য আক্ৰমণাত্মক মোডত দেখা গৈছে, আনহাতে আৰ্ছাদে হাতত আইনী কাগজ এখন লৈ থকা দেখা গৈছে । পোষ্টটোৰ কেপচনত নিৰ্মাতাই লিখিছে, “১৭২২ নম্বৰৰ গোচৰৰ আবেদন গ্ৰহণ কৰা হৈছে ! অধিবক্তা জলী (অক্ষয় কুমাৰ) আৰু অধিবক্তা জলী (আৰ্ছাদ ৱাৰ্ছি) উপস্থিত হওক ! কাইলৈ মুক্তি পাব ‘জলী এল এল বি ৩’ ছবিখনৰ টিজাৰ ।”

ইয়াৰ পূৰ্বে জলী এল এল বি ৩ৰ নিৰ্মাতাই ছবিখনৰ ফাৰ্ষ্ট লুক ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, য’ত সৌৰভ শুক্লাই (জাজ সুন্দৰলাল ত্ৰিপাঠীৰ চৰিত্ৰত অভিনয় কৰা) জলী (অক্ষয় কুমাৰ আৰু আৰ্ছাদ ৱাৰ্ছী)ৰ সৈতে হাস্যৰসময়ী ধৰণেৰে নিজৰ সমস্যাৰ ভাগ-বতৰা কৰা দেখা গৈছিল ।

এই ছবিখনৰ পৰিচালনা সুভাষ কাপুৰৰ আৰু প্ৰযোজক আলোক জৈন আৰু অজিত আন্ধাৰেৰ । ইয়াৰ সহ-প্ৰযোজক নৰেন কুমাৰ আৰু ডিম্পল খাৰবান্দা । ১৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখনে ।

লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন

বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন… অক্ষয় কুমাৰৰ পৰা চাৰা আলী খানলৈকে সকলোৱে এনেদৰে উদযাপন কৰিলে ৰাখী

বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন

আজি ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে । বলীউডৰ চেলিব্ৰিটিসকলেও নিজৰ ভাতৃ-ভগ্নীৰ সৈতে ৰাখী বান্ধি এই উৎসৱ উদযাপন কৰিছে । কংগনা ৰানাৱত, ৰাকুল প্ৰীত সিং, পলক তিৱাৰীকে ধৰি বহু বলীউডৰ তাৰকাই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ৰাখী উদযাপনৰ ছবি শ্বেয়াৰ কৰিছে ।

ছাৰা আলী খান-

ভাতৃ ইব্ৰাহিম আলী খানৰ লগত ৰাখী বান্ধে ছাৰা আলী খানে । ইব্ৰাহিমে ইনষ্টাগ্ৰামত ৰাখী বন্ধনৰ ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে অভিনেতাগৰাকীয়ে কেপচনত লিখিছে- ‘প্ৰিয় ভগ্নী চাৰা আলী খান, মই প্ৰতিশ্ৰুতি দিছো যে মই এই জীৱনত তোমাৰ সদায় যত্ন লম, সদায় তোমাৰ কাষত থিয় দিম, সদায় সমৰ্থন কৰিম ।’

ইব্ৰাহিমে আৰু লিখিছে- ‘মই প্ৰতিশ্ৰুতি দিছো যে মই তোমাক মৰম, শক্তি আৰু মই দিব পৰা সকলোখিনি দিম ।’ চিৰদিন তোমাৰ সৰু ভাই । ৰাখীৰ শুভেচ্ছা থাকিল ।’

ছাৰাই ইব্ৰাহিমক ‘বেষ্ট ব্ৰাদাৰ’ বুলি অভিহিত কৰে

ছাৰাই এই পোষ্টটো ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছে- ‘পৃথিৱীৰ শ্ৰেষ্ঠ ভাতৃ, ইতিমধ্যে বহু দিশত মোৰ শক্তি তুমি জনাতকৈ বেছি ।’

বলীউড অভিনেতা অক্ষয় কুমাৰে ভগ্নী অলকাৰ সৈতে ৰাখী বন্ধনৰ ফটো শ্বেয়াৰ কৰিছে । এই কথা কৈ তেওঁ কেপচনত লিখিছে- ‘মোৰ চকু মুদ খাই আছে মই মোৰ মাক দেখা পাইছোঁ আৰু চকু মেলি তোমাৰ হাঁহি । লাভ ইউ আলকা । শুভ ৰাখী ।’

পলক তিৱাৰী-

পলক তিৱাৰীয়ে ইনষ্টাগ্ৰামত ৰাখী বন্ধনৰ কিছু ফটো শ্বেয়াৰ কৰিছে । ফটোত তেওঁ কণিষ্ঠ ভাতৃক ৰাখী বান্ধি থকা দেখা গৈছে । কিছুমান ফটোত ভাতৃৰ সৈতে প’জ দিয়াও দেখা গৈছে । পোষ্টটোৰ সৈতে কেপচনত লিখিছে- ‘মোৰ এঞ্জেললৈ ৰাখীৰ শুভেচ্ছা থাকিল । দিদিয়ে তোমাক সদায় ৰক্ষা কৰিব ।’

ৰাকুল প্ৰীত সিং-

ৰাকুল প্ৰীত সিঙে ভাতৃ অমন প্ৰীত সিঙক ৰাখী বান্ধি থকা ছবিও শ্বেয়াৰ কৰিছে । কমলা ৰঙৰ চুট আৰু সোণালী কাণফুলি পিন্ধা অভিনেত্ৰীগৰাকীক অতি ধুনীয়া দেখা গৈছে । ফটোৰ সৈতে কেপচনত তেওঁ লিখিছে – ‘চিৰদিনৰ বাবে স্থায়ী ভাই-ভনীৰ বন্ধন । আমি দুয়ো সদায় ইজনে সিজনক ৰক্ষা কৰো । মোৰ ভাইটিলৈ ৰক্ষাবন্ধনৰ শুভেচ্ছা জনালোঁ ।’

কংগনা ৰাণাৱত-

সাংসদ তথা বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটেও ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰাখী বন্ধন উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে । হালধীয়া ৰঙৰ শাৰী পিন্ধা অভিনেত্ৰীগৰাকীক অতি আকৰ্ষণীয় দেখা গৈছে । ছবিবোৰত কেতিয়াবা ভাতৃক ৰাখী বান্ধি থকা দেখা গৈছে আৰু কেতিয়াবা ভায়েকক আশীৰ্বাদ দিয়া দেখা গৈছে । কেপচনত কংগনাই লিখিছে – ‘সকলো ভাই-ভনীলৈ মোৰ মৰম আৰু আশীৰ্বাদ ।’

প্ৰতি বছৰৰ দৰে এইবাৰো ভূমি পেডনেকাৰে ভগ্নী সমীক্ষা পেডনেকাৰক ৰাখী বান্ধিছে । ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে- ‘প্ৰেমেৰে আগুৰি থকা, সুৰক্ষাবন্ধনৰ শুভেচ্ছা ।’

লগতে পঢ়ক : ৰাখী বন্ধনৰ দিনটোত সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আৱেগভৰা পোষ্ট ; ছলমানৰ খানৰ বাবে ভগ্নীৰ বিশেষ বাৰ্তা

কোনে সমাধান কৰিলে ‘হেৰা ফেৰী ৩’ৰ বিতৰ্ক ? অক্ষয় কুমাৰক লৈ ডাঙৰ মন্তব্য কৰিলে প্ৰযোজকে

কোনে সমাধান কৰিলে ‘হেৰা ফেৰী ৩’ৰ বিতৰ্ক

বলীউডৰ অন্যতম প্ৰিয় কমেডী ছিৰিজ ‘হেৰা ফেৰী’ পুনৰ এবাৰ শিৰোনামত আছে । ‘হেৰা ফেৰী ৩’ৰ শ্বুটিং শীঘ্ৰে আৰম্ভ হ’ব বুলি নিশ্চিত হোৱাৰ লগে লগে অনুৰাগীসকল আনন্দিত হৈ পৰিছে । এই ছবিত পুনৰ এবাৰ অভিনেতা অক্ষয় কুমাৰ, পৰেশ ৰাৱাল আৰু সুনীল শেট্টীৰ শক্তিশালী সংমিশ্ৰণ দেখিবলৈ পাব অনুৰাগীয়ে । যদিও কিছুদিনৰ আগলৈকে ছবিখনৰ নিৰ্মাণক লৈ অনিশ্চয়তা আছিল, কিন্তু এতিয়া কথাবোৰ পুনৰ ধনাত্মকভাৱে আগবাঢ়িছে । কিন্তু ছবিখনৰ সন্দৰ্ভত চলি থকা বিতৰ্ক কোনে সমাধান কৰিলে, বিষয়টো কেনেকৈ সমাধান হ’ল ?

প্ৰযোজক ফিৰোজে দিলে ভাল খবৰ-

২০২৫ চনৰ মে’ মাহত পৰেশ ৰাৱাল হেৰা ফেৰী ৩ৰ পৰা বাহিৰ হোৱাৰ খবৰে অনুৰাগীক আচৰিত কৰি তুলিছিল । ইয়াৰ আঁৰত মাচুলৰ বিবাদ আৰু পাৰস্পৰিক বিবাদৰ জল্পনা-কল্পনা চলিছিল । কিন্তু এতিয়া ইয়াৰ অন্ত পৰিল । প্ৰযোজক ফিৰোজ নাদিয়াডৱালাই নিজেই এই বিষয়ত কথা পাতি গোটেই দলটো কেনেকৈ পুনৰ একত্ৰিত হ’ল সেই কথা ক’লে । পিংকভিলাৰ প্ৰতিবেদন অনুসৰি এই বিষয়টো সমাধানৰ ক্ষেত্ৰত সাজিদ নাদিয়াদৱালা আৰু আহমেদ খানে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

‘অক্ষয় কুমাৰে বিষয়টো সমাধান কৰিলে’

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ফিৰোজে কয় যে এই বিবাদ নিষ্পত্তি কৰাত সাজিদ নাদিয়াদৱালা আৰু আহমেদ খানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । পৰেশ ৰাৱাল আৰু দলটোৰ মাজত হোৱা ভুল বুজাবুজি দূৰ কৰিবলৈ দুয়োজনে ব্যক্তিগতভাৱে সময় আৰু শক্তি প্ৰয়োগ কৰে । তেওঁ কয় যে সাজিদ আৰু আহমেদৰ প্ৰচেষ্টাতহে সেয়া সম্ভৱ হৈছে । কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে এই সমগ্ৰ প্ৰক্ৰিয়াত অক্ষয় কুমাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ফিৰোজে কয় যে পৰেশ ৰাৱালৰ সৈতে থকা পুৰণি সম্পৰ্ক মনত ৰাখি অক্ষয়ে পৰম শ্ৰদ্ধা আৰু মৰমেৰে সমস্যা সমাধান কৰিছিল । তেওঁ বিচাৰিছিল যে এই ছবিখনো প্ৰথম দুখন ছবিৰ দৰেই উৎসাহেৰে নিৰ্মাণ কৰা হওক । অৰ্থাৎ অক্ষয় কুমাৰে নিজাববীয়াকৈ বহু কষ্ট কৰি এই বিষয়টো সমাধান কৰিলে বুলি ক’লে ইয়াত একো ভুল নাথাকিব ।

প্ৰিয়দৰ্শনে পৰিচালনা কৰিব ছবিখন-

প্ৰযোজকগৰাকীয়ে কয় যে পৰেশ ৰাৱালে ইতিবাচক মনোভাৱ দেখুৱাই দলত যোগদান কৰাৰ সিদ্ধান্ত লয় । এতিয়া প্ৰিয়দৰ্শনে আকৌ এবাৰ পৰিচালকৰ দায়িত্ব ল’বলৈ ওলাইছে আৰু ‘বাবু ভাইয়া’ পুনৰ ঘূৰি আহিছে ।  সেয়েহে হেৰা ফেৰী ৩য়ে আন এক কমেডীৰ বিস্ফোৰণ কৰিবলৈ সাজু হৈছে । কেৱল অনুৰাগীয়েই নহয় অভিনেতাসকলেও ছবিখনক লৈ উৎসাহিত হৈ পৰিছে । দলটোৰ বিশ্বাস যে এতিয়া সকলো পুৰণি বন্ধু একেলগে থকাৰ বাবে ছবিখনে আকৌ এবাৰ সেই একেটা যাদুৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে হেৰা ফেৰী পৰিচিত ।

লগতে পঢ়ক : দিলজিৎ দোছাঞ্জক ‘ভুৱা গায়ক’ৰ আখ্যা মিকা সিঙৰ; সামাজিক মাধ্যমত আক্ৰমণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে চালে ‘স্কাই ফৰ্চ’…অক্ষয় কুমাৰৰ সৈতে শ্বেয়াৰ কৰিলে ফটো

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি ‘স্কাই ফৰ্চ’ (Sky Force)ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে । এই স্ক্ৰীনিঙৰ কিছু ছবি তেওঁ নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চালে ‘স্কাই ফৰ্চ’।

মঙলবাৰে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি স্কাই ফৰ্চৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁৰ লগতে চি ডি এছ জেনেৰেল অনিল চৌহানকে ধৰি অন্যান্য বিষয়াসকলো ছবিখনৰ এই প্ৰদৰ্শনত উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে ছবিখনৰ তাৰকা অভিনেতাৰ ছবিও তেওঁৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰে ।

২৪ জানুৱাৰীত মুক্তি পাব ছবিখনে-

ছবিখনৰ পৰিচালক অভিষেক অনিল কাপুৰ আৰু সন্দীপ কেৱলানী । ১৯৬৫ চনৰ ভাৰত-পাকিস্তান বিমান যুদ্ধৰ সময়ত পাকিস্তানৰ চাৰগোধা এয়াৰবেছত ভাৰতে কৰা প্রত্যাক্রমণৰ কাহিনীৰে নিৰ্মিত হৈছে স্কাই ফৰ্চ । অহা ২৪ জানুৱাৰীত ছবিগৃহত মুক্তি পাব স্কাই ফৰ্চ ছবিখনে । ছবিখনত নিমৰাট কৌৰ আৰু চাৰা আলী খানকো দেখা যাব ।