মুকলি হ’ল ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বন্ধ হোৱা ৩২টা বিমানবন্দৰ...

মুকলি হ’ল ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বন্ধ হোৱা ৩২টা বিমানবন্দৰ…

শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক উত্তেজনাৰ বাবে বন্ধ হৈ থকা দেশৰ ৩২টা বিমানবন্দৰ পুনৰবাৰ অসামৰিক বিমান সেৱাৰ বাবে মুকলি কৰা হৈছে । ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য প্ৰদান কৰে । এই বিমানবন্দৰসমূহত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পুনৰ বিমান সেৱা আৰম্ভ

শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক উত্তেজনাৰ বাবে বন্ধ হৈ থকা দেশৰ ৩২টা বিমানবন্দৰ পুনৰবাৰ অসামৰিক বিমান সেৱাৰ বাবে মুকলি কৰা হৈছে । ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য প্ৰদান কৰে । এই বিমানবন্দৰসমূহত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পুনৰ বিমান সেৱা আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এ আই আইয়ে ।

উত্তেজনাৰ বাবে বন্ধ হৈ পৰিছিল বিমানবন্দৰ-

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘাতৰ বাবে শ্ৰীনগৰ আৰু অমৃতসৰৰ দৰে ডাঙৰ বিমানবন্দৰকে ধৰি দেশৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত অৱস্থিত ৩২টা বিমানবন্দৰৰ পৰা অসামৰিক বিমান সেৱাৰ কাম যোৱা ৯ মে’ৰ পৰা ১৫ মে’লৈ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল ।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে অন্যান্য বিমান কৰ্তৃপক্ষই এই বিমানবন্দৰসমূহ অস্থায়ীভাৱে বন্ধ কৰাৰ বিষয়ে অৱগত কৰি NOTAM (Notice to Airmen) জাৰি কৰিছিল । এতিয়া পৰিস্থিতি উন্নত হোৱাৰ লক্ষণ দেখাৰ পাছত এই বিমানবন্দৰসমূহ পুনৰ মুকলি কৰাৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ কৰা হৈছে ।

এই ৩২টা বিমানবন্দৰৰ বিমান সেৱা আৰম্ভ-

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ জাননী অনুসৰি বন্ধ হৈ থকা ৩২টা বিমানবন্দৰতে বিমান সেৱা পুনৰ আৰম্ভ হৈছে । এই বিমানবন্দৰসমূহৰ ভিতৰত উধামপুৰ, আম্বালা, অমৃতসৰ, অৱন্তীপুৰ, বাথিণ্ডা, ভুজ, বিকানেৰ, চণ্ডীগড়, হালৱাৰা, হিন্দন, জম্মু আৰু জয়ছলমেৰ, জামনগৰ, যোধপুৰ, কণ্ডলা, কংগ্ৰা (গাগল), কেশোদ, কিশনগড়, কুল্লু মানালী (ভুণ্টাৰ) আৰু লেহ। ইয়াৰ উপৰিও লুধিয়ানা, মুন্দ্ৰা, নলিয়া, পাঠানকোট, পাটিয়ালা, পোৰবন্দৰ, ৰাজকোট (হিৰাচৰ), সৰছাৱা, ছিমলা, শ্ৰীনগৰ, থোইছে আৰু উত্তৰলাইতো সেৱা আৰম্ভ কৰা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ