‘কংগ্ৰেছে কেতিয়াও সন্মান প্ৰদান কৰা নাছিল’; কাংশীৰামক লৈ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মায়াৱতীৰ

সাংসদ ৰাহুল গান্ধীৰ এটা মন্তব্যৰ পিছতেই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে। তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে।

কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ আক্ৰমণ বিএছপিৰ অধ্যক্ষা মায়াৱতীৰ। তাৰ কাৰণটো হৈছে কাংশী ৰাম।দৰাচলতে শুকুৰবাৰে কংগ্ৰেছ দলে লক্ষ্ণৌত কাংশীৰামৰ জন্ম বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰে।

সেই সময়ত ৰাহুল গান্ধীয়ে বিএছপিৰ প্ৰতিষ্ঠাপক গৰাকীৰ সন্দৰ্ভত বক্তব্য দি কয় যে, যদি জৱাহৰলাল নেহৰু জীয়াই থাকিলে হয়, তেতিয়া কংশীৰাম কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’লহেঁতেন।কেৱল সেয়াই নহয়, তেওঁৰ বাবে ভাৰতৰত্নৰ দাবীও উত্থাপন হৈছিল। ৰাহুল গান্ধীৰ এইৰ মন্তব্যৰ পিছতেই এতিয়া মায়াৱতীয়ে তেওঁক তীক্ষ্ণ সমালোচনা কৰিছে।

মায়াৱতীয়ে অভিযোগ কৰে যে কংগ্ৰেছে বছৰ বছৰ ধৰি ক্ষমতাত থাকিও বাবাছাহেবক কেতিয়াও সন্মান প্ৰদান কৰা নাছিল। না কংগ্ৰেছে কেতিয়াও তেওঁক ‘ভাৰত ৰত্ন’ উপাধিৰে সন্মানিত কৰিছিল। এতিয়া কংগ্ৰেছে কাংশীৰাম জীক এই উপাধিৰে কেনেকৈ সন্মানিত কৰিব? মায়াৱতীয়ে অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত কাংশী ৰামজীৰ মৃত্যুত এটা দিনো ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা নাছিল।

মায়াৱতীয়ে উল্লেখ কৰে যে এই দল সমূহে বিভিন্ন কৌশলৰ আশ্ৰয় লৈ কাংশীৰামজীয়ে প্ৰতিষ্ঠা কৰা বিএছপি দলটোক দুৰ্বল কৰাৰ কামত অহৰহ ব্যস্ত হৈ আছে। ইয়াৰ লগতে সমৰ্থকসকলক এই লোকসকলৰ পৰা সাৱধান হ’বলৈ সকীয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ বিৰুদ্ধে বিএছপি সমৰ্থকসকলে বিশেষভাৱে সজাগ হোৱাটো প্ৰয়োজন। তেওঁলোকৰ দলিত বিৰোধী চিন্তাধাৰা আৰু মানসিকতাৰ বাবেই বিএছপি প্ৰতিষ্ঠা হৈছিল।

লগতে পঢ়ক: দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক; আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা

“একলা চলো” নীতিৰে উত্তৰ প্ৰদেশ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বি এছ পি; মায়াৱতীৰ ডাঙৰ ঘোষণা

বিএছপি দলৰ অধ্যক্ষ মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে। আগন্তুক নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে বিএছপিয়ে।

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মায়াৱতীৰ দলীয় বিএছপিয়ে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আছে। ব্ৰাহ্মণ, মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ ভোট বেংকক হাতত ৰাখিছে আৰু তাৰ মাজতে বিএছপিৰ অধ্যক্ষ মায়াৱতীয়ে ডাঙৰ ঘোষণা কৰিছে।

মায়াৱতীয়ে স্পষ্টকৈ কয় যে বি এছ পিয়ে অকলেই উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজিব। আন কোনো দলৰ সৈতে বিএছপিৰ মিত্ৰতা নকৰে।

মায়াৱতীয়ে কয় যে, বিএছপিৰ লোকসকলে ভালকৈ জানে যে, কংগ্ৰেছ, এছ পি, বিজেপিৰ দৰে এই দলবোৰৰ চিন্তা সংকীৰ্ণ আৰু বাবাছাহেব ড° ভীমৰাও আম্বেদকাৰৰ বিৰোধী।

তেওঁলোকৰ আম্বেদকাৰিত বিএছপিৰ সৈতে মিত্ৰতা কৰাৰ নীতি কেৱল তেওঁলোকৰ ভোটৰ ৰাজনৈতিক আৰু নিৰ্বাচনী স্বাৰ্থৰ বাবে।

তেওঁলোকৰ সৈতে মিত্ৰতা কৰিলে বিএছপি কেৱল লোকচানৰ সন্মুখীন হ’ব, কেতিয়াও লাভ নহয়। সেইবাবেই বিএছপিৰ সদস্য সকলে ২০২৭ চনৰ অভিযানত অকলেই নিয়োজিত হৈ আছে।

বিএছপিৰ অধ্যক্ষ মায়াৱতীয়ে কয়, ‘বিৰোধী দলসমূহে বিএছপিৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কুৎসিত ষড়যন্ত্ৰ ৰচনা কৰি থাকে।

সকলো ৰাইজৰ প্ৰতি মোৰ আহ্বান যে এনে ভিত্তিহীন আৰু মনে সজা কথাবোৰত কোনো ধৰণৰ গুৰুত্ব নিদিব। তেওঁলোকে হাতীৰ দৰে খোজ কাঢ়ি যাব লাগে আৰু ২০০৭ চনৰ দৰে এই নিৰ্বাচনত অকলে যুঁজি পুনৰ বিএছপিৰ নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে নিজৰ চৰকাৰ গঠন কৰিব লাগে।

লগতে পঢ়ক: ঘোষণা হ’ল ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন; অসমৰ ৩ খন আসনক লৈও হ’ব নিৰ্বাচন

যৌতুকত পাৰ্টিৰ টিকট, ৫০ লাখ নগদ ধন আৰু এটা ফ্লেট…;  মায়াৱতীৰ ভতিজীয়ে স্বামীৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

বহুজন সমাজ পাৰ্টিৰ চুপ্ৰেমো মায়াৱতীৰ ভতিজীয়ে উত্তৰ প্ৰদেশৰ হাপুৰত যৌতুকৰ বাবে হাৰাশাস্তি, ঘৰুৱা হিংসা আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি শহুৰেকৰ পৰিয়ালৰ ৭জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ যে বিবাহৰ পিছৰে পৰা শহুৰেকে যৌতুকত পাৰ্টিৰ টিকট দাবী কৰিছিল। লগতে তেওঁ নগদ ৫০ লাখ টকা আৰু গাজিয়াবাদত এটা ফ্লেটো দাবী কৰিছিল। আদালতৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

২০২৩ চনৰ ৯ নৱেম্বৰত হাপুৰ পৌৰ পৰিষদৰ অধ্যক্ষ পুষ্পা দেৱীৰ পুত্ৰ বিশাল সিঙৰ সৈতে বি এছ পি মুৰব্বী মায়াৱতীৰ ভতিজীৰ বিবাহ হয়।

অভিযোগকাৰীৰ অধিবক্তা ৰাজীৱ শৰ্মাই কয় যে ‘বিবাহৰ পিছৰে পৰা অভিযুক্ত পৰিয়ালে নিজৰ ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি দলৰ টিকট, নগদ ৫০ লাখ টকা আৰু ফ্লেট দাবী কৰিছিল।

এফআইআৰত লিপিবদ্ধ হোৱা বিবৃতি অনুসৰি, ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত শহুৰেক আৰু ভায়েকে তাইক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

অধিবক্তাগৰাকীয়ে কয় যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতো প্ৰথম অৱস্থাত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে ভুক্তভোগীয়ে আদালতৰ কাষ চাপিছিল।আৰু আদালতৰ নিৰ্দেশৰ পিছতেই যোৱা ১০ এপ্ৰিলত হাপুৰ নগৰ কোটৱালিত এফআইআৰ দাখিল কৰা হৈছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ স্বামীয়ে শৰীৰ গঠনৰ বাবে ষ্টেৰইড ব্যৱহাৰ কৰে, যাৰ বাবে তেওঁ শাৰীৰিকভাৱে বিবাহিত জীৱনৰ বাবে অযোগ্য হৈ পৰিছে।

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, শাহুৱেক আৰু ভনীয়েকে তেওঁৰ ভায়েক ভূপেন্দ্ৰ ওৰফে মনুৰ ফালৰ পৰা সন্তান জন্ম দিবলৈ কয়।

এই অমানৱীয় আৰু অপমানজনক পৰামৰ্শৰ পিছতে ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীৰ নিশা ভুক্তভোগীৰ সৈতে শহুৰেক আৰু ভায়েকে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

এই ঘটনাৰ পিছতে হাপুৰ পৌৰ পৰিষদৰ অধ্যক্ষ পুষ্পা দেৱী, তেওঁৰ স্বামী শ্ৰীপাল সিং আৰু পুত্ৰ বিশাল সিঙক দল বিৰোধী কাৰ্যকলাপ আৰু অনুশাসনহীনতাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰিছে বিএছপিয়ে।

“যেতিয়ালৈকে মই জীয়াই আছো, উত্তৰাধিকাৰীৰ নাম প্ৰকাশ নকৰো…” আকাশক অপসাৰণৰ পিছত মায়াৱতীৰ বিস্ফোৰক মন্তব্য

বহুজন সমাজ পাৰ্টিৰ (বিএছপি) মুৰব্বী মায়াৱতীয়ে দেওবাৰে তেওঁৰ ভতিজা আকাশ আনন্দক সকলো দলৰ পদৰ পৰা আঁতৰাই দিছিল।

মায়াৱতীয়ে স্পষ্ট কৰি দিছিল যে যেতিয়ালৈকে তেওঁ জীয়াই আছে তেতিয়ালৈকে কোনো উত্তৰাধিকাৰীৰ নাম ঘোষণা নকৰে। মায়াৱতীয়ে  কৈছিল যে দলটো সৰ্বাধিক, সম্পৰ্ক পিছত আহে।

তেওঁলোকে আকাশ আনন্দক অপসাৰণ কৰাৰ বাবে তেওঁলোকৰ শহুৰেক অশোক সিদ্ধাৰ্থক দোষাৰোপ কৰিছিল, যাক যোৱা মাহত দল বিৰোধী কাৰ্যকলাপৰ বাবে বিএছপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

বিএছপিৰ শীৰ্ষ নেতাসকলৰ এখন বৈঠকত মায়াৱতীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰে।তেওঁ নিজৰ ভাতৃ আনন্দ কুমাৰ আৰু ৰামজী গৌতমক ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্ত কৰে, যি সমগ্ৰ দেশতে দলটোৰ কাৰ্যকলাপৰ তদাৰক কৰিব।

মায়াৱতীয়ে কৈছিল যে আনন্দ কুমাৰে সদায় আনুগত্যৰে দলটোৰ হৈ কাম কৰি আহিছে।তেওঁ কৈছিল যে আনন্দ কুমাৰে বিএছপিৰ হৈ কাম কৰিবলৈ তেওঁৰ চৰকাৰী চাকৰি এৰিছিল।

যেতিয়া দলটোৰ প্ৰতিষ্ঠাপক কাঞ্চীৰাম অসুস্থ আছিল তেতিয়াও তেওঁ সেৱা আগবঢ়াইছিল।তেওঁ এইটোও উল্লেখ কৰিছিল যে তেওঁৰ ভাতৃয়ে তেওঁৰ সন্তানক ৰাজনৈতিক পৰিয়ালত বিয়া নকৰাৰ সিদ্ধান্ত লৈছে যাতে কোনো দলৰ ক্ষতি নহয়।

বহুজন সমাজ পাৰ্টিৰ উত্তৰাধিকাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মায়াৱতীৰ; জাৰী কৰিছে কেইবাটাও নিৰ্দেশনা

বহুজন সমাজ পাৰ্টিৰ (বিএছপি)নেত্ৰী মায়াৱতীয়ে শনিবাৰে তেওঁৰ উত্তৰাধিকাৰী সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰিছে।লগতে তেওঁ কেইবাটাও নিৰ্দেশনা জাৰী কৰিছিল।

মায়াৱতীয়ে সামাজিক মাধ্যমত লিখিছিল যে বিএছপি(BSP)ত স্বাৰ্থ আৰু সম্পৰ্ক গুৰুত্বহীন। বহুজনৰ কল্যাণ সৰ্বাধিক।

ইয়াৰ লগতে মায়াৱতীয়ে লিখিছিল, ‘এই সন্দৰ্ভত শ্ৰদ্ধেয় শ্ৰী কাঞ্চীৰামজীৰ শিষ্য আৰু উত্তৰাধিকাৰী হিচাপে মই মোৰ শেষ নিশ্বাসলৈকে প্ৰতিটো ত্যাগ কৰি সংগ্ৰাম অব্যাহত ৰাখিম, যাতে বহুজন সমাজৰ লোকসকল ৰাজনৈতিক দাসত্ব আৰু সামাজিক অসহায়তাৰ পৰা মুক্ত হ’ব পাৰে আৰু নিজৰ ভৰিত থিয় দিব পাৰে।’

মায়াৱতীয়ে আৰু কৈছিলযে , “কাঞ্চীৰামৰ দৰে, মোৰ জীৱনকালত দল আৰু আন্দোলনৰ যিকোনো প্ৰকৃত উত্তৰাধিকাৰী কেৱল এজন হ’ব যি তেওঁৰ শিষ্যৰ দৰে শেষ নিশ্বাসলৈকে কাঞ্চীৰামৰ সৈতে থাকে”,আৰু দল আৰু আন্দোলন প্ৰতিটো কষ্ট অতিক্ৰম কৰিবলৈ আৰু সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইয়াক আগুৱাই নিয়াৰ বাবে অক্লান্তভাৱে সমৰ্পিত।

মায়াৱতীয়ে কয় যে সমগ্ৰ দেশৰ বিএছপিৰ সকলো ক্ষুদ্ৰ ,ডাঙৰ কাৰ্য্যালয় আৰু কৰ্মীয়ে দলৰ নেতাৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্দেশনা, প্ৰতিষ্ঠিত অনুশাসন আৰু দায়িত্বৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে কাম কৰি থাকিব লাগিব।

মন কৰিবলগীয়া যে মায়াৱতীৰ ভতিজা আকাশ আনন্দ বৰ্তমান মায়াৱতীৰ উত্তৰাধিকাৰী। মায়াৱতীয়ে প্ৰথমে ২০২৩ চনৰ ডিচেম্বৰত আকাশক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিছিল।

লোকসভা নিৰ্বাচনৰ সময়ত মায়াৱতীয়ে আকাশ আনন্দক অপৰিপক্ক বুলি অভিহিত কৰি তেওঁক উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিবলৈ অস্বীকাৰ কৰে।

ইয়াৰ মাত্ৰ ৪৭ দিনৰ পিছত, ২০২৪ চনৰ জুন মাহত মায়াৱতীয়ে আকাশ আনন্দক পুনৰ বিএছপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত তেওঁক উত্তৰাধিকাৰী হিচাপে নিযুক্ত কৰে। আকাশ আনন্দেও পেহীয়েক মায়াৱতীৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লৈছিল।

১৫ ফেব্ৰুৱাৰীত মায়াৱতীয়ে আকাশ আনন্দৰ শহুৰেক অশোক সিদ্ধাৰ্থক দলৰ পৰা বহিষ্কাৰ কৰে। এনে সময়ত মায়াৱতীৰ এই পোষ্টটোৰ বহুটো কাৰণ লোৱা হৈছে৷

উচ্চতম ন্যায়ালয়ে মায়াৱতীক দিলে ডাঙৰ সকাহ; ১৫ বছৰৰ পিছত বন্ধ হ’ল হাই-প্ৰফাইল কেছ

বহুজন সমাজ পাৰ্টিৰ (বিএছপি) মুৰব্বী মায়াৱতীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা এটা ডাঙৰ সকাহ লাভ কৰিছে।মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত চৰকাৰী কোষাগাৰৰ পৰা কোটি কোটি টকা নিজে খৰচ কৰা আৰু তেওঁলোকৰ দলৰ প্ৰতীক হাতীৰ মূৰ্তি পাৰ্কসমূহত নিৰ্মাণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা দাখিল কৰা পিআইএলখন ১৫ জানুৱাৰীত নিষ্পত্তি কৰা হৈছে।

তথ্য অনুসৰি, আদালতে ১৫ বছৰ পূৰ্বে দাখিল কৰা আৱেদনক পুৰণি গোচৰ হিচাপে বিবেচনা কৰি শুনানি বন্ধ কৰি দিছে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰবি কান্তে ২০০৯ চনত এখন আবেদন দাখিল কৰি দাবী কৰিছিল যে জনতাৰ যিমান ধন  অপব্যৱহাৰ কৰিছিল, সেই সমূহ বহুজন সমাজ পাৰ্টিৰ পৰা উলিয়াই আনিব লাগে।

সেয়েহে, উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক বিএছপিৰ নিৰ্বাচনী প্ৰতীক জব্দ কৰিবলৈ নিৰ্দেশ দিয়া উচিত। অৱশ্যে, আদালতে আবেদনকাৰীৰ সেই দাবী গ্ৰহণ কৰা নাছিল।

মায়াৱতী ৬৯ তম জন্মদিন উদযাপনৰ দিনটোতেই ন্যায়ালয়ে ৰায়দান দিছিল। ন্যায়ালয়ৰ এি সিদ্ধান্তত বিএছপি কৰ্মীসকলও যথেষ্ট আনন্দিত হৈছে।

২০০৯ চনত, মায়াৱতীয়ে লক্ষ্ণৌ আৰু নয়ডাৰ উদ্যানসমূহত, কাঞ্চী ৰাম আৰু হাতীৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ কৰদাতাৰ ধন ব্যৱহাৰ কৰিছিল। মায়াৱতী ২০০৭ ৰ পৰা ২০১২ চনৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।

আবেদনখনত দাবী কৰা হৈছিল যে ৫২.২০ কোটি টকা ব্যয়েৰে ৬০ টা হাতীৰ মূৰ্তি স্থাপন কৰাটো চৰকাৰী ধনৰ অপচয় আৰু নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৰ বিপৰীত আছিল।

মায়াৱতীয়ে সেই সময়ত দাবী কৰিছিল যে স্মাৰকসমূহত থকা হাতীৰ মূৰ্তিবোৰ “কেৱল স্থাপত্যৰচনা” আছিল আৰু তেওঁ তেওঁৰ দলৰ প্ৰতীকৰ প্ৰতিনিধি নাছিল। তেওঁ কৈছিল যে মূৰ্তিবোৰৰ বাবে সঠিক বাজেট আৱণ্টন কৰা হৈছিল।

প্ৰাক্তন চাৰিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্মাৰকসমূহ নিৰ্মাণ কৰা হৈছিল যাতে মানুহে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লয় আৰু ই জনসাধাৰণৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰে।