আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস; জানক এই দিনটোৰ ইতিহাস আৰু গুৰুত্ব

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস প্ৰতি বছৰে ভাৰতত ১ জুলাই তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (National Doctor’s Day) পালন কৰা হয় । মানৱ জীৱন ৰক্ষা, ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া আৰু এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগোৱা দেশৰ সকলো চিকিৎসকৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

প্ৰতি বছৰে ভাৰতত ১ জুলাই তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (National Doctor’s Day) পালন কৰা হয় । মানৱ জীৱন ৰক্ষা, ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া আৰু এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগোৱা দেশৰ সকলো চিকিৎসকৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত চিকিৎসকৰ ভূমিকা কেৱল এজন ৰোগীৰ চিকিৎসাত সীমাবদ্ধ নহয় । বৰঞ্চ ডাক্তৰসকলে সমাজত সজাগতা অনাৰ কাম কৰে আৰু পুৰণি কুৰীতি ভাঙি নতুন দৃষ্টিভংগী বিয়পোৱাৰ কাম কৰে ।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত ভাৰতৰ বিভিন্ন অঞ্চলত চিকিৎসকসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বহু ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । জানক এই দিৱসৰ ইতিহাস আৰু গুৰুত্ব ।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ ইতিহাস-

১৯৯১ চনৰ পৰা ভাৰতত আৰম্ভ হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস । পশ্চিম বংগৰ এগৰাকী বিখ্যাত চিকিৎসক তথা মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত এই দিৱস পালন কৰা হয় । ডাঃ বি চি ৰয়ৰ জন্ম ১৮৮২ চনৰ ১ জুলাইত হৈছিল আৰু ১৯৬২ চনৰ ১ জুলাইত তেওঁৰ মৃত্যু হয় । ডাঃ বি চি ৰয় কেৱল এজন বিখ্যাত চিকিৎসকই নাছিল, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো তেওঁৰ বৰঙণি আগবঢ়াইছিল ।

ডাঃ বি চি ৰয় ভাৰতীয় চিকিৎসা পৰিষদ আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন (আই এম এ)ৰ প্ৰতিষ্ঠাপক সদস্যও আছিল । ভাৰতত আধুনিক চিকিৎসা শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । প্ৰতি বছৰে ১ জুলাইত এই দিৱস পালন কৰি ডাঃ বি চি ৰয়ৰ সামাজিক কামক সন্মান জনোৱাৰ লগতে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ১৯৯১ চনৰ পৰা প্ৰতি বছৰে এই দিৱসটো বিশেষ বিষয়বস্তুৰে পালন কৰি অহা হৈছে ।

২০২৫ বৰ্ষৰ বিষয়বস্তু-

ভাৰতীয় চিকিৎসা সংস্থাই প্ৰতি বছৰে এক বিশেষ বিষয়বস্তুৰে চিকিৎসক দিৱস পালন কৰে । বছৰটোৰ চিকিৎসাজনিত প্ৰত্যাহ্বানৰ ওপৰত ভিত্তি কৰি এই বিষয়বস্তুৰ সিদ্ধান্ত লোৱা হয় । এইবাৰৰ বিষয়স্তু “বিহাইণ্ড দ্য মাস্ক: হু হিলছ দ্য হিলাৰ” । এই বিষয়বস্তুৰ লক্ষ্য এতিয়া চিকিৎসকৰ মানসিক স্বাস্থ্যৰ প্ৰতি মানুহক সজাগ কৰা ।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কিয় পালন কৰা হয়-

-ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালনৰ উদ্দেশ্য কেৱল চিকিৎসকৰ দ্বাৰা ৰোগীৰ চিকিৎসাৰ বাবেই উৎসৰ্গা কৰা নহয় । এই দিনটোৱে কয় যে চিকিৎসক কেৱল এই ৰোগৰ চিকিৎসাই নহয়, তেওঁলোক এজন ৰোগীৰ আশা ।

-স্বাস্থ্য আৰু চিকিৎসা সেৱাৰ গুৰুত্ব সম্পৰ্কে সাধাৰণ জনতাক সজাগ কৰাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস এক বিশেষ সুযোগ । এই বিশেষ দিনটোৱে চিকিৎসকসকলক সোঁৱৰাই দিয়ে যে তেওঁলোকে কেৱল ব্যৱসায় কৰাই নহয়, এটা সেৱাহে কৰিছে, যিটো নৈতিক কামৰ সৈতে জড়িত । ৰাষ্ট্ৰীয় চিকিৎসক দিৱসে যুৱক-যুৱতীসকলক চিকিৎসক আৰু অন্যান্য চিকিৎসা ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰে ।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ গুৰুত্ব-

ভাৰতৰ দৰে বৈচিত্ৰময় দেশত স্বাস্থ্যসেৱা আৰু চিকিৎসা এতিয়াও এক প্ৰত্যাহ্বানমূলক বিষয় । বিশেষকৈ গ্ৰাম্য অঞ্চলত, য’ত আজিও মানুহে চিকিৎসাৰ সুবিধাতকৈ অন্ধবিশ্বাস আৰু ঘৰুৱা উপায়হে বেছি পছন্দ কৰে । ৰাষ্ট্ৰীয় চিকিৎসক দিৱসে আমাক সোঁৱৰাই দিয়ে যে বগা কোট পিন্ধা চিকিৎসকে কেৱল ৰোগীৰ চিকিৎসা কৰাই নহয় সমাজলৈও ডাঙৰ অৱদান আগবঢ়াই । কৰ’না  মহামাৰীয়ে স্পষ্ট কৰি দিলে যে চিকিৎসকসকল সঁচা অৰ্থত ফ্ৰণ্টলাইন যোদ্ধা । কৰ’না মহামাৰীৰ সময়ত চিকিৎসকে সংক্ৰমিত ৰোগীক তেওঁলোকৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ চিকিৎসা কৰাই নহয়, পৰিয়ালৰ সদস্যসকল ৰোগীৰ লগত নথকা সময়ত তেওঁলোকৰ হাতত ধৰি জীয়াই থকাৰ সাহসো দিছিল ।

এই দিনটোৱে আমাক জনায় যে এজন ব্যক্তিৰ কোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰাটো কেৱল ঔষধ আৰু চিকিৎসাৰ ওপৰত নিৰ্ভৰ নকৰে বৰঞ্চ ৰোগী আৰু চিকিৎসকৰ মাজত থকা আস্থাৰ ওপৰতো নিৰ্ভৰ কৰে । এই আস্থাক অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস এক মাধ্যম ।

লগতে পঢ়ক : দাঁতৰ বিষত ভুগিছে নেকি ? ঘৰুৱা উপায়ে কৰিব সহায়