উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ কিষাণ পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত এখন বাছত অগ্নিকাণ্ড সংঘটিত হয়, য’ত দুটি শিশুসহ পাঁচজন যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । এই বাছখন বিহাৰৰ পৰা দিল্লী অভিমুখে গৈ আছিল, কিন্তু হঠাৎ লক্ষ্ণৌত এই বাছখনত জুইৰ সূত্ৰপাত হয় । বাছখনত ৮০জন লোক আছিল বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে পুৱা ৫ বজাত সংঘটিত হয় এই ঘটনা ।
এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণলৈ আনে । আৰক্ষীয়ে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তত বাছখনৰ ইমাৰ্জেন্সি দুৱাৰ খোলা নাছিল বুলি জানিব পৰা গৈছে । ইয়াৰ বাবেই পিছফালে বহি থকা যাত্ৰীসকল আবদ্ধ হৈ পৰে । সময়মতে বাছৰ পৰা নামিব নোৱাৰি মৃত্যু হয় যাত্ৰীকেইজনৰ ।
কিয় আৰু কেনেকৈ বাছখনত জুই লাগিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু আৰক্ষীয়ে জনোৱা মতে, বাছখনত পাঁচ কেজিৰ সাতটাকৈ গেছ চিলিণ্ডাৰ আছিল । অৱশ্যে কোনো এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱা নাছিল । আৰক্ষীয়ে জনোৱা মতে, তদন্তৰ পিছতহে অগ্নিকাণ্ডৰ কাৰণৰ বিষয়ে জানিব পৰা যাব ।
অতিৰিক্ত আৰক্ষী আয়ুক্ত (মোহনলালগঞ্জ) ৰাজনীশ বাৰ্মাই জনোৱা মতে, পুৱা প্ৰায় ৫ বজাত বিহাৰৰ বেগুছৰাইৰ পৰা দিল্লীলৈ যোৱা এখন ব্যক্তিগত বাছত হঠাৎ জুই লাগে । তেওঁ কয় যে বাছখনত যাত্ৰা কৰি থকা দুটি শিশু, দুগৰাকী মহিলা আৰু এজন পুৰুষৰ অগ্নিকাণ্ডত মৃত্যু হয় । তেওঁ কয় যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বাছখনৰ চালক আৰু সহ-চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে, আনহাতে বাছখনৰ যাত্ৰীসকলক আৰক্ষী আৰু জনসাধাৰণৰ সহায়ত গ্লাছ ভাঙি বাহিৰলৈ উলিয়াই অনা হয় ।
আৰক্ষীয়ে জনোৱা অনুসৰি, যাত্ৰীসকলৰ মতে বাছখনত প্ৰায় ৮০ৰ পৰা ৯০জন যাত্ৰী আছিল । বাছখনৰ পৰা ৫টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে একাংশ লোক এই দুৰ্ঘটনাত সামান্যভাৱে আহত হৈছে । তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।