পুনৰ শিক্ষকৰ লজ্জাজনক কাণ্ড ; ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ

বিহপুৰীয়া শিক্ষা খণ্ডৰ অধীনৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাক লৈ সোমবাৰে পুৱা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ সহকাৰী শিক্ষক কৰুণা নেওগে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগতে বিদ্যালয় খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ জানিব পৰা মতে যোৱা শনিবাৰে বিদ্যালয়ৰ পাঠদান চলি থকাৰ

বিহপুৰীয়া শিক্ষা খণ্ডৰ অধীনৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাক লৈ সোমবাৰে পুৱা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ সহকাৰী শিক্ষক কৰুণা নেওগে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগতে বিদ্যালয় খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷

জানিব পৰা মতে যোৱা শনিবাৰে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে বাৰান্দাত ছাত্ৰী গৰাকীক শিক্ষক কুৰুণা নেওগে শ্লীলতা হানি কৰাৰ অভিযোগ।

যাৰ ফলত আজি বৃহত্তৰ অঞ্চলটোৰ অভিভাৱক আৰু ৰাইজ ওলাই আহি বিদ্যালয়খনত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ৷

ৰাইজ , ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰা মতে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে একাংশ শিক্ষকে মদ খাই শৈক্ষিক পৰিবেশ বিনষ্ট কৰি আহিছে ৷

পিছত বিহপুৰীয়াৰ আৰক্ষী বিদ্যালয়খনলৈ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ কবলৰ পৰা অভিযুক্ত শিক্ষক জনক উদ্ধাৰ কৰে ৷সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে অভিযুক্ত শিক্ষক কৰুণা নেওগক

শেহতীয়া প্ৰৱন্ধসমূহ