ইংলেণ্ড ক্ৰিকেট দলে লাভ কৰিলে নতুন অধিনায়ক; এদিনীয়া আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ ল’ব দায়িত্ব

য’ত এফালে ভাৰতত আই পি এল চলি আছে আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে খেলি আছে। ইফালে ইংলেণ্ডত অন্য এক ঘটনা ঘটি আছে। চেম্পিয়নছ ট্ৰফীৰ সময়ত হোৱা দুৰ্বল প্ৰদৰ্শনৰ পিছত হঠাতে জোছ বাটলাৰে অধিনায়কত্ব ত্যাগ কৰে। ইয়াৰ পিছত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে নতুন অধিনায়ক

য’ত এফালে ভাৰতত আই পি এল চলি আছে আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে খেলি আছে। ইফালে ইংলেণ্ডত অন্য এক ঘটনা ঘটি আছে।

চেম্পিয়নছ ট্ৰফীৰ সময়ত হোৱা দুৰ্বল প্ৰদৰ্শনৰ পিছত হঠাতে জোছ বাটলাৰে অধিনায়কত্ব ত্যাগ কৰে। ইয়াৰ পিছত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে নতুন অধিনায়ক বিচাৰি আছিল।

এতিয়া তেওঁলোকে জোছ বাটলাৰৰ সলনি এজনক বিচাৰি পাইছে।নতুন অধিনায়কগৰাকীয়ে এতিয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু এদিনীয়া মেচত দলটোৰ দায়িত্ব ল’ব।এই দায়িত্ব হেৰী ব্ৰুকক দিয়া হৈছে।

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে হেৰী ব্ৰুকক টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু এদিনীয়াৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰিছে।অৱশ্যে আগৰ দৰেই টেষ্ট ক্ৰিকেটৰ অধিনায়ক হিচাপে থাকিব বেন ষ্ট’কছে।

ইয়াৰ পূৰ্বে জোছ বাটলাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু এদিনীয়া দলৰ অধিনায়কত্ব কৰিছিল।প্ৰায় ২৬ বছৰ বয়সৰ হেৰী ব্ৰুক ২০২২, ২০২০ চনত অভিষেক ঘটায়, তাৰ পিছৰে পৰা কেইখনমান মেচৰ বাহিৰে তেওঁ অবিৰতভাৱে খেলি আহিছে।

বৰ্তমান আই চি চি টেষ্ট ৰেংকিঙত দ্বিতীয় নম্বৰৰ বেটছমেন হিচাপে আছে হেৰী ব্ৰুক। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ অধিনায়কত্ব কৰাৰ বাবে হেৰী ব্ৰুকক অধিনায়কৰ দায়িত্ব নতুন নহ’ব।