TET উত্তীৰ্ণ নহ’লে নাথাকিব চাকৰি! উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা

উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক শেহতীয়া নিৰ্দেশনাই সমগ্ৰ দেশৰ শিক্ষা জগতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

শিক্ষক যোগ্যতা পৰীক্ষা বা TET-ক লৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক শেহতীয়া নিৰ্দেশনাই সমগ্ৰ দেশৰ শিক্ষা জগতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আদালতে স্পষ্ট কৰি দিছে যে চাকৰিত বৰ্তি থাকিবলৈ আৰু পদোন্নতি লাভ কৰিবলৈ এতিয়াৰ পৰা TET উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক । এই ৰায়দানে লাখ লাখ শিক্ষকৰ ভৱিষ্যতক লৈ এক গভীৰ অনিশ্চয়তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে ।

কি নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ?

আদালতে TET উত্তীৰ্ণ হোৱাৰ বাবে এক নিৰ্ধাৰিত সময়সীমা বান্ধি দিছে । যিসকল শিক্ষকে এতিয়াও এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাই, তেওঁলোকে ৩১ আগষ্ট, ২০২৮ তাৰিখৰ ভিতৰত বাধ্যতামূলকভাৱে পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব । পূৰ্বতে এই সময়সীমা ৩১ আগষ্ট, ২০২৭ লৈ আছিল যদিও তাক বৰ্তমান এসছৰৰ বাবে বৃদ্ধি কৰা হৈছে ।

প্ৰভাৱিত হ’ব ২০ লাখৰো অধিক শিক্ষক-

দেশৰ বিভিন্ন ৰাজ্য যেনে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ঝাৰখণ্ড আৰু ৰাজস্থানত বহু শিক্ষক আছে যিসকলে বছৰৰ পিছত বছৰ ধৰি পাঠদান কৰি আহিছে, কিন্তু তেওঁলোকে আজিও TET উত্তীৰ্ণ হ’ব পৰা নাই । এক প্ৰাথমিক অনুমান অনুসৰি, সমগ্ৰ দেশত প্ৰায় ২০ লাখতকৈ অধিক শিক্ষক এই নতুন নীতিৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে । কেৱল উত্তৰ প্ৰদেশতে প্ৰায় ১.৮৬ লাখ শিক্ষকৰ চাকৰিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি চৰ্চা চলিছে ।

চাকৰিৰ সংকট আৰু অৱসৰৰ চিন্তা-

আদালতৰ ৰায় অনুসৰি, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যদি কোনো শিক্ষকে TET উত্তীৰ্ণ হ’ব নোৱাৰে, তেন্তে তেওঁলোকে চাকৰিত বৰ্তি থকাটো কঠিন হৈ পৰিব । এনে পৰিস্থিতিত বহু শিক্ষকে চাকৰি এৰিবলগীয়া হোৱা বা অৱসৰ গ্ৰহণ কৰাৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে । অৱশ্যে, যিসকল শিক্ষকৰ চাকৰিৰ কালসীমা অতি কম বাকী আছে, তেওঁলোকে কিছু সকাহ পাব পাৰে বুলি আশা কৰা হৈছে । কিন্তু পদোন্নতিৰ ক্ষেত্ৰত TET উত্তীৰ্ণ হোৱাটো সকলোৰে বাবে অপৰিহাৰ্য হৈ থাকিব ।

শিক্ষক সংগঠনৰ প্ৰতিবাদ আৰু সংগ্ৰামৰ হুংকাৰ-

এই ৰায়দানৰ পিছতে শিক্ষক সংগঠনসমূহ ক্ষুব্ধ হৈ পৰিছে । সংগঠনসমূহে চৰকাৰক আহ্বান জনাইছে যে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কোনো বিশেষ ব্যৱস্থা বা অধ্যাদেশৰ জৰিয়তে এই নিয়ম শিথিল কৰিব লাগে । এই প্ৰশ্নটো লৈ শিক্ষকসকলে আগন্তুক দিনত আইনী যুঁজৰ লগতে গণতান্ত্ৰিক উপায়েৰে পথৰ পৰা সংসদলৈ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে । কিছু সংগঠনে উচ্চতম ন্যায়ালয়ত ‘কিউৰেটিভ পিটিচন’ দাখিল কৰাৰো পৰিকল্পনা কৰিছে ।

ৰাজ্যসমূহক বছৰত দুবাৰ TET অনুষ্ঠিত কৰাৰ নিৰ্দেশ-

শিক্ষকসকলক পৰ্যাপ্ত সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে যে প্ৰতি বছৰে কমেও দুবাৰকৈ TET পৰীক্ষা অনুষ্ঠিত কৰিব লাগে । এই ব্যৱস্থাই শিক্ষকসকলক তেওঁলোকৰ যোগ্যতা প্ৰমাণ কৰিবলৈ আৰু চৰকাৰী নিয়ম মানি চলিবলৈ সহায় কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : স্কুলীয়া শিক্ষাত উত্তৰ-পূবৰ শীৰ্ষত অসম, দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা স্থানত মেঘালয় : পি জি আই প্ৰতিবেদন

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নে ধন কুবেৰ?  ২৭ বছৰত দুৰ্নীতিৰে গঢ়িলে ৯ কোটি টকাৰ সম্পত্তি

মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত এটা অভিযানে উদঙাইছে প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ কথা। এই অভিযানত জব্দ কৰা সম্পত্তি দেখি সকলোৱে হতবাক হৈ পৰিছে।

জিলাখনৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ ওচৰত ৮৩.৬ কোটি টকাতকৈও অধিক সম্পত্তি থকা দেখা গৈছে। যাৰ ভিতৰত আছে ৫২টা প্লট, যি তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসতকৈ অধিক।

শিক্ষকজনৰ নাম সুৰেশ সিং ভাদাউৰিয়া। জানিব পৰা মতে গোৱালিয়ৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই বুধবাৰে ৰাতিপুৱা জিলাখনৰ ভণ্টি চহৰত ভাদাউৰিয়াৰ বাসগৃহত অভিযান চলাইছিল।

ই.ও.ডব্লিউ.-য়ে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে ভাদাউৰিয়া আৰু তেওঁৰ পৰিয়ালৰ ওচৰত সামূহিকভাৱে বহু মাটি-সম্পত্তি থকাৰ লগতে দোকান, ঘৰ, বাহন,সোণ আৰু ৰূপ আছে।

ই.ও.ডব্লিউ. অনুসন্ধান অনুসৰি, ভাদাউৰিয়াই এতিয়ালৈকে তেওঁৰ চাকৰিৰ পৰা মুঠ ৩৮.০৪লাখ টকা দৰমহা উপাৰ্জন কৰিছে।

ই.ও.ডব্লিউ. বিষয়াসকলৰ মতে, শিক্ষক সুৰেশ সিং ভাদাউৰিয়া, যি বৰ্তমান মাহিলী ৬৫হাজাৰ দৰমহা উপাৰ্জন কৰে। তেওঁ ১৯৯৮ চনৰ পৰা চাকৰিটো কৰি আছে।

শিক্ষকজনে মুঠ ৮৩৬,৩২,৩৪০ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ বিষয়ে তথ্য লাভ কৰিছে। অভিযুক্ত শিক্ষকজনে তেওঁৰ প্ৰায় ২৭ বছৰৰ চাকৰিকালত দৰমহা হিচাপে প্ৰায় ৩৮ লাখ ৪ হাজাৰ টকা লাভ কৰিছিল।

অভিযানৰ সময়ত, ই.ও.ডব্লিউ.-য়ে ১২ টা বেংক পাছবুক আৰু কেইবাটাও ভূমিমালিকী নথি পত্ৰ উদ্ধাৰ কৰিছে।

শিক্ষকৰ লজ্জাজনক কাণ্ড; ছাত্ৰীক অশালীন মেছেজ আবু তাহেৰ শ্বেখ ছাৰৰ

পুনৰ শিক্ষক সমাজক লজ্জিত কৰিলে এজন শিক্ষকে।শিক্ষকগৰাকীৰ নাম আবু তাহেৰ শ্বেখ।শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে আবু তাহেৰ শ্বেখে।

ছাত্ৰীক যৌন নিৰ্যাতনৰ অশালীন মেছেজ দি মানসিকভাৱে হাৰাশাস্তিৰ অভিযোগ আৰবী শিক্ষকগৰাকীৰ বিৰুদ্ধে । দীৰ্ঘদিনৰ পৰা শিক্ষক গৰাকীয়ে দি আহিছিল এই মেছেজ।

পিছত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে এই কথা জানিব পাৰি ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে তামাৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

লম্পট শিক্ষক আবু তাহেৰ শ্বেখৰ বিৰুদ্ধে pocsoআইনৰ অধীনত ৭৯ BNS ধাৰাত গোচৰ ৰুজু হৈছে।আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ খবৰ পোৱাৰ পিছতে পলাতক অভিযুক্ত আবু তাহেৰ শ্বেখ।আত্মগোপন কৰি থকা শিক্ষক আবু তাহেৰ শ্বেখক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ

লাখ লাখ চৰকাৰী শিক্ষকলৈ নতুন নিৰ্দেশনা; শ্ৰেণীকোঠা এৰি যাব নোৱাৰিব ব্যক্তিগত কামত

ৰাজ্যৰ লাখ লাখ চৰকাৰী শিক্ষকলৈ আহি গ’ল কঠোৰ নিৰ্দেশনা।এতিয়াৰ পৰা কোনো চৰকাৰী শিক্ষক কৰিব নোৱাৰিব এই কাম। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষক সকললৈ জাৰি কৰিছে এক নিৰ্দেশনা।

এই নিৰ্দেশনা অনুসৰি শ্ৰেণীকোঠা এৰি কোনো শিক্ষকেই ঘূৰিব নোৱাৰিব কোনো ব্যক্তিগত কামত।পাঠদানৰ সময়ত ব্যক্তিগত কামত ব্যস্ত শিক্ষকক লৈ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

দৰাচলতে শ্ৰেণীকোঠা এৰি বহু শিক্ষক সচিবালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, আন জিলা কাৰ্যালয়লৈ যায়।এতিয়াৰে পৰা কৰ্ত্যবৰ সময়ত এৰিব নোৱাৰিব বিদ্যালয়, শ্ৰেণীকোঠা। আন কিবা কাম থাকিলে স্কুল ছুটীৰ পিছতহে যাব পাৰিব সকলো চৰকাৰী শিক্ষক।

পুনৰ শিক্ষকৰ লজ্জাজনক কাণ্ড ; ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ

বিহপুৰীয়া শিক্ষা খণ্ডৰ অধীনৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাক লৈ সোমবাৰে পুৱা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ সহকাৰী শিক্ষক কৰুণা নেওগে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগতে বিদ্যালয় খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷

জানিব পৰা মতে যোৱা শনিবাৰে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে বাৰান্দাত ছাত্ৰী গৰাকীক শিক্ষক কুৰুণা নেওগে শ্লীলতা হানি কৰাৰ অভিযোগ।

যাৰ ফলত আজি বৃহত্তৰ অঞ্চলটোৰ অভিভাৱক আৰু ৰাইজ ওলাই আহি বিদ্যালয়খনত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ৷

ৰাইজ , ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰা মতে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে একাংশ শিক্ষকে মদ খাই শৈক্ষিক পৰিবেশ বিনষ্ট কৰি আহিছে ৷

পিছত বিহপুৰীয়াৰ আৰক্ষী বিদ্যালয়খনলৈ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ কবলৰ পৰা অভিযুক্ত শিক্ষক জনক উদ্ধাৰ কৰে ৷সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে অভিযুক্ত শিক্ষক কৰুণা নেওগক