ভাৰতত ব্লক হ’ল ইমৰাণ খান, বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্ট...

ভাৰতত ব্লক হ’ল ইমৰাণ খান, বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্ট…

পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খান আৰু প্রাক্তন বৈদেশিক মন্ত্রী বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্ট ভাৰতত ব্লক কৰা হৈছে ৷ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাৰাৰৰ ‘এক্স’ একাউণ্টতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এদিন পূৰ্বে তেওঁ দাবী কৰিছিল যে

পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খান আৰু প্রাক্তন বৈদেশিক মন্ত্রী বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্ট ভাৰতত ব্লক কৰা হৈছে ৷ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাৰাৰৰ ‘এক্স’ একাউণ্টতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এদিন পূৰ্বে তেওঁ দাবী কৰিছিল যে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত নতুন দিল্লীয়ে চুবুৰীয়া দেশখনক সামৰিক আক্ৰমণ চলাব পাৰে বুলি ইংগিত দিয়া বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য ইছলামবাদৰ হাতত আছে ।

ইমৰাণ খান আৰু বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্টত লিখা এটা বাৰ্তা পোহৰলৈ আহিছে । ইয়াত লিখা আছে যে আইনী দাবীৰ প্ৰতি সঁহাৰি জনাই ভাৰতত ইয়াক নিষিদ্ধ কৰা হৈছে । পাকিস্তানী ৰাজনীতিবিদৰ এক্স একাউণ্টৰ প্ৰফাইল পিকচাৰ আৰু কভাৰ ইমেজ খালী দেখা গৈছে ।

২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই আক্ৰমণত নিষিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ এটা শাখা ‘The Resistance Force’ (TRF)ৰ সন্ত্ৰাসবাদীয়ে নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰি ২৬ জন লোকক নিৰ্মমভাৱে হত্যা কৰে । ইয়াৰ পিছতে কেইবাজনো পাকিস্তানী ৰাজনীতিবিদৰ ‘এক্স’ একাউণ্ট ভাৰতত নিষিদ্ধ কৰা হয় । ইয়াৰ উপৰিও ভাৰতে হানিয়া আমিৰ, মহিৰা খানকে ধৰি বহু পাকিস্তানী শিল্পীৰ ইনষ্টাগ্ৰাম একাউণ্টো ব্লক কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ