এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে

এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে… ৫৮ বছৰৰ পাছত ঐতিহাসিক বিজয়

এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে এডবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে ভাৰতে । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ১-১ ব্যৱধানত শৃংখলাত সমতা স্থাপন কৰিছে । বাৰ্মিংহামত অনুষ্ঠিত এই টেষ্টত টিম ইণ্ডিয়াই ইংলেণ্ডক জয়ৰ বাবে ৬০৮ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । ইয়াৰ

এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে

এডবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে ভাৰতে । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ১-১ ব্যৱধানত শৃংখলাত সমতা স্থাপন কৰিছে । বাৰ্মিংহামত অনুষ্ঠিত এই টেষ্টত টিম ইণ্ডিয়াই ইংলেণ্ডক জয়ৰ বাবে ৬০৮ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংৰাজ দলটোৱে মাত্ৰ ২৭১ ৰানহে কৰিবলৈ সক্ষম হয় । ভাৰতৰ এই জয়ত অধিনায়ক শুভমন গীলৰ উপৰিও মহম্মদ চিৰাজ আৰু আকাশদ্বীপে অৱদান আগবঢ়াই ।

৫৮ বছৰৰ পাছত ঐতিহাসিক জয়-

টেষ্টত ভাৰতৰ বাবে দুঃস্বপ্ন হৈ আহিছে বাৰ্মিংহামৰ এডবেষ্টন খেলপথাৰ । ১৯৬৭ চনত ইয়াত টিম ইণ্ডিয়াই প্ৰথম টেষ্ট মেচ খেলিছিল যদিও এতিয়ালৈকে এডবেষ্টনত জয়ী হব পৰা নাছিল । আনকি কপিল দেৱ, বিৰাট কোহলী আৰু এম এছ ধোনীৰ দৰে কিংবদন্তিৰ অধিনায়কত্বৰ অধীনতো এই খেলপথাৰত ভাৰত জয়ী হোৱা নাছিল । এতিয়া অৱশেষত শুভমন গীলৰ অধিনায়কত্বত ৫৮ বছৰীয়া পৰাজয়ৰ ধাৰাবাহিকতা শেষ হয় ।

মেচৰ সাৰাংশ-

এডবেষ্টন টেষ্টত ইংলেণ্ডে টছত জয়লাভ কৰিছিল যদিও প্ৰথমে বলিং কৰিবলৈ বাছি লয় । ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি অধিনায়ক শুভমন গীলৰ ২৬৯ ৰানৰ সহায়ত ৫৮৭ ৰান সংগ্ৰহ কৰে । প্ৰথম ইনিংছত টিম ইণ্ডিয়াৰ হৈ যশস্বী জয়ছোৱালে ৮৭ ৰান আৰু ৰবীন্দ্ৰ জাডেজাই ৮৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডৰ হেৰী ব্ৰুক ১৫৮ ৰান আৰু জেমী স্মিথে ১৮৪ ৰান সংগ্ৰহ কৰে যদিও তেওঁলোকৰ বাহিৰে আন কোনো বেটছমেনে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয় । ফলত ইংলেণ্ডৰ দলটো ৪০৭ ৰানতে অল আউট হয় । ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ বিশাল অগ্ৰগতি লাভ কৰে ।

ভাৰতৰ দ্বিতীয় ইনিংছত বেটছমেনসকলে স্ক’ৰব’ৰ্ড দ্ৰুতগতিত আগুৱাই লৈ যায় । দ্বিতীয় ইনিংছত অধিনায়ক গীলে ১৬১ ৰান সংগ্ৰহ কৰি সমগ্ৰ মেচখনত তেওঁৰ মুঠ ৰান ৪৩০ ৰানলৈ বৃদ্ধি কৰে । গীল বিশ্বৰ মাত্ৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হয় যিয়ে এখন টেষ্ট মেচত ৪০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে । দ্বিতীয় ইনিংছত কে এল ৰাহুল (৫৫), ঋষভ পন্ট (৬৫) আৰু ৰবীন্দ্ৰ জাডেজা (৬৯) তিনিওজন বেটছমেনে অৰ্ধ শতক অৰ্জন কৰে । ভাৰতে ৪২৭ ৰানত দ্বিতীয় ইনিংছ ঘোষণা কৰে ।

ইংলেণ্ডে চতুৰ্থ ইনিংছত ৬০৮ ৰানৰ লক্ষ্য লাভ কৰে । লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডৰ দলৰ আধা অংশই ৮৪ ৰানতে পেভিলিয়নমুখী হয় । পঞ্চম দিনা যেতিয়া ইংলেণ্ডৰ বেটছমেন খেলপথাৰলৈ আহিছিল, তেতিয়া প্ৰথম ঘণ্টাতেই স্পষ্ট হৈ পৰিছিল যে ইংৰাজ দলটোৱে ড্ৰ’ৰ উদ্দেশ্যেৰে বেটিং কৰি আছে । বেন ষ্ট’কছ আৰু জেমী স্মিথে দীৰ্ঘ সময় ধৰি ভাৰতক জয়ৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল । ষ্টকছ আউট হোৱাৰ পিছত ইংলেণ্ডে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থাকে আৰু আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।

লগতে পঢ়ক : ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস; ৫২ বলত অৰ্জন কৰিলে বিস্ফোৰক শতক