প্ৰধানমন্ত্ৰী অলী

নেপালৰ বিদ্ৰোহৰ ১০ দিনৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলী; ভাড়াঘৰেই হ’ব ঠিকনা

নেপালৰ বিদ্ৰোহৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলী যোৱা ৯ ছেপ্টেম্বৰত নেপালত Gen-Z ৰ প্ৰতিবাদৰ হেঁচাত কেপি শৰ্মা অলীয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। দুৰ্নীতি আৰু নেপটিজিমৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা যুৱ-প্ৰজন্মৰ ধুমুহাই নেপালৰ চৰকাৰক উৰুৱাই লৈ যায়।তাৰ পিছতেই পদত্যাগ কৰি পলায়ন কৰিছিল কেপি

নেপালৰ বিদ্ৰোহৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলী

যোৱা ৯ ছেপ্টেম্বৰত নেপালত Gen-Z ৰ প্ৰতিবাদৰ হেঁচাত কেপি শৰ্মা অলীয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল।

দুৰ্নীতি আৰু নেপটিজিমৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা যুৱ-প্ৰজন্মৰ ধুমুহাই নেপালৰ চৰকাৰক উৰুৱাই লৈ যায়।তাৰ পিছতেই পদত্যাগ কৰি পলায়ন কৰিছিল কেপি শৰ্মা অলীয়ে।

পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয় অলী। ১০ দিনৰ অন্তত শুকুৰবাৰে ৰাজহুৱা স্থানত হাজিৰ হ’ল নেপালৰ পদচ্যুত প্ৰধানমন্ত্ৰী অলী।

বৃহস্পতিবাৰে শিৱপুৰী সামৰিক বেৰেকৰ পৰা সেনাৰ হেলিকপ্টাৰেৰে তেওঁক ভক্তপুৰলৈ অনা হয়,য’ত তেওঁলোকৰ বাবে এটা ঘৰ ভাড়াত লোৱা হৈছে।

৮ আৰু ৯ ছেপ্টেম্বৰত Gen-Z ৰ প্ৰতিবাদৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলীয়ে সেনাৰ হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ পৰা ওলাই গৈছিল।তাৰ পিছত শিৱপুৰীৰ সামৰিক বেৰেকত তেওঁক সুৰক্ষিত ৰূপত ৰখা হৈছিল।

প্ৰতিবাদকাৰীয়ে কাঠমাণ্ডুত থকা তেওঁৰ ব্যক্তিগত ঘৰৰ লগতে ঝাপাৰ পূৰ্বপুৰুষৰ ঘৰ আৰু দমকত থকা তেওঁৰ ঘৰত অগ্নি সংযোগ কৰিছিল।

যাৰ বাবে এতিয়া তেওঁলোকৰ কাৰণে আন এটা ভাড়াঘৰ বিচাৰি পোৱা গ’ল।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী আহি পোৱাৰ লগে লগে তেওঁৰ নতুন ভাড়াঘৰত উপস্থিত থকা একাংশ সমৰ্থকে আদৰণি জনায়।

উল্লেখযোগ্য যে, ৮ আৰু ৯ ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতিৰ বিৰুদ্ধে নেপালৰ যুৱ প্ৰজন্মই হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে।এই প্ৰতিবাদত ২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: ‘কংগ্ৰেছে সদায় ভুৱা আখ্যান বিয়পাই’; ৰাহুল গান্ধীক লৈ অমিত শ্বাহৰ ডাঙৰ বক্তব্য