‘মই খেলৰ চেনেলবোৰ বন্ধ কৰি দিলো…’; যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী ধনশ্ৰী ভাৰ্মাৰ মন্তব্য

যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী ধনশ্ৰী ভাৰ্মাৰ মন্তব্য

ভাৰতীয় দলৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী ভাৰ্মাৰ বিচ্ছেদৰ পিছতো তেওঁলোকৰ বিবাহ বিচ্ছেদক ​​লৈ যথেষ্ট চৰ্চা চলিছে।এতিয়া ধনশ্ৰীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টোত ধনশ্ৰীয়ে খেলৰ চেনেলবোৰ বন্ধ কৰি দিছে বুলি কৈছে। আচলতে ‘ৰাইজ এণ্ড ফ’ল’ নামৰ এটা শ্ব’ অতি সোনকালে আৰম্ভ হ’ব ৷

য’ত ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী তথা নৃত্য পৰিচালক ধনশ্ৰীকো দেখা যাব।এই শ্ব’টোৰ ট্ৰেইলাৰত তেওঁক বিশ্বাসঘাতকতা আৰু ভগ্ন বিশ্বাসৰ কথা কোৱা দেখা গৈছিল।

ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ প্ৰাক্তন পত্নী ধনশ্ৰী ভাৰ্মাই খেলৰ চেনেলৰ বিষয়ে যি ক’লে তাৰ বাবে তেওঁ এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে।

তেওঁ কয় যে ৰাণী কেতিয়াও তাৰকা হোৱাৰ প্ৰয়োজন নাই আৰু এনেও সাক্ষাৎকাৰ ল’বলৈ মানুহ শাৰী পাতি আছে। আৰু যিয়েই নহওক, পেণ্টহাউচৰ সকলো স্প’ৰ্টছ চেনেল বন্ধ কৰি দিছো।

তেওঁৰ এই বক্তব্যক চাহালৰ সৈতে সম্পৰ্ক কৰিছে। কাৰণ চাহাল এজন ক্ৰিকেটাৰ। আনহাতে সামাজিক মাধ্যমত এতিয়া এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: ‘পবিত্ৰ ৰিষ্টা’ খ্যাতি অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ দেহাৱসান; এবছৰ ধৰি আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত

পৃথক হ’ল যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী বাৰ্মাৰ পথ; বিবাহ বিচ্ছেদত লাগিল মোহৰ, পত্নীক দিব লাগিব ৪.৭ কোটি টকা এলিমনী

অৱশেষত ভাৰতীয় ক্ৰিকেতাৰ যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদত মোহৰ লগালে বান্দ্ৰা আদালতে। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ হয় দুয়োৰে।

বম্বে উচ্চ ন্যায়ালয়ৰ বান্দ্ৰা পৰিয়াল আদালতে বৃহস্পতিবাৰে পুৱা ১১ বজাত যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনায়।

বান্দ্ৰা পৰিয়াল আদালতত প্ৰথমে চহল উপস্থিত হয় আৰু তাৰ পিছত ধনশ্ৰী বাৰ্মা উপস্থিত হয়। এই বিচ্ছেদৰ পিছত জানিব পৰা মতে চাহালে ধনশ্ৰীক ৪.৭ কোটি টকা এলিমনী ধন দিব লাগিব।

ইতিমধ্যে ক্ৰিকেটাৰ গৰাকীয়ে ধনশ্ৰীক ২.৩৭ কোটি টকা দিছে। আদালতে দম্পতীহালৰ ছমাহৰ কুলিং অফ পিৰিয়িড ৰেহাই দিছিল।

এই সময়ত বিবাহ বিচ্ছেদৰ আবেদনৰ পিছত আদালতে দুয়োকে একেলগে থাকিবলৈ আৰু তেওঁলোকৰ অভিযোগ নিষ্পত্তি কৰাৰ আন এক সুযোগ দিয়ে।

আজি বম্বে উচ্চ ন্যায়ালয়ত উপস্থিত হোৱাৰ সময়ছোৱাত যুজবেন্দ্ৰ চহলে নিজৰ চেহেৰাৰ ঢাকিবলৈ ক’লা সাজ-পোছাক পিন্ধি আহিছিল। চহলে মূৰটো হুডিৰে ঢাকি থৈছিল।

চকুত চশমা আৰু মুখত মাস্ক পিন্ধি আছিল।  বিচ্ছেদৰ পিছত চহলৰ সৈতে মিডিয়াই কথা পাতিব বিচাৰিছিল যদিও কোনো সঁহাৰি নিদিয়াকৈয়ে গুচি যায় যুজবেন্দ্ৰ চহল।স