আই পি এলৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ডিফেণ্ড কৰিলে পঞ্জাবে, চাহালে গঢ়িলে বহু অভিলেখ…

মঙলবাৰে পঞ্জাব কিংছ (পি বি কে এছ) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ মেচখনত শ্ৰেয়াছ আয়াৰৰ দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন কৰে । ৰাছেল, ৰিংকু আৰু ৰাহানেৰে দৰে খেলুৱৈৰে গঠিত কে কে আৰক ১১২ ৰানো সংগ্ৰহ কৰিবলৈ নিদিলে পঞ্জাৱে । লগে লগে

মঙলবাৰে পঞ্জাব কিংছ (পি বি কে এছ) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ মেচখনত শ্ৰেয়াছ আয়াৰৰ দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন কৰে । ৰাছেল, ৰিংকু আৰু ৰাহানেৰে দৰে খেলুৱৈৰে গঠিত কে কে আৰক ১১২ ৰানো সংগ্ৰহ কৰিবলৈ নিদিলে পঞ্জাৱে । লগে লগে দলটোৱে কলকাতাৰ বিৰুদ্ধে ১৬ ৰানত জয়লাভ কৰে । এই মেচখনত যুজবেন্দ্ৰ চাহালে শক্তিশালী বলিঙেৰে ৪টা উইকেট দখল কৰি কে কে আৰৰ হাতৰ পৰা মেচখন কাঢ়ি নিয়ে ।

আই পি এলত বহুবাৰ ৪টাতকৈ অধিক উইকেট দখল কৰাৰ অভিলেখ-

আই পি এলৰ এখন খেলত ৪টা উইকেট দখল কৰাৰ ক্ষেত্ৰত এতিয়া সুনীল নাৰিনৰ সৈতে যৌথভাৱে প্ৰথম স্থানত আছে চাহাল । চাহালে এতিয়ালৈকে ৮ বাৰ এখন মেচত ৪ টা উইকেট দখল কৰিছে ।

৮ – যুজবেন্দ্ৰ চাহাল

৮ – সুনীল নৰিন

৭ – লাচিথ মালিংগা

৬ – কাগিছ’ ৰাবাদা

৫ – অমিত মিশ্ৰ

পঞ্জাবে ৰক্ষা কৰিলে সৰ্বনিম্ন স্ক’ৰ-

পঞ্জাৱ কিংছ আই পি এলৰ ইতিহাসত ইমান কম মুঠ স্কৰ ৰক্ষা তথা ডিফেণ্ড কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে । প্ৰথমে বেটিং কৰি পঞ্জাবে ১১১ ৰান সংগ্ৰহ কৰে । কিন্তু কে কে আৰক কেৱল ৯৫ ৰানতে অল আউট কৰে পঞ্জাৱে ।

১১১ – পি বি কে এছ বনাম কে কে আৰ, মুলনপুৰ, ২০২৫

১১৬/৯ – চি এছ কে বনাম পি বি কে এছ, ডাৰবান, ২০০৯

১১৮ – এছ আৰ এইচ বনাম এম আই, ২০১৮

১১৯/৮ – পি বি কে এছ বনাম এম আই, ডাৰবান, ২০০৯

১১৯/৮ – এছ আৰ এইচ বনাম পি ডব্লিউ আই, পুনে, ২০১৩

-বৰষুণৰ ফলত প্ৰভাৱিত খেল অন্তৰ্ভুক্ত নহয়

কলকাতাৰ ইনিংছ-

১১২ ৰানৰ লক্ষ্য অনুসৰণ কৰি কে কে আৰে দুৰ্বল আৰম্ভণি কৰে । প্ৰথম অভাৰতে সুনীল নাৰিন পেভিলিয়নমুখী হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ৫ ৰান আহে । ইয়াৰ পিছত কুইণ্টন ডি ককো পৰৱৰ্তী অভাৰত পেভিলিয়নলৈ উভতি আহে । তেওঁৰ বেটৰ পৰা মাত্ৰ ২ ৰানহে আহে । কিন্তু ইয়াৰ পিছত ৰাহানে কিছু ভাল শ্বট খেলিছিল যদিও তেওঁ ৮ম অভাৰত আউট হয় । ৰাহানেই ১৭ ৰান সংগ্ৰহ কৰে ।

ইয়াৰ পিছত ৰঘুবংশীও দশম অভাৰত আউট হয় । ইয়াৰ পিছত একেবাৰে পৰৱৰ্তী অভাৰত মেক্সৱেলে ভেংকটেশ আয়াৰক আউট কৰে । ইয়াৰ পাছতে চাহালে তৃতীয় অভাৰত ৰিংকু সিং আৰু ৰমনদীপক আউট কৰে । ইয়াৰ পিছত কলকাতাই বিশেষ ৰান সংগ্ৰহত ব্যৰ্থ হয় । ৰাছেলে নিশ্চিতভাৱে কিছুমান আক্ৰমণাত্মক শ্বট খেলিছিল কিন্তু দলক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় । ১৬ অভাৰৰ প্ৰথমটো বলত কে কে আৰ অল আউট হয় পঞ্জাৱে ১৬ ৰানত জয়লাভ কৰে ।

পঞ্জাৱৰ বেটিং-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাৱে শক্তিশালী আৰম্ভণি কৰিছিল । প্ৰিয়ংশ আৰ্যই আক্ৰমণাত্মকভাৱে আৰম্ভণি কৰিছিল যদিও চতুৰ্থ অভাৰত হৰ্ষিত ৰাণাৰ চিকাৰ হয় তেওঁ । আৰ্যৰ বেটৰ পৰা ২২ ৰান আহে । ইয়াৰ পিছত পঞ্জাবে উপৰ্যুপৰি বিপৰ্যয়ৰ সন্মুখীন হ’বলগা হয় । চতুৰ্থ অভাৰত শ্ৰেয়াছ আয়াৰ একাউণ্ট নোখোলাকৈয়ে আউট হয় । ইয়াৰ পিছত পৰৱৰ্তী অভাৰত জোছ ইংলিছো পেভিলিয়নমুখী হয় ।

পাৱাৰপ্লেৰ শেষ অভাৰত প্ৰভসিমৰন সিঙৰ উইকেটৰো পতন ঘটে । তেওঁৰ বেটৰ পৰা মাত্ৰ ৩০ ৰানহে আহে । ৯ম অভাৰত নেহাল ৱাধেৰাও ১০ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে পঞ্জাৱৰ বেটিং লাইন আপ তাচ পাতৰ দৰে খহি পৰে । পঞ্জাব ১৬ অভাৰতে ১১১ ৰানত অল আউট হয় ।

শেহতীয়া প্ৰৱন্ধসমূহ