অধিক বিপজ্জনক হৈ পৰিছে AI ; ফটো জেনেৰেচন ফিচাৰৰ জৰিয়তে তৈয়াৰ কৰিব পাৰে ভুৱা আধাৰ কাৰ্ড

এআইত নতুন নতুন ফিচাৰ সংযোজন হোৱাৰ লগে লগে ই আমাৰ বাবে অধিক বিপদজনক হৈ পৰিছে।এফালে এআইয়ে আমাৰ কাম সহজ কৰি তুলিছে। আনফালে চাইবাৰ অপৰাধীয়ে এআইৰ জৰিয়তে ডিপফেক ফটো আৰু ভিডিঅ’ তৈয়াৰ কৰি মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে।শেহতীয়াকৈ OpenAI এ ইয়াৰ AI সঁজুলি ChatGPT ত ফটো

এআইত নতুন নতুন ফিচাৰ সংযোজন হোৱাৰ লগে লগে ই আমাৰ বাবে অধিক বিপদজনক হৈ পৰিছে।এফালে এআইয়ে আমাৰ কাম সহজ কৰি তুলিছে।

আনফালে চাইবাৰ অপৰাধীয়ে এআইৰ জৰিয়তে ডিপফেক ফটো আৰু ভিডিঅ’ তৈয়াৰ কৰি মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে।শেহতীয়াকৈ OpenAI এ ইয়াৰ AI সঁজুলি ChatGPT ত ফটো জেনেৰেচন ফিচাৰ যোগ কৰিছে।

এই ফিচাৰ সংযোজন কৰাৰ পিছত বিশেষজ্ঞসকলে ভুৱা আধাৰ কাৰ্ড, পাছপ’ৰ্টৰ দৰে নথি-পত্ৰ প্ৰস্তুত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

কে ৱাই চিৰ জালিয়াতিৰ ভয়- বিশেষকৈ বেংকিং, বিত্ত, বীমা, টেলিকম, লজিষ্টিক, স্বাস্থ্যসেৱা, শিক্ষা আৰু মনোৰঞ্জন খণ্ডত এআইৰ জৰিয়তে কেৱাইচি জালিয়াতিৰ সম্ভাৱনা আছে।

এআইৰ ফটো জেনেৰেচন ফিচাৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে মানুহৰ ভুৱা নথি-পত্ৰ সৃষ্টি কৰি ডাঙৰ ডাঙৰ চাইবাৰ জালিয়াতি কৰিব পাৰে।

এনে পৰিস্থিতিত প্ৰতিষ্ঠানসমূহক ডিপফেক ধৰা পেলোৱা সঁজুলিৰ প্ৰয়োজন হ’ব যিয়ে এআইয়ে সৃষ্টি কৰা ভুৱা নথিপত্ৰ চিনাক্ত কৰিব পাৰে।

চাইবাৰ বিশেষজ্ঞই কয় যে ভুৱা নথি-পত্ৰ ধৰা পেলাবলৈ পৰম্পৰাগত ধৰা পেলোৱা কৌশল যেনে ৱাটাৰমাৰ্কিং, চি টু পি এ মেটাডাটা, আৰু মুখ চিনাক্তকৰণ যথেষ্ট নহয়।

এই মুহূৰ্তত এনে বহু এন্টি ডিটেকচন সঁজুলি উপলব্ধ, যিয়ে এনে ব্যৱস্থাক সহজেই বাইপাছ কৰিব পাৰে।এআইয়ে সৃষ্টি কৰা ভুৱা নথি-পত্ৰবোৰলৈ চাই আপুনি একেবাৰেই অনুভৱ নকৰিব যে সেইবোৰ ভুৱা।

AI ৰ সহায়ত ভুৱা ভিডিঅ’ আৰু অডিঅ’ তৈয়াৰ কৰাৰ লগতে ভুৱা নথি তৈয়াৰ কৰিব পাৰি।এয়া এক নতুন পদ্ধতিৰ ভাবুকি, এনে পৰিস্থিতিত এই খণ্ডসমূহৰ প্ৰতিষ্ঠানসমূহক প্ৰথম দিনাৰ পৰাই জালিয়াতি চিনাক্ত কৰিবলৈ সঁজুলিৰ প্ৰয়োজন।

চাইবাৰ ছিকিউৰিটি ষ্টাৰ্ট আপ ফাৰ্ম পাই-লেবছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অংকুশ তিৱাৰীয়ে প্ৰকাশ কৰিছে এআইৰ অপব্যৱহাৰৰ এই নতুন আশংকা।

শেহতীয়া প্ৰৱন্ধসমূহ