প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত হাছিনাৰ প্ৰত্যাৰ্পণৰ বিষয় উত্থাপন বাংলাদেশৰ… বেংককত হৈছিল সাক্ষাৎ

মঙলবাৰে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে বেংককত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে শেহতীয়াকৈ বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বৈঠকৰ সময়ত অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ

মঙলবাৰে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে বেংককত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে শেহতীয়াকৈ বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বৈঠকৰ সময়ত অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ বিষয়টো উত্থাপন কৰা হৈছিল ।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি হুছেইনে কয় যে আমি এই বিষয়টো উত্থাপন কৰিলোঁ, কিন্তু এতিয়ালৈকে একো চূড়ান্ত হোৱা নাই । লগতে ইউনুছে হাছিনাক প্ৰত্যাৰ্পণ বিচাৰিছিল নেকি যাতে তেওঁ বিচাৰৰ সন্মুখীন হ’ব পাৰে বুলি সোধাত হুছেইনে বিতংভাৱে ক’বলৈ অস্বীকাৰ কৰে । অৱশ্যে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ তিক্ততা সন্দৰ্ভত তেওঁ কয় যে ঢাকা আৰু দিল্লীৰ সম্পৰ্কত অগ্ৰগতি লাভ কৰিবলৈ দুয়োখন দেশে একেলগে কাম কৰাৰ প্ৰয়োজন আছে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ইউনুছে-

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনৰ সময়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ইউনুছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । এই বৈঠকৰ অন্তত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে দ্বিপাক্ষিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পৰা এনে বক্তব্যৰ পৰা আঁতৰি থাকিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশক আহ্বান জনাইছে ।

সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰাৰ আশা প্ৰধানমন্ত্ৰী মোদীৰ-

বৈঠকৰ এদিন পিছতে ইউনুছৰ প্ৰেছ সম্পাদক ছফিকুল আলমে ফেচবুকত পোষ্ট কৰি হাছিনাক প্ৰত্যাৰ্পণৰ বিষয়টো উত্থাপন কৰা বুলি উল্লেখ কৰে । ইয়াৰ উপৰিও বাংলাদেশ চৰকাৰে হিন্দুকে ধৰি সংখ্যালঘু লোকৰ সুৰক্ষা সুনিশ্চিত কৰিব আৰু তেওঁলোকৰ বিৰুদ্ধে হোৱা অত্যাচাৰৰ গোচৰৰ পুংখানুপুংখ তদন্ত কৰিব বুলি আশা প্ৰকাশ কৰে মোদীয়ে ।

শেহতীয়া প্ৰৱন্ধসমূহ