২০২৩ৰ পৰা আই চি চি প্ৰতিযোগিতাত ভাৰতৰ আধিপত্য

২০২৩ৰ পৰা আই চি চি প্ৰতিযোগিতাত ভাৰতৰ আধিপত্য, ২৪খন খেলৰ ২৩খনত জয়লাভ…দুটাকৈ খিতাপ দখল

ৰোহিত শৰ্মাৰ নেতৃত্বত ২০২৩ চনৰ পৰা ভাৰতীয় দলটোৱে আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰি আহিছে । ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহলৈকে ভাৰতে মুঠ ২৪খন মেচ খেলিছে, ইয়াৰে ২৩খন খেলত জয়ী হৈছে ভাৰত । ভাৰতীয় দলটোৱে আই চি চিৰ বিগত তিনিখন সীমিত

ৰোহিত শৰ্মাৰ নেতৃত্বত ২০২৩ চনৰ পৰা ভাৰতীয় দলটোৱে আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰি আহিছে । ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহলৈকে ভাৰতে মুঠ ২৪খন মেচ খেলিছে, ইয়াৰে ২৩খন খেলত জয়ী হৈছে ভাৰত । ভাৰতীয় দলটোৱে আই চি চিৰ বিগত তিনিখন সীমিত অভাৰৰ প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’লেও তাৰ পিছত একেৰাহে দুটা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলে ।

শেহতীয়াকৈ ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছে । এয়া ভাৰতৰ সপ্তমটো আই চি চি ট্ৰফী । ইয়াৰ পূৰ্বে দলটোৱে ১৯৮৩ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ, ২০০৭ আৰু ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০০২, ২০১৩ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল । এই সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰত অপৰাজিত হৈ থাকে । একেৰাহে পাঁচখন মেচত জয়লাভ কৰি ভাৰতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে ।

অপৰাজিত হৈ থাকি দুয়োটা খিতাপ জয় কৰে-

শেহতীয়াকৈ আই চি চি প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে যিদৰে প্ৰদৰ্শন কৰিছে, সেইদৰে ই আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰা কেইটামান দলৰ ভিতৰত অন্যতম হৈ পৰিছে । ভাৰতৰ এই বিজয়ৰ কাহিনী আৰম্ভ হয় ২০২৩ চনৰ অক্টোবৰ মাহত যেতিয়া দলটোৱে ঘৰুৱা খেলপথাৰত এদিনীয়া বিশ্বকাপত অংশ লয় । এদিনীয়া বিশ্বকাপৰ খেলখন ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছিল আৰু ১০টা দলেই এবাৰ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল । গ্ৰুপ পৰ্যায়ৰ ৯খন খেলৰ আটাইকেইখন খেলত জয়লাভ কৰি তাৰ পাছত ছেমি ফাইনেলত জয়লাভ কৰি দলটো একেৰাহে ১০ খন মেচত জয়ৰ দিশে আগুৱাই যায় আৰু ফাইনেলত প্ৰৱেশ কৰে । কিন্তু খিতাপৰ মেচখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ লগতে বিজয়ী অভিযান স্তব্ধ হৈ পৰে ভাৰতৰ ।

এই পৰাজয়ৰ বাবে ভাৰত বহু ক্ষতিগ্ৰস্ত হৈছিল কাৰণ দলটোৱে ২০১১ চনৰ পিছত পুনৰবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ অতি ওচৰ চাপিছিল । ইয়াৰ সাত মাহৰ পাছত ২০২৪ চনৰ জুন মাহত ভাৰতে ৰোহিতৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজলৈ যায় । তাতো ভাৰতৰ প্ৰদৰ্শন এদিনীয়া বিশ্বকাপৰ দৰেই উৎকৃষ্ট আছিল আৰু দলটো অপৰাজিত হৈ থাকি জয়ী হৈছিল । এইদৰে ভাৰতে খিতাপৰ খৰাং শেষ কৰিলে । ইয়াৰ পিছত দলটোৱে চেম্পিয়নছ ট্ৰফীতো এই গতি বজাই ৰাখি প্ৰায় আঠ মাহৰ ভিতৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে আই চি চি খিতাপ দখল কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ