গুলীয়াই আত্মহত্যা প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ

গুলীয়াই আত্মহত্যা প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ;  মাত্ৰ কেইঘণ্টামান পূৰ্বে পদৰ পৰা কৰা হৈছিল বৰ্খাস্ত

গুলীয়াই আত্মহত্যা প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ ৰাছিয়াৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী ৰোমান ষ্টাৰভয়েটে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পদৰ পৰা অপসাৰণ কৰাৰ কেইঘণ্টামানৰ পাছত সোমবাৰে নিজকে গুলীয়াই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে । ৰাছিয়াৰ সংবাদ সংস্থাৰ মতে, মস্কোৰ উপকণ্ঠ অঞ্চলত তেওঁ নিজকে গুলীয়াই হত্যা কৰে । তদন্তকাৰী সংস্থাটোৱে

গুলীয়াই আত্মহত্যা প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ

ৰাছিয়াৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী ৰোমান ষ্টাৰভয়েটে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পদৰ পৰা অপসাৰণ কৰাৰ কেইঘণ্টামানৰ পাছত সোমবাৰে নিজকে গুলীয়াই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে । ৰাছিয়াৰ সংবাদ সংস্থাৰ মতে, মস্কোৰ উপকণ্ঠ অঞ্চলত তেওঁ নিজকে গুলীয়াই হত্যা কৰে । তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, তেওঁৰ গাড়ীত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে ।

চৰকাৰী ৱেবছাইটত প্ৰকাশ পোৱা পুটিনৰ নিৰ্দেশত ষ্টাৰভয়টক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কোনো কাৰণ উল্লেখ কৰা হোৱা নাই । ২০২৪ চনৰ মে’ মাহত ষ্টাৰভয়টক পৰিবহণ মন্ত্ৰী নিযুক্তি দিয়া হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ইউক্ৰেইনৰ সীমান্তৱৰ্তী কুৰ্স্ক অঞ্চলৰ গৱৰ্ণৰ আছিল আৰু প্ৰায় পাঁচ বছৰ ধৰি এই পদত অধিষ্ঠিত আছিল । ক্ৰেমলিনে জনোৱা মতে, নভগ’ৰড অঞ্চলৰ প্ৰাক্তন গৱৰ্ণৰ আন্দ্ৰেই নিকিটিনক ভাৰপ্ৰাপ্ত পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

ষ্টাৰভয়টক হঠাতে বৰ্খাস্ত কৰা আৰু নিকিটিনক তাৎক্ষণিক নিযুক্তিৰ বিষয়ে প্ৰশ্ন কৰাত ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে কয় যে, “ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মতে, আন্দ্ৰেই নিকিটিনৰ হাতত এই সময়ত প্ৰয়োজনীয় অভিজ্ঞতা আৰু অৰ্হতা আছে । কাৰণ প্ৰশ্ন কৰা মন্ত্ৰালয়টো (পৰিবহণ মন্ত্ৰালয়) অতি গুৰুত্বপূৰ্ণ, আৰু ৰাষ্ট্ৰপতিয়ে বিচাৰে যে এই বিভাগে নিজৰ দায়িত্ব ভালদৰে পালন কৰক ।”

জানিব পৰা মতে, নিকিটিনৰ নিযুক্তি দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰা হৈছিল আৰু যোৱা মাহত ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চৰ পূৰ্বে চূড়ান্ত কৰা হৈছিল । ৰাছিয়াৰ বিমান পৰিবহণ আৰু জাহাজ পৰিবহণ খণ্ডত ডাঙৰ সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে ষ্টাৰভয়টক এই চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

তেওঁক আঁতৰোৱাৰ ঠিক আগতে ৫ আৰু ৬ জুলাইত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ ফলত ৰাছিয়াৰ কেইবাটাও ডাঙৰ বিমানবন্দৰত প্ৰায় ৩০০খন বিমান বাতিল কৰিবলগীয়া হয় । ইয়াৰ উপৰিও লেনিনগ্ৰাড অঞ্চলৰ উষ্ট-লুগা বন্দৰত এখন টেংকাৰ বিস্ফোৰণ ঘটি ৬ জুলাইত এমোনিয়া লিক হৈ জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় । ষ্টাৰভয়টৰ অৱস্থা বহু বেছি দিন ধৰি অস্থিৰ আছিল আৰু পৰিবহণৰ বিফলতাৰ সৈতে কম আৰু কুৰ্স্কৰ দুৰ্নীতিৰ সৈতে বেছি সম্পৰ্ক আছে বুলি সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ খুঁত; ৰাষ্ট্ৰপতিৰ গলফ খেলপথাৰৰ ওপৰত অসামৰিক বিমানক বাধা

শেহতীয়া প্ৰৱন্ধসমূহ