দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা ; কাইলৈ হ’ব শপত গ্ৰহণ

বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হ’ল দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। ৰেখা গুপ্তাই হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ।তেওঁ শালিমাৰ বাগ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল। উল্লেখ্য যে মুখ্যমন্ত্ৰী আসনৰ বাবে বুধবাৰে সন্ধিয়া এখন ৰুদ্ধদাৰ বৈঠক অনুষ্ঠিত হয়।বিজেপি বিধায়িনী দলৰ বৈঠকখনে অৱশেষত ৰেখা গুপ্তাৰ

বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হ’ল দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। ৰেখা গুপ্তাই হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ।তেওঁ শালিমাৰ বাগ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল।

উল্লেখ্য যে মুখ্যমন্ত্ৰী আসনৰ বাবে বুধবাৰে সন্ধিয়া এখন ৰুদ্ধদাৰ বৈঠক অনুষ্ঠিত হয়।বিজেপি বিধায়িনী দলৰ বৈঠকখনে অৱশেষত ৰেখা গুপ্তাৰ নাম অনুমোদিত কৰিছিল।

আৰু বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বাজি ৩৫ মিনিটত ৰামলীলা ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।