বুমৰাহ আৰু মন্ধানাই লাভ কৰিলে শ্ৰেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ বঁটা...জানক বিজয়ীৰ সম্পূৰ্ণ তালিকা

বুমৰাহ আৰু মন্ধানাই লাভ কৰিলে শ্ৰেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ বঁটা…জানক বিজয়ীৰ সম্পূৰ্ণ তালিকা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)ৰ বাৰ্ষিক বঁটাৰ সময়ত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাক ক্ৰমে পুৰুষ আৰু মহিলা শাখাত শ্ৰেষ্ঠ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটাৰে সন্মানিত কৰা হয় । একে সময়তে কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰক লাইফটাইম এচিভমেণ্ট

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)ৰ বাৰ্ষিক বঁটাৰ সময়ত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাক ক্ৰমে পুৰুষ আৰু মহিলা শাখাত শ্ৰেষ্ঠ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটাৰে সন্মানিত কৰা হয় । একে সময়তে কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰক লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয় । মুম্বাইত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ৰোহিত শৰ্মাৰ লগতে দলৰ বহু বৰ্তমান আৰু প্ৰাক্তন খেলুৱৈ আৰু ব’ৰ্ডৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।

যোৱা বছৰ আপ্লুত কৰিছিল বুমৰাহে-

যোৱা বছৰ বুমৰাহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু টি-২০ বিশ্বকাপত ভাৰতে খিতাপ জয়ৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল । সদ্য সমাপ্ত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বুমৰাহক প্লেয়াৰ অৱ দ্য ছিৰিজ হিচাপে নিৰ্বাচিত কৰা হয় । এইগৰাকী ভাৰতীয় বেগী বলাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ৩২টা উইকেট দখল কৰে । যোৱা বছৰ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত শক্তিশালী প্ৰদৰ্শনেৰে আৰম্ভণি কৰিছিল বুমৰাহে ।

ইয়াৰ পিছত বুমৰাহে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত খেলা টি-২০ বিশ্বকাপত প্ৰভাৱিত কৰে । প্ৰতিযোগিতাখনত তেওঁ ৮.২৬ গড়ে ১৫টা উইকেট দখল কৰে । ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে য’ত বুমৰাহৰ অৱদান অতি গুৰুত্বপূৰ্ণ আছিল । বুমৰাহক তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।

মন্ধানাৰ প্ৰদৰ্শন শক্তিশালী আছিল-

২০২৪ চনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল ২৮ বছৰীয়া মন্ধানা । ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষত মন্ধানাই ৭৪৩ ৰান সংগ্ৰহ কৰি চাৰিটা এদিনীয়া শতক অৰ্জন কৰিছিল, যিটো মহিলা ক্ৰিকেটত অভিলেখ । যোৱা বছৰ তেওঁ ৯৫টা চাৰি আৰু ৬টা ছয়কে ধৰি ১০০টাতকৈও অধিক বাউণ্ডেৰীত কোবাইছিল । ২৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এদিনীয়া মেচত গড়ে ৫৭.৮৬ ৰান আৰু আকৰ্ষণীয় ষ্ট্ৰাইক ৰেট ৯৫.১৫ ৰান সংগ্ৰহ কৰিছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯টা বলত ২৯ ৰান সংগ্ৰহ কৰি ২০২৪ বৰ্ষৰ আৰম্ভণি কৰিছিল মন্ধানাই । ইয়াৰ পিছত তেওঁ পৰৱৰ্তী এদিনীয়াৰ বাবে ছমাহ অপেক্ষা কৰিবলগীয়া হৈছিল । অৱশ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁক শক্তিশালী ফৰ্মত দেখা গৈছিল ।

বি চি চি আইৰ বাৰ্ষিক বঁটা প্ৰদানৰ সময়ত ২৬টা বঁটা প্ৰদান কৰা হয়। কাক কোনটো বঁটা দিয়া হৈছে জানক…

কৰ্ণেল চি কে নাইডু লাইফটাইম বঁটা- শচীন টেণ্ডুলকাৰ

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেটাৰ- যশপ্ৰীত বুমৰাহ

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ- স্মৃতি মন্ধানা

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক (পুৰুষ)- চৰফৰাজ খান

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক (মহিলা)- আশা শোভানা

বি চি চি আইৰ বিশেষ বঁটা- ৰবিচন্দ্ৰন অশ্বিন

মহিলাৰ এদিনীয়াত সৰ্বাধিক ৰান- স্মৃতি মন্ধানা

মহিলাৰ সৰ্বাধিক উইকেট- দীপ্তি শৰ্মা

ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ আম্পায়াৰ- অক্ষয় টোত্ৰে

১৯ বছৰ অনুৰ্ধৰ কোচ বেহাৰ ট্ৰফীত সৰ্বাধিক ৰান- কাব্য টেৱটিয়া

১৯ বছৰ অনুৰ্ধ কোচ বিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট- বিষ্ণু ভৰদ্বাজ

মহিলা জ্যেষ্ঠ ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ- প্ৰিয়া মিশ্ৰ

মহিলা জুনিয়ৰ ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ- ইশ্বৰী আৱাছাৰে

১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীত সৰ্বাধিক উইকেট- এইচ জেগানাথন

১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীত সৰ্বাধিক ৰান- লক্ষ্য ৰায়চন্দনী

২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (প্লেট গ্ৰুপ) সৰ্বাধিক উইকেট- ঞ্জেখো ৰূপেৰো

২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (প্লেট গ্ৰুপ) সৰ্বাধিক ৰান- হেম ছেত্ৰী

২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (এলিট গ্ৰুপ) সৰ্বাধিক উইকেট – পি বিদ্যুৎ

২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (এলিট গ্ৰুপ) সৰ্বাধিক ৰান- অনিশ কে ভি

ৰঞ্জী ট্ৰফী (প্লেট গ্ৰুপ)ত সৰ্বাধিক উইকেট- তনয় থ্যাগৰাজন

ৰঞ্জী ট্ৰফী (এলিট গ্ৰুপ)ত সৰ্বাধিক উইকেট- আৰ ছাই কিশোৰ

ৰঞ্জী ট্ৰফী (প্লেট গ্ৰুপ)ত সৰ্বাধিক ৰান- অগ্নি চোপ্ৰা

ৰঞ্জী ট্ৰফী (এলিট গ্ৰুপ)ত সৰ্বাধিক ৰান – ৰিকি ভূই

ঘৰুৱা সীমিত অভাৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ- শশাংক সিং

ৰঞ্জি ট্ৰফীৰ শ্ৰেষ্ঠ আঠজন অল-ৰাউণ্ডাৰ- তনুষ কোটিয়ান

বি চি চি আইৰ ঘৰুৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শন- মুম্বাই

শেহতীয়া প্ৰৱন্ধসমূহ