ধনশ্ৰীৰ পিছত আৰ জে মাহৱাশৰ সৈতেও বিচ্ছেদ যুজবেন্দ্ৰ চাহালৰ

শ্ব’বিজ জগতৰ পৰা এক আচৰিত খবৰ আহিছে।ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু অভিনেত্ৰী আৰ জে মাহৱাশৰ সম্পৰ্কত মেলিছে ফাঁট।

ধনশ্ৰী ভাৰ্মাৰ পিছত ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ নাম আৰ জে মাহৱাশৰ সৈতে জড়িত হৈ পৰিছিল।দুয়োকে প্ৰায়ে বহুবাৰ একেলগে দেখা গৈছিল।

ইয়াৰ পিছত সংবাদ মাধ্যমত চৰ্চা হৈছিল যে যুজবেন্দ্ৰ চাহাল আৰু আৰ জে মাহৱাশে ইজনে সিজনৰ লগত ডেট কৰি আছে।অৱশ্যে দুয়োজনে কেতিয়াও নিজৰ সম্পৰ্কৰ কথা মুকলিকৈ কোৱা নাছিল।

কিন্তু এতিয়া যুজবেন্দ্ৰ চাহাল আৰু আৰ জে মাহৱাশক লৈ এক নতুন খবৰ ওলাইছে।ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু আৰ জে মাহৱাশৰ সম্পৰ্কত মেলিছে ফাঁট। দুয়োগৰাকীয়ে ইনষ্টাগ্ৰামত ইজনে লিজনক আনফ’ল’ কৰিছে।এই খবৰটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰাত ৰাইজৰ মাজত এক নতুন চৰ্চা লাভ কৰিছে।

এতিয়া এই দূৰত্ব কেৱল ছ’চিয়েল মিডিয়াত আছে নে প্ৰকৃততে দুয়োৰে মাজত বিচ্ছেদ হৈছে সেয়া ক’ব নোৱাৰি।এই সন্দৰ্ভত এতিয়ালৈকে চাহাল বা মাহৱাশ কোনোৱেই আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই।এইটো নিশ্চিত যে দুয়োৰে অনুৰাগীৰ বাবে এইটো আচৰিত কথা।

২০২৫ চনত ধনশ্ৰী ভাৰ্মাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছৰে পৰা চাহল আৰু মাহৱাশৰ সম্পৰ্কক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক: ৰোহিত-কোহলীৰ কোটি কোটি টকা পাৰিশ্ৰমিক কৰ্তন ! কেন্দ্ৰীয় চুক্তি সলনি কৰাৰ পথত বিচিচিআই

পৃথক হ’ল যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী বাৰ্মাৰ পথ; বিবাহ বিচ্ছেদত লাগিল মোহৰ, পত্নীক দিব লাগিব ৪.৭ কোটি টকা এলিমনী

অৱশেষত ভাৰতীয় ক্ৰিকেতাৰ যুজবেন্দ্ৰ চহল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদত মোহৰ লগালে বান্দ্ৰা আদালতে। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ হয় দুয়োৰে।

বম্বে উচ্চ ন্যায়ালয়ৰ বান্দ্ৰা পৰিয়াল আদালতে বৃহস্পতিবাৰে পুৱা ১১ বজাত যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনায়।

বান্দ্ৰা পৰিয়াল আদালতত প্ৰথমে চহল উপস্থিত হয় আৰু তাৰ পিছত ধনশ্ৰী বাৰ্মা উপস্থিত হয়। এই বিচ্ছেদৰ পিছত জানিব পৰা মতে চাহালে ধনশ্ৰীক ৪.৭ কোটি টকা এলিমনী ধন দিব লাগিব।

ইতিমধ্যে ক্ৰিকেটাৰ গৰাকীয়ে ধনশ্ৰীক ২.৩৭ কোটি টকা দিছে। আদালতে দম্পতীহালৰ ছমাহৰ কুলিং অফ পিৰিয়িড ৰেহাই দিছিল।

এই সময়ত বিবাহ বিচ্ছেদৰ আবেদনৰ পিছত আদালতে দুয়োকে একেলগে থাকিবলৈ আৰু তেওঁলোকৰ অভিযোগ নিষ্পত্তি কৰাৰ আন এক সুযোগ দিয়ে।

আজি বম্বে উচ্চ ন্যায়ালয়ত উপস্থিত হোৱাৰ সময়ছোৱাত যুজবেন্দ্ৰ চহলে নিজৰ চেহেৰাৰ ঢাকিবলৈ ক’লা সাজ-পোছাক পিন্ধি আহিছিল। চহলে মূৰটো হুডিৰে ঢাকি থৈছিল।

চকুত চশমা আৰু মুখত মাস্ক পিন্ধি আছিল।  বিচ্ছেদৰ পিছত চহলৰ সৈতে মিডিয়াই কথা পাতিব বিচাৰিছিল যদিও কোনো সঁহাৰি নিদিয়াকৈয়ে গুচি যায় যুজবেন্দ্ৰ চহল।স

কাইলৈ লোৱা হ’ব যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ সম্পৰ্কৰ সিদ্ধান্ত; বিবাহ বিচ্ছেদত আদালতে লগাব মোহৰ

ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মাই বৰ্তমান শিৰোনামত আছে।দুয়োজনৰ মাজৰ সম্পৰ্কত এতিয়া ফাট মেলিছে, যাৰ ফলত বিবাহ বিচ্ছেদৰ হ’বলৈ গৈ আছে।অৱশ্যে দুয়োজনে বিষয়টোত নীৰৱতা বজাই ৰাখিছে।

দুয়োজনে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে আৰু বিচাৰে যে আদালতে যিমান সম্ভৱ সিমান সোনকালে ইয়াৰ ওপৰত সিদ্ধান্ত লওক।

পাৰিবাৰিক আদালতে ইতিমধ্যে হিন্দু বিবাহ আইনৰ অধীনত ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদৰ বাবে আইনী কুলিং-অফ ম্যাদ সম্পূৰ্ণ কৰিবলৈ কৈছিল।

অৱশ্যে, বোম্বাই উচ্চ ন্যায়ালয়ে এতিয়া পাৰিবাৰিক আদালতৰ এই সিদ্ধান্ত ওলোটাই দিছে আৰু বৃহস্পতিবাৰে বিষয়টোৰ ওপৰত ৰায় দিয়াৰ নিৰ্দেশ দিছে।

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰীয়ে ২০২০ চনৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে, দুয়োজনে যোৱা কেইমাহমান ধৰি পৃথকে বাস কৰি আছে।

দুয়োজনে এই বছৰৰ আৰম্ভণিতে পাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। ইয়াৰ লগতে, তেওঁলোকে বাধ্যতামূলক ছয় মাহৰ কুলিং-অফ ম্যাদৰ পৰা ৰেহাই পাবৰ বাবেও অনুৰোধ কৰিছিল।

উচ্চ ন্যায়ালয়ে এতিয়া এই সিদ্ধান্তটো ওলোটাই দি স্পষ্টভাৱে বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া দ্ৰুততাৰে সম্পূৰ্ণ কৰাৰ পথ প্ৰশস্ত কৰিছে। এই গোচৰটোৰ শুনানি ২০ মাৰ্চ, ২০২৫ তাৰিখে অনুষ্ঠিত হ’ব।

ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে কোৰিঅ’গ্ৰাফাৰ ধনশ্ৰী বাৰ্মাক ৪.৭৫ কোটি টকাৰ স্থায়ী ভৰ্তি ৰখাৰ বাবে সন্মত হৈছে।ইয়াৰ ভিতৰত, ইতিমধ্যে কোৰিঅ’গ্ৰাফাৰক ২.৩৭কোটি টকা দিয়া হৈছে।

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাই তেওঁলোকৰ ৪ বছৰীয়া বিবাহ সমাপ্ত কৰাত ইমান খৰখেদা দেখুৱাইছিল যে দুয়োপাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত হৈছিল।

“মই অতি আৱেগিক অনুভৱ কৰিছো”; কি কথাক লৈ ধনশ্ৰী বাৰ্মাৰ হ’ল এই অৱস্থা? ভাইৰেল ভিডিঅ’

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেলৰ পিছৰে পৰা চৰ্চাত আছে। এইবাৰ, তেওঁৰ প্ৰাক্তন পত্নী ধনশ্ৰী বাৰ্মাইও সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে।

কিছু সময়ৰ পৰা দুয়োৰে মাজত বিবাহ বিচ্ছেদৰ বাতৰি ওলাইছে।যেতিয়া যুজবেন্দ্ৰ চাহালক আৰজে মাহভাশৰ সৈতে চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেল চোৱা দেখা গৈছিল তেতিয়া এই বাতৰিবোৰে অধিক আকৰ্ষণ লাভ কৰিছিল।

চাহাল আৰু আৰজে মাহভাশৰ ফটো ভাইৰেল হোৱাৰ পিছতে, ধনশ্ৰী বাৰ্মাই তেওঁলোকৰ পুৰণি ফটোবোৰো পুনৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল য’ত তেওঁক চাহালৰ সৈতে দেখা গৈছিল।

ফটো সমূহ শ্বেয়াৰ কৰাৰ লগতে, তেওঁ এটা পোষ্টও শ্বেয়াৰ কৰিছিল য’ত তেওঁ লিখিছিল যে প্ৰথমে মহিলাসকলক দোষাৰোপ কৰাটো সদায়ে এক প্ৰৱণতা হৈ আহিছে।

অৱশ্যে, ধনশ্ৰীয়ে কি অৰ্থত এই পোষ্টটো কৰিছিল সেয়া তেওঁ উল্লেখ কৰা নাছিল। কিন্তু ইয়াক চাহাল আৰু আৰজেৰ ছবিৰ সৈতে সংযুক্ত কৰা হৈছে।

ধনশ্ৰীক অলপতে অভিষেক বচ্চনৰ ছবি বি হেপ্পীৰ স্ক্ৰীণিং অনুষ্ঠানত দেখা গৈছিল। যেতিয়া পাপাৰাজীয়ে ধনশ্ৰীক চাহাল আৰু মাহাভাশাৰ কথা প্ৰশ্ন কৰিছিল তেতিয়া ধনশ্ৰীয়ে উত্তৰ দিছিল যে তেওঁ যথেষ্ট আৱেগিক অনুভৱ কৰি আছে।

“মই ৰৈ থকা বিধৰ নহয়”; যুজবেন্দ্ৰৰ পৰা বিবাহ বিচ্ছেদৰ পিছতে ভাইৰেল ধনশ্ৰীৰ বিশেষ পোষ্ট

সামাজিক মাধ্যমৰ ইনল্ফুৱেঞ্চাৰ তথা নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল কিছু দিনৰ পৰা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰি সন্দৰ্ভত শিৰোনামত আছে।

অৱশ্যে, দুয়োজনে বিষয়টোৰ সন্দৰ্ভত নীৰৱ হৈ আছে আৰু কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। কিন্তু তেওঁলোকৰ অধিবক্তাসকলে কয় যে গোচৰটো আদালতত চলি আছে। এইটো খবৰ পোৱা গৈছে যে দুয়োজনে যোৱা ১৮ মাহ ধৰি পৃথকে বাস কৰি আছে।

কিছুমান প্ৰতিবেদনত দাবী কৰা হৈছে যে ধনশ্ৰীয়ে যুজবেন্দ্ৰৰ পৰা এলিমানিৰ নামত ৬০ কোটি টকা দাবী কৰিছিল। কিন্তু তেওঁৰ লগতে  পৰিয়ালৰ লোকসকলেও এই কথাবোৰ মিছা আৰু অৰ্থহীন বুলি খাৰিজ কৰিছে।

ইফালে, ধনশ্ৰীৰ এটা পোষ্টৰ লগতে তেওঁ শ্বেয়াৰ কৰা কিছুমান ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । পোষ্টটোত ধনশ্ৰীয়ে লিখিছিল যে তেওঁ হাৰ মানি লোৱা মানুহ নহয়।

ধনশ্ৰীয়ে এইটোও কৈছিল যে তেওঁ এতিয়া আগতকৈ অধিক শক্তিশালী আৰু নিৰ্ভীক অনুভৱ কৰে।তেওঁ লগতে লিখিছিল যে ভগৱান শিৱৰ আশীৰ্বাদত তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰি আছো”। ধনশ্ৰীৰ এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।