যৌতুকত পাৰ্টিৰ টিকট, ৫০ লাখ নগদ ধন আৰু এটা ফ্লেট…;  মায়াৱতীৰ ভতিজীয়ে স্বামীৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

বহুজন সমাজ পাৰ্টিৰ চুপ্ৰেমো মায়াৱতীৰ ভতিজীয়ে উত্তৰ প্ৰদেশৰ হাপুৰত যৌতুকৰ বাবে হাৰাশাস্তি, ঘৰুৱা হিংসা আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি শহুৰেকৰ পৰিয়ালৰ ৭জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অভিযোগ যে বিবাহৰ পিছৰে পৰা শহুৰেকে যৌতুকত পাৰ্টিৰ টিকট দাবী কৰিছিল। লগতে তেওঁ নগদ ৫০ লাখ

বহুজন সমাজ পাৰ্টিৰ চুপ্ৰেমো মায়াৱতীৰ ভতিজীয়ে উত্তৰ প্ৰদেশৰ হাপুৰত যৌতুকৰ বাবে হাৰাশাস্তি, ঘৰুৱা হিংসা আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি শহুৰেকৰ পৰিয়ালৰ ৭জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ যে বিবাহৰ পিছৰে পৰা শহুৰেকে যৌতুকত পাৰ্টিৰ টিকট দাবী কৰিছিল। লগতে তেওঁ নগদ ৫০ লাখ টকা আৰু গাজিয়াবাদত এটা ফ্লেটো দাবী কৰিছিল। আদালতৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

২০২৩ চনৰ ৯ নৱেম্বৰত হাপুৰ পৌৰ পৰিষদৰ অধ্যক্ষ পুষ্পা দেৱীৰ পুত্ৰ বিশাল সিঙৰ সৈতে বি এছ পি মুৰব্বী মায়াৱতীৰ ভতিজীৰ বিবাহ হয়।

অভিযোগকাৰীৰ অধিবক্তা ৰাজীৱ শৰ্মাই কয় যে ‘বিবাহৰ পিছৰে পৰা অভিযুক্ত পৰিয়ালে নিজৰ ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি দলৰ টিকট, নগদ ৫০ লাখ টকা আৰু ফ্লেট দাবী কৰিছিল।

এফআইআৰত লিপিবদ্ধ হোৱা বিবৃতি অনুসৰি, ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত শহুৰেক আৰু ভায়েকে তাইক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

অধিবক্তাগৰাকীয়ে কয় যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতো প্ৰথম অৱস্থাত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে ভুক্তভোগীয়ে আদালতৰ কাষ চাপিছিল।আৰু আদালতৰ নিৰ্দেশৰ পিছতেই যোৱা ১০ এপ্ৰিলত হাপুৰ নগৰ কোটৱালিত এফআইআৰ দাখিল কৰা হৈছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ স্বামীয়ে শৰীৰ গঠনৰ বাবে ষ্টেৰইড ব্যৱহাৰ কৰে, যাৰ বাবে তেওঁ শাৰীৰিকভাৱে বিবাহিত জীৱনৰ বাবে অযোগ্য হৈ পৰিছে।

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, শাহুৱেক আৰু ভনীয়েকে তেওঁৰ ভায়েক ভূপেন্দ্ৰ ওৰফে মনুৰ ফালৰ পৰা সন্তান জন্ম দিবলৈ কয়।

এই অমানৱীয় আৰু অপমানজনক পৰামৰ্শৰ পিছতে ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীৰ নিশা ভুক্তভোগীৰ সৈতে শহুৰেক আৰু ভায়েকে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

এই ঘটনাৰ পিছতে হাপুৰ পৌৰ পৰিষদৰ অধ্যক্ষ পুষ্পা দেৱী, তেওঁৰ স্বামী শ্ৰীপাল সিং আৰু পুত্ৰ বিশাল সিঙক দল বিৰোধী কাৰ্যকলাপ আৰু অনুশাসনহীনতাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰিছে বিএছপিয়ে।