পৃথক হ’ল যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী বাৰ্মাৰ পথ; বিবাহ বিচ্ছেদত লাগিল মোহৰ, পত্নীক দিব লাগিব ৪.৭ কোটি টকা এলিমনী

অৱশেষত ভাৰতীয় ক্ৰিকেতাৰ যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদত মোহৰ লগালে বান্দ্ৰা আদালতে। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ হয় দুয়োৰে। বম্বে উচ্চ ন্যায়ালয়ৰ বান্দ্ৰা পৰিয়াল আদালতে বৃহস্পতিবাৰে পুৱা ১১ বজাত যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনায়। বান্দ্ৰা পৰিয়াল আদালতত প্ৰথমে চহল উপস্থিত হয় আৰু

অৱশেষত ভাৰতীয় ক্ৰিকেতাৰ যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদত মোহৰ লগালে বান্দ্ৰা আদালতে। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ হয় দুয়োৰে।

বম্বে উচ্চ ন্যায়ালয়ৰ বান্দ্ৰা পৰিয়াল আদালতে বৃহস্পতিবাৰে পুৱা ১১ বজাত যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনায়।

বান্দ্ৰা পৰিয়াল আদালতত প্ৰথমে চহল উপস্থিত হয় আৰু তাৰ পিছত ধনশ্ৰী বাৰ্মা উপস্থিত হয়। এই বিচ্ছেদৰ পিছত জানিব পৰা মতে চাহালে ধনশ্ৰীক ৪.৭ কোটি টকা এলিমনী ধন দিব লাগিব।

ইতিমধ্যে ক্ৰিকেটাৰ গৰাকীয়ে ধনশ্ৰীক ২.৩৭ কোটি টকা দিছে। আদালতে দম্পতীহালৰ ছমাহৰ কুলিং অফ পিৰিয়িড ৰেহাই দিছিল।

এই সময়ত বিবাহ বিচ্ছেদৰ আবেদনৰ পিছত আদালতে দুয়োকে একেলগে থাকিবলৈ আৰু তেওঁলোকৰ অভিযোগ নিষ্পত্তি কৰাৰ আন এক সুযোগ দিয়ে।

আজি বম্বে উচ্চ ন্যায়ালয়ত উপস্থিত হোৱাৰ সময়ছোৱাত যুজবেন্দ্ৰ চহলে নিজৰ চেহেৰাৰ ঢাকিবলৈ ক’লা সাজ-পোছাক পিন্ধি আহিছিল। চহলে মূৰটো হুডিৰে ঢাকি থৈছিল।

চকুত চশমা আৰু মুখত মাস্ক পিন্ধি আছিল।  বিচ্ছেদৰ পিছত চহলৰ সৈতে মিডিয়াই কথা পাতিব বিচাৰিছিল যদিও কোনো সঁহাৰি নিদিয়াকৈয়ে গুচি যায় যুজবেন্দ্ৰ চহল।স

শেহতীয়া প্ৰৱন্ধসমূহ