মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি… আজি নিগম বোধ ঘাটত সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বাসগৃহত হাজাৰ হাজাৰ লোকে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছে। ৯২ বছৰীয়া সিঙৰ বৃহস্পতিবাৰে নিশা দিল্লীৰ এইমছত মৃত্যু হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে পুৱা ১১.৪৫ বজাত দিল্লীৰ নিগম বোধ ঘাটত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বাসগৃহত হাজাৰ হাজাৰ লোকে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছে। ৯২ বছৰীয়া সিঙৰ বৃহস্পতিবাৰে নিশা দিল্লীৰ এইমছত মৃত্যু হয়।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে পুৱা ১১.৪৫ বজাত দিল্লীৰ নিগম বোধ ঘাটত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্তিম সৎকাৰ শনিবাৰে নিগম বোধ ঘাটত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হ’ব। তাত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি।

ইতিমধ্যে পুষ্পসজ্জিত বাহনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহৰ পৰা লৈ যোৱা হৈছে। ড০ মনমোহন সিঙৰ পাৰ্থিৱ শৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে এঘণ্টাৰ বাবে কংগ্ৰেছ কাৰ্যালয়ত ৰখা হ’ব।

কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ মানুহে পুৱা ৯.৩০ বজালৈকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।তাৰ পিছতেই তেওঁক অন্তিম যাত্ৰাৰ বাবে নিগম বোধ ঘাটলৈ লৈ যোৱা হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ক প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা সম্পূৰ্ণ সামৰিক সন্মানেৰে কৰিবলৈ কোৱা হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ