১১৬ বছৰ বয়সত মৃত্যু বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলাগৰাকীৰ...

১১৬ বছৰ বয়সত মৃত্যু বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলাগৰাকীৰ…

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল জাপানী মহিলা টমিকো ইটছুকাৰ ১১৬ বছৰ বয়সত মৃত্যু হয় । মধ্য জাপানৰ হ্যোগো প্ৰিফেকচাৰৰ আছিয়া চহৰৰ এটা কেয়াৰ হোমত ইটছুকাৰ মৃত্যু হয় বুলি খবৰ নিশ্চিত কৰিছে আছিয়া চহৰৰ বৃদ্ধ নীতিৰ দায়িত্বত থকা যোছিটছুগু নাগাটাই । কল

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল জাপানী মহিলা টমিকো ইটছুকাৰ ১১৬ বছৰ বয়সত মৃত্যু হয় । মধ্য জাপানৰ হ্যোগো প্ৰিফেকচাৰৰ আছিয়া চহৰৰ এটা কেয়াৰ হোমত ইটছুকাৰ মৃত্যু হয় বুলি খবৰ নিশ্চিত কৰিছে আছিয়া চহৰৰ বৃদ্ধ নীতিৰ দায়িত্বত থকা যোছিটছুগু নাগাটাই ।

কল আৰু কেলপিছ নামৰ জাপানীজ দৈৰ সোৱাদযুক্ত পানীয় ভালপোৱা ইটছুকাৰ জন্ম হৈছিল ১৯০৮ চনৰ ২৩ মে’ত । হাইস্কুলত ভলীবল খেলুৱৈ আছিল তেওঁ । ৩গৰাকী ভাই-ভনীৰ ভিতৰত তেওঁ আছিল জ্যেষ্ঠ । ২০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয় ইটছুকাৰ । ১৯৭৯ চনত তেওঁৰ স্বামীৰ মৃত্যু হয় । দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি তেওঁ এগৰাকী কন্যা, এজন পুত্ৰ আৰু পাঁচগৰাকী নাতি-নাতিনীক এৰি থৈ যায় ।

জেৰন্টোলজী ৰিচাৰ্চ গ্ৰুপৰ মতে ইটুছুকাৰ মৃত্যুৰ পিছত ইনাহ কানাবাৰো লুকাছ বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হৈছে । ব্ৰাজিলৰ কানাবাৰোৰ বয়স বৰ্তমান ১১৬ বছৰ । ইটছুকাৰ জন্মৰ ১৬ দিনৰ পিছত তেওঁৰ জন্ম হৈছিল । আছিয়াৰ মেয়ৰ ৰিয়াছুকে তাকাছিমাই কয় যে যোৱা দেওবাৰে ইটছুকাৰ মৃত্যু হয় । তেওঁ জীৱনকালত বিশ্বযুদ্ধ আৰু মহামাৰীৰ লগতে পৰিৱৰ্তিত প্ৰযুক্তিৰ সাক্ষী হৈছিল । তেওঁৰ দীৰ্ঘজীৱনে আমাক আশা আৰু সাহস দিলে । অৱশ্যে স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে বয়সৰ লগত জড়িত জটিলতাৰ বাবে তেওঁৰ মৃত্যু হৈছে ।

তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে । গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে এক্সত শ্বেয়াৰ কৰা এক পোষ্টত প্ৰকাশ কৰিছে যে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি টমিকো ইটছুকাৰ ১১৬ বছৰ বয়সত মৃত্যু হৈছে । তেখেতৰ পৰিয়ালক আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ । শ্ৰীমতী ইটুছুকাই তেওঁৰ দীৰ্ঘ জীৱনত আমাক বহুত সাহস আৰু আশা দিলে । তেওঁলৈ আকৌ এবাৰ কৃতজ্ঞতা, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ।

শেহতীয়া প্ৰৱন্ধসমূহ