সপ্তাহৰ দুটা দিন  ‘ৱৰ্ক ফ্ৰম হোম’ ,মন্ত্ৰীসকলেও ব্যৱহাৰ কৰিব লাগিব মেট্ৰ’; দিল্লী মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

দিল্লীত আৰম্ভ হ’ল ‘মোৰ ভাৰত, মোৰ অৱদান’ অভিযান। যাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদনৰ পিছতে দিল্লী চৰকাৰে সপ্তাহত দুদিনৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ ব্যৱস্থাৰ ঘোষণা কৰিছে।দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণ সচেতনতাৰে এই আহ্বান জনাইছে।এনে পৰিপ্ৰেক্ষিতত দিল্লীত ‘মেৰা ভাৰত, মেৰা যোগদান’ (মোৰ ভাৰত, মোৰ অৱদান) অভিযান আৰম্ভ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে পেট্ৰ’ল আৰু ডিজেল সম্পৰ্কীয় প্ৰস্তুতি দুটা স্তৰত কৰা হৈছে। চৰকাৰী খণ্ডত প্ৰতি সপ্তাহত দুদিনকৈ ‘ৱৰ্ক ফ্ৰম হোম’ থাকিব।ইফালে ব্যক্তিগত খণ্ডৰ বাবেও শীঘ্ৰেই নিৰ্দেশনা জাৰি কৰা হ’ব।  তেওঁ স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্তসমূহ অহা ১৫ মে’ (শুকুৰবাৰ)ৰ পৰা কাৰ্যকৰী হ’ব আৰু আগন্তুক ৯০ দিনলৈকে এই অভিযান অব্যাহত থাকিব।

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী বাহনৰ সংখ্যা হ্ৰাস কৰা বুলি উল্লেখ কৰে।ইয়াৰ পূৰ্বে বিষয়াসকলে প্ৰতিমাহে ২০০ লিটাৰ পেট্ৰ’ল লাভ কৰিছিল। এই ভাট্টাত ২০ শতাংশ হ্ৰাস কাৰ্যকৰী কৰা হৈছে।তেওঁ লগতে কয় যে প্ৰতিটো সোমবাৰক ‘মেট্ৰ’ সোমবাৰ’ হিচাপে পালন কৰা হ’ব।এই দিনটোত মন্ত্ৰী আৰু সকলো বিষয়াই মেট্ৰ’ৰেই যাত্ৰা কৰিব লাগিব।মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশ্ববিদ্যালয় সমূহক অনলাইনযোগে নন-প্ৰেক্টিকেল ক্লাছ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হৈছে-

পঞ্চাশ শতাংশ বৈঠক অনলাইনযোগে অনুষ্ঠিত হ’ব।

বিদেশ ভ্ৰমণ পৰিহাৰ কৰিব লাগে।

আগন্তুক এবছৰৰ বাবে কোনো মন্ত্ৰী বা দিল্লী চৰকাৰৰ বিষয়াই কোনো ধৰণৰ বিদেশ ভ্ৰমণৰ বাতিল কৰিব লাগিব।

অহা তিনিমাহলৈ বৃহৎ ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা নহ’ব।

দিল্লীৰ বাবে বিশেষ ভ্ৰমণ পৰিকল্পনা প্ৰস্তুত কৰা হ’ব।

‘মেড ইন ইণ্ডিয়া’ৰ প্ৰচাৰৰ বাবে সকলো শ্বপিং মলত নিৰ্দিষ্ট ‘মেড ইন ইণ্ডিয়া’ কৰ্ণাৰ স্থাপন কৰা হ’ব।

দিল্লী চৰকাৰে ভাৰতত নিৰ্মিত সামগ্ৰীক অগ্ৰাধিকাৰ দিব।

সকলো চৰকাৰী কাৰ্যালয়তে ২৪–২৬ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত এয়াৰ কণ্ডিচনাৰ চলাব লাগিব।

বিদ্যুতৰ অপচয় ৰোধ কৰিবলৈ মাষ্টাৰ চুইচ স্থাপন কৰা হ’ব।

লগতে পঢ়ক: অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ১৫-২০ বছৰ পুৰণি পেট্ৰ’ল আৰু ডিজেল চালিত বাহনৰ চলাচলত নিষেধাজ্ঞা 

দিল্লী চৰকাৰৰ ডাঙৰ পদক্ষেপ; নূন্যতম বয়সৰ পূৰ্বে নামৰ্ভতি কৰিবলৈ দিয়া নহ’ব প্ৰথম শ্ৰেণীত

দিল্লী চৰকাৰৰ ডাঙৰ পদক্ষেপ

দিল্লী চৰকাৰে শৈক্ষিক অধিবেশন ২০২৬-২৭ৰ পূৰ্বে প্ৰথম শ্ৰেণীৰ নামভৰ্তিৰ বাবে নূন্যতম বয়স ৬ বছৰ কাৰ্যকৰী কৰাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ আৰু শিক্ষাৰ অধিকাৰ (RTE) আইন, ২০০৯ চনৰ আৰ্হি অনুসৰি বিদ্যালয় শিক্ষাৰ মৌলিক পৰ্যায়ৰ পুনৰ্গঠন ঘোষণা কৰা হৈছে।

এই সন্দৰ্ভত শিক্ষা সঞ্চালকালয়ে এখন নিৰ্দেশনা জাৰি কৰে।জাৰি কৰা চাৰ্কুলাৰ অনুসৰি, মূল পৰ্যায়ৰ পুনৰ গঠন কৰা হ’ব,য’ত প্ৰথম শ্ৰেণীৰ পূৰ্বে তিনি বছৰৰ প্ৰাক প্ৰাথমিক শিক্ষা অন্তৰ্ভুক্ত কৰা হ’ব।

ইয়াৰ উদ্দেশ্য কি?

এই পদক্ষেপৰ উদ্দেশ্য দিল্লীৰ বিদ্যালয় ব্যৱস্থা NPE ৰ অধীনত পৰামৰ্শিত ৫+৩+৩+৪ গঠন অনুসৰি বনাব লাগিব।ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ অধীনত প্ৰৱৰ্তন কৰা এই গাঁথনিটো পূৰ্বৰ পুনৰ্গঠন ১০+২ ব্যৱস্থাৰ ঠাই লয় আৰু বিদ্যালয় শিক্ষাক চাৰিটা পৰ্যায়ত পুনৰ সংগঠিত কৰে, য’ত পাঁচ বছৰীয়া মৌলিক পৰ্যায়, তিনি বছৰৰ প্ৰাৰম্ভিক পৰ্যায়, তিনি বছৰৰ মধ্যম পৰ্যায় আৰু চাৰি বছৰীয়া মাধ্যমিক পৰ্যায় অন্তৰ্ভুক্ত কৰা হৈছে।

নাৰ্চাৰী, LKG আৰু UKG ৰ বাবে বয়সৰ সীমা

এই নিৰ্দেশনাত তিনি বছৰ বয়সত শিশুক নাৰ্চাৰীত, চাৰি বছৰ বয়সত ‘লয়াৰ কেজি’ আৰু পাঁচ বছৰ বয়সত ‘আপাৰ কেজি’ (প্ৰি-স্কুল ৩)ত নামভৰ্তি দিয়া হ’ব।

ইয়াত উল্লেখ আছে যে ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা ৬ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছতহে প্ৰথম শ্ৰেণীত নামভৰ্তি দিয়া হ’ব।

জাৰি কৰা বিজ্ঞপ্তি অনুসৰি, প্ৰক্ৰিয়াটোত অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াসত সঞ্চালকালয়ে অভিভাৱক, শিক্ষক, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা, বিষয় বিশেষজ্ঞ, পেছাদাৰী, পণ্ডিত আৰু সাধাৰণ জনতাকে ধৰি অংশীদাৰসকলৰ পৰা ১০ জুলাইৰ পূৰ্বে পৰামৰ্শ আমন্ত্ৰণ জনাইছে।

লগতে পঢ়ক: আই আই টি দিল্লীৰ কৃতিত্ব; বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত দেশৰ ৫০ খন বিশ্ববিদ্যালয়

দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা ; কাইলৈ হ’ব শপত গ্ৰহণ

বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হ’ল দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। ৰেখা গুপ্তাই হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ।তেওঁ শালিমাৰ বাগ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল।

উল্লেখ্য যে মুখ্যমন্ত্ৰী আসনৰ বাবে বুধবাৰে সন্ধিয়া এখন ৰুদ্ধদাৰ বৈঠক অনুষ্ঠিত হয়।বিজেপি বিধায়িনী দলৰ বৈঠকখনে অৱশেষত ৰেখা গুপ্তাৰ নাম অনুমোদিত কৰিছিল।

আৰু বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বাজি ৩৫ মিনিটত ৰামলীলা ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

কাইলৈ ১২.৩৫ বজাত শপত ল’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে; চূড়ান্ত পৰ্যায়ৰ চৰ্চাত আছে চাৰিটা নাম

বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী মোদীকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব।

অতিথিৰ তালিকা অনুসৰি, সকলো অতিথি ১১ ৰ পৰা ১২ বজাৰ ভিতৰত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হ’ব। নতুন মুখ্যমন্ত্ৰী আৰু শপত গ্ৰহণ কৰা বিধায়কসকলে শপত গ্ৰহণৰ বাবে ১২:১০ বজাত উপস্থিত হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী, আন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী সমূহো ১২:১২ মিনিটত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুপৰীয়া ১২:২৯ বজাত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হ’ব।

দুপৰীয়া ১২:৩৫ বজাত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব।ইয়াৰ পিছত, বিধায়কসকলক শপত গ্ৰহণ কৰোৱা হ’ব। এলজি ভিকে চাক্সেনাই মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱাব।

কিন্তু ইয়াৰ মাজেতে দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চৰ্চা অৱ্যাহত আছে। সকলো জল্পনা কল্পনাৰ অন্তত আজি সন্ধিয়া মুখ্যমন্ত্ৰীৰ নাম প্ৰকাশ কৰা হ’ব।

জানিব পৰা মতে বিজেপি বিধায়িনী দলৰ বৈঠক আজি সন্ধিয়া প্ৰায় ৭ বজাত অনুষ্ঠিত হ’ব। তাৰ পিছত, পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

ক্ৰিকেটত ‘স্লগ অভাৰ’ৰ দৰেই দিল্লীৰ ৰাজনীতিত চূড়ান্ত পৰ্যায়ৰ আলোচনাত চাৰিটা নাম ওলাইছে। দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৌৰত আশীষ সুদৰ নাম আগবাঢ়ি আছে।

ইফালে ৰেখা গুপ্তা হৈছে দ্বিতীয় নাম, যাক অধিক সম্ভাৱনা বুলি বিবেচনা কৰা হৈছে।মুখ্যমন্ত্ৰী দৌৰৰ তৃতীয় নাম হৈছে পৰবেশ বাৰ্মা, যি ইতিমধ্যে অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰাৰ বাবে চৰ্চাত আছে।

অৱশ্যে, বহুতো জ্যোতিষীয়ে তেওঁলোকৰ ৰাশিফলত বুধৰ উপস্থিতিৰ বাবে এক পৃথক সম্ভাৱনাৰ পৰামৰ্শ দিছে। যি কি নহওক, এই দৌৰৰ অন্তিমটো নাম হৈছে বিজেন্দ্ৰ গুপ্তা।

মন কৰিবলগীয়া যে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু নতুন কেবিনেটৰ শপত গ্ৰহণ অনুষ্ঠান ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব।অনুষ্ঠানটো পুৱা ১১ বজাত আৰম্ভ হ’ব।

লেফটেনেণ্ট গভৰ্ণৰ ভি.কে. চাক্সেনাই দুপৰীয়া ১২:৩৫ বজাত নতুন মুখ্যমন্ত্ৰী আৰু কেবিনেটক শপত গ্ৰহণ কৰোৱাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এৰ উপ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

পৰাস্ত হ’ল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া; ঐতিহাসিক বিজয়ৰ দিশে বিজেপি

দিল্লীৰ বিধানসভাত জনতাই প্ৰত্যাখ্যান কৰিলে আপক। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিছ’ডিয়াৰ পৰাজয়।৬৩৬ টা ভোটত পৰাস্ত হয় প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী গৰাকী।

জংগাপুৰা সমষ্টিৰ পৰা পৰাজয় হ’ল মনীষ ছিছ’ডিয়া।মনীষ ছিছ’ডিয়াক পৰাজয় কৰিলে বিজেপিৰ তৰবিন্দ সিঙে।

পুৱাৰে পৰা চলি থকা ভোটগণনাত ইতিমধ্যে পিছ পৰি আছে অৰবিন্দ কেজৰীৱাল। ২৭ বছৰৰ পিছত দিল্লীত বিজেপিয়ে গঠন কৰিব চৰকাৰ। ভোটযুদ্ধত মুখ থেকেছা আম আদমি পাৰ্টিৰ।