প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি; বিলাসী বাহন এৰি মেট্ৰ’ৰে যাত্ৰা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

ইন্ধন ৰাহি কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক কৰা আহ্বানৰ পিছতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মেট্ৰ’ৰে যাত্ৰা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ইন্ধন সংৰক্ষণৰ বাবে আবেদন জনাইছিল, আৰু ইয়াৰ প্ৰভাৱ ৰাজনীতিবিদসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে।কেইবাজনো মুখ্যমন্ত্রী আৰু মন্ত্রীয়ে কনভয় কমাই দিয়াৰ বিপৰীতে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই আজি মেট্ৰ’ৰে যাত্ৰা কৰে। ইয়াৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে।

দিল্লী চৰকাৰৰ মন্ত্ৰী প্ৰবেশ ভাৰ্মাৰ এক বিবৃতিও পোহৰলৈ আহিছে। তেওঁ কয়, আজি কেৱল আমি নহয়, দিল্লী চৰকাৰৰ সকলো বিষয়া আৰু সচিবালয়ৰ কৰ্মচাৰীয়েও মেট্ৰ’ৰে অহা-যোৱা কৰিছে।দিল্লী চৰকাৰৰ সদস্যসকলে প্ৰথমে প্ৰধানমন্ত্ৰীয়ে কৰা আবেদন মানি চলাৰ প্ৰয়াস কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতি সপ্তাহৰ সোমবাৰে সকলো মন্ত্ৰী বিধায়কক নিজৰ বাহন এৰি মেট্ৰ’ৰে যাত্ৰা কৰিবলৈ কৈছিল।

লগতে পঢ়ক: কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হ’ল ভি.ডি.সতীশন; ৰাহুল গান্ধীৰ উপস্থিতিত শপত গ্ৰহণ

সপ্তাহৰ দুটা দিন  ‘ৱৰ্ক ফ্ৰম হোম’ ,মন্ত্ৰীসকলেও ব্যৱহাৰ কৰিব লাগিব মেট্ৰ’; দিল্লী মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

দিল্লীত আৰম্ভ হ’ল ‘মোৰ ভাৰত, মোৰ অৱদান’ অভিযান। যাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেদনৰ পিছতে দিল্লী চৰকাৰে সপ্তাহত দুদিনৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ ব্যৱস্থাৰ ঘোষণা কৰিছে।দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণ সচেতনতাৰে এই আহ্বান জনাইছে।এনে পৰিপ্ৰেক্ষিতত দিল্লীত ‘মেৰা ভাৰত, মেৰা যোগদান’ (মোৰ ভাৰত, মোৰ অৱদান) অভিযান আৰম্ভ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে পেট্ৰ’ল আৰু ডিজেল সম্পৰ্কীয় প্ৰস্তুতি দুটা স্তৰত কৰা হৈছে। চৰকাৰী খণ্ডত প্ৰতি সপ্তাহত দুদিনকৈ ‘ৱৰ্ক ফ্ৰম হোম’ থাকিব।ইফালে ব্যক্তিগত খণ্ডৰ বাবেও শীঘ্ৰেই নিৰ্দেশনা জাৰি কৰা হ’ব।  তেওঁ স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্তসমূহ অহা ১৫ মে’ (শুকুৰবাৰ)ৰ পৰা কাৰ্যকৰী হ’ব আৰু আগন্তুক ৯০ দিনলৈকে এই অভিযান অব্যাহত থাকিব।

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী বাহনৰ সংখ্যা হ্ৰাস কৰা বুলি উল্লেখ কৰে।ইয়াৰ পূৰ্বে বিষয়াসকলে প্ৰতিমাহে ২০০ লিটাৰ পেট্ৰ’ল লাভ কৰিছিল। এই ভাট্টাত ২০ শতাংশ হ্ৰাস কাৰ্যকৰী কৰা হৈছে।তেওঁ লগতে কয় যে প্ৰতিটো সোমবাৰক ‘মেট্ৰ’ সোমবাৰ’ হিচাপে পালন কৰা হ’ব।এই দিনটোত মন্ত্ৰী আৰু সকলো বিষয়াই মেট্ৰ’ৰেই যাত্ৰা কৰিব লাগিব।মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশ্ববিদ্যালয় সমূহক অনলাইনযোগে নন-প্ৰেক্টিকেল ক্লাছ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হৈছে-

পঞ্চাশ শতাংশ বৈঠক অনলাইনযোগে অনুষ্ঠিত হ’ব।

বিদেশ ভ্ৰমণ পৰিহাৰ কৰিব লাগে।

আগন্তুক এবছৰৰ বাবে কোনো মন্ত্ৰী বা দিল্লী চৰকাৰৰ বিষয়াই কোনো ধৰণৰ বিদেশ ভ্ৰমণৰ বাতিল কৰিব লাগিব।

অহা তিনিমাহলৈ বৃহৎ ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা নহ’ব।

দিল্লীৰ বাবে বিশেষ ভ্ৰমণ পৰিকল্পনা প্ৰস্তুত কৰা হ’ব।

‘মেড ইন ইণ্ডিয়া’ৰ প্ৰচাৰৰ বাবে সকলো শ্বপিং মলত নিৰ্দিষ্ট ‘মেড ইন ইণ্ডিয়া’ কৰ্ণাৰ স্থাপন কৰা হ’ব।

দিল্লী চৰকাৰে ভাৰতত নিৰ্মিত সামগ্ৰীক অগ্ৰাধিকাৰ দিব।

সকলো চৰকাৰী কাৰ্যালয়তে ২৪–২৬ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত এয়াৰ কণ্ডিচনাৰ চলাব লাগিব।

বিদ্যুতৰ অপচয় ৰোধ কৰিবলৈ মাষ্টাৰ চুইচ স্থাপন কৰা হ’ব।

লগতে পঢ়ক: অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ১৫-২০ বছৰ পুৰণি পেট্ৰ’ল আৰু ডিজেল চালিত বাহনৰ চলাচলত নিষেধাজ্ঞা 

দিল্লীত এমচিডিৰ উপ-নিৰ্বাচনৰ ভোটদান আৰম্ভ; ভোটাৰলৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বিশেষ আহ্বান

ভোটাৰলৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বিশেষ আহ্বান

আজি ৰাজধানী দিল্লীৰ ১২টা পৌৰ নিগমৰ ৱাৰ্ডত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে দেওবাৰে পুৱাৰে পৰা দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডত উপ-নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হয়।

আজি সন্ধিয়া ৫:৩০ বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব।বিজেপিয়ে ৮ গৰাকী মহিলা প্ৰাৰ্থী, আপে ৬ গৰাকী আৰু কংগ্ৰেছে ৫ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ভোটাৰলৈ আহ্বান জনাই সামাজিক মাধ্যম এক্সত এক বিশেষ পোষ্ট কৰিছে। পোষ্টোত তেওঁ লিখিছে যে, “সন্মানিত ভোটাৰ, আজি ১২টা ৱাৰ্ডত অনুষ্ঠিত হৈ থকা পৌৰ নিগমৰ উপ-নিৰ্বাচন কেৱল নিৰ্বাচনী প্ৰক্ৰিয়াতকৈও অধিক, আমাৰ ভাগ-বতৰা কৰা আকাংক্ষাক শক্তিশালী কৰাৰ এক সুযোগ”।

“আপোনাৰ ৱাৰ্ডত প্ৰশাসনিক স্বচ্ছতা আছে নে নাই আপোনালোকৰ প্ৰত্যেক ভোটেই সিদ্ধান্ত লব,সুশাসন আৰু জনসেৱাৰ সেই ধাৰাটো আগবাঢ়িব লাগে, য’ত উন্নয়ন কেৱল প্ৰতিশ্ৰুতিত নহয়,কিন্তু মাটিৰ বাস্তৱতাত ই দৃশ্যমান হ’ব লাগে।”

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে লিখিছে,”গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো”।

“ঘৰৰ পৰা ওলাই আহি ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হওক আৰু আপোনাৰ অঞ্চলটোক সুৰক্ষিত, সক্ষম আৰু উন্নয়নমুখী কৰি আপোনালোকৰ আকাংক্ষাক অগ্ৰাধিকাৰ দিব পৰা প্ৰাৰ্থী আৰু দল বাছি লওক”।

“আপোনাৰ এটা ভোটে দিল্লীৰ উজ্জ্বল ভৱিষ্যত গঢ় দিব আৰু ‘উন্নত দিল্লী’ৰ সৃষ্টি কৰিব। প্ৰথমে ভোট দিয়ক, তাৰ পিছত সতেজ!”

লগতে পঢ়ক: ‘কেজৰিৱালে মোৰ ফোন ৰিচিভ নকৰে’; কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নিৰাপত্তাত পৰিৱৰ্তন; CRPFৰ পৰা নিৰাপত্তা প্ৰত্যাহাৰ কৰি পুনৰ দিল্লী আৰক্ষীক দায়িত্ব

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নিৰাপত্তাত পৰিৱৰ্তন

বৰ্তমান দিল্লীৰ ৰাজনীতিত আলোচনাৰ আটাইতকৈ ডাঙৰ বিষয়টো হৈছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নিৰাপত্তা আৰু তেওঁৰ ওপৰত হোৱা আক্ৰমণ।

ইফালে কেন্দ্রীয় চৰকাৰে মুখ্যমন্ত্রী গৰাকীক দিয়া জেড কেটেগৰী CRPFৰ নিৰাপত্তা প্রত্যাহাৰ কৰিছে৷ এতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰ দায়িত্ব পুনৰ দিল্লী আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে।

মন কৰিবলগীয়া যে ২০ আগষ্টত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা হৈছিল। এই ঘটনা সংঘটিত হৈছিল চিভিল লাইনত অৱস্থিত কেম্প অফিচত ‘জান সুনৱাই’ কাৰ্যসূচীৰ সময়ত।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই আক্ৰমণক “মুখ্যমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ” বুলি অভিহিত কৰে।আক্ৰমণৰ ঠিক পিছদিনা গৃহ মন্ত্ৰালয়ে CRPF ক জেড কেটেগৰী সুৰক্ষা প্ৰদানৰ নিৰ্দেশ দিছিল।কিন্তু এতিয়া এই নিৰাপত্তা প্ৰত্যাহাৰ কৰি পুনৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দিল্লী আৰক্ষীৰ হাতত গতাই দিয়া হৈছে।

ইফালে এই গোচৰত পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে।গুজৰাটৰ ৰাজকোটৰ পৰা এই আক্ৰমণৰ মূল অভিযুক্ত ৰাজেশৰ বন্ধু তাহছিন ছায়েদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত ৰাজেশক সহায় কৰিবলৈ তাহছিনে ধন পঠিয়াইছিল আৰু দুয়োজনেই অহৰহ যোগাযোগত আছিল।

লগতে পঢ়ক: ‘গণতন্ত্ৰৰ ওপৰত বুলডজাৰ চলোৱাৰ দৰে’; মল্লিকাৰ্জুন খাৰ্গেৰ বিস্ফোৰক মন্তব্য

“এই আক্ৰমণে মনোবল ভাঙিব নোৱাৰে”; প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

বুধবাৰে পুৱা চিভিল লাইনত থকা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ কাৰ্যালয়ত আয়োজন কৰা ‘ৰাজহুৱা শুনানি’ কাৰ্যসূচীত এজন লোকে তেওঁক আক্ৰমণ কৰে।

হঠাৎ ঘটা এই  ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি ৰাজনৈতিক মহলত সকলো ধৰণৰ অভিযোগ আৰু প্রতিৰোধৰ অভিযোগ উত্থাপন হৈছে৷ইফালে এই আক্ৰমণক লৈ ৰেখা গুপ্তাৰ প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে।

এই আক্রমণে তেওঁৰ মনোবল ভাঙিব নোৱাৰে বুলি প্রথম বক্তব্যত মুখ্যমন্ত্রী গৰাকীয়ে স্পষ্ট কৰি দিছিল৷এই সন্দৰ্ভত তেওঁ এক্সত এক বিবৃতি প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ‘আজি পুৱা ৰাজহুৱা শুনানিৰ সময়ত মোৰ ওপৰত হোৱা আক্ৰমণ কেৱল মোৰ ওপৰত নহয়, বৰং দিল্লীৰ সেৱা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি আমাৰ সংকল্পৰ ওপৰত এক কাপুৰুষালিৰ প্ৰয়াস’।

‘স্বাভাৱিকতে এই আক্ৰমণৰ পিছত মই শ্বকত পৰিছিলো, কিন্তু এতিয়া মোৰ মনটো ভাল হৈছে।মোৰ সকলো শুভাকাংক্ষীলৈ অনুৰোধ যাতে মোক লগ কৰিবলৈ আমনি নকৰিব।অতি সোনকালে আপোনালোকৰ মাজত কাম কৰি থকা দেখা পাব’।

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লিখিছে,’এনে আক্ৰমণে মোৰ সাহস আৰু জনসাধাৰণৰ সেৱাৰ সংকল্প কেতিয়াও ভাঙিব নোৱাৰে’।

‘এতিয়া মই আগৰ তুলনাত অধিক শক্তি আৰু সমৰ্পণেৰে আপোনালোকৰ মাজত থাকিম।ৰাজহুৱা শুনানি আৰু ৰাজহুৱা সমস্যাৰ সমাধান পূৰ্বৰ দৰেই গুৰুত্ব আৰু দায়বদ্ধতাৰে চলি থাকিব’।

‘আপোনালোকৰ আস্থা আৰু সমৰ্থন মোৰ সৰ্বোচ্চ শক্তি। আপোনালোকৰ অপৰিসীম মৰম, আশীৰ্বাদ আৰু শুভেচ্ছাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’

লগতে পঢ়ক: দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ… অভিযুক্তক গ্ৰেপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ… অভিযুক্তক গ্ৰেপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণৰ অপচেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । এই ঘটনা সংঘটিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী সদনত । মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সদনত ৰাজহুৱা শুনানি চলাই আছিল । এই সময়তে ৩৫ বছৰীয়া এজন যুৱকে তেওঁক আক্ৰমণ কৰে । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আক্ৰমণকাৰীক ।

বিজেপিয়ে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক বৃহস্পতিবাৰে পুৱা চিভিল লাইনত থকা তেওঁৰ চৰকাৰী বাসগৃহত আয়োজন কৰা ‘জন সুনৱাই’ কাৰ্যসূচীৰ সময়ত আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । ভাৰতীয় জনতা পাৰ্টিয়ে এই সমগ্ৰ ঘটনাক গৰিহণা দিছে ।

সাপ্তাহিক ৰাজহুৱা শুনানিৰ সময়ত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । প্ৰায় ৩৫ বছৰ বয়সৰ এজন লোকে মুখ্যমন্ত্ৰী গুপ্তাক আক্ৰমণ কৰে ।

জানিব পৰা মতে, ৰাজহুৱা শুনানিৰ সময়ত আক্রমণকাৰীয়ে প্রথমে মুখ্যমন্ত্রী গুপ্তাক কিছু কাগজ-পত্ৰ দিছিল আৰু তাৰ পাছত আক্রমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । আক্ৰমণকাৰীক চিভিল লাইনছ থানালৈ লৈ যোৱা হৈছে ।

অভিযুক্ত গুজৰাটৰ ৰাজকোটৰ বাসিন্দা-

দিল্লী আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ৰাজেশ খিমজী নাম প্ৰকাশ কৰি গুজৰাটৰ ৰাজকোটৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে । তেওঁৰ নাম ঠিকনা পৰীক্ষা কৰা হৈছে । তেওঁৰ নথি-পত্ৰও পৰীক্ষা কৰা হৈছে ।

এইটো অতি দুৰ্ভাগ্যজনক : দেৱেন্দ্ৰ যাদৱ

মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজহুৱা শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱে কয়, “এয়া অতি দুৰ্ভাগ্যজনক । মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দিল্লীক নেতৃত্ব দিয়ে আৰু মই অনুভৱ কৰোঁ যে এনে ঘটনাক যিমানেই নিন্দা কৰা যাই সিমানেই কম । কিন্তু এই ঘটনাই মহিলাৰ সুৰক্ষাৰ বাস্তৱতাও উদঙাই দিয়ে । যদি দিল্লীৰ মুখ্যমন্ত্ৰী নিৰাপদ নহয়, তেন্তে এগৰাকী সাধাৰণ মানুহ বা সাধাৰণ মহিলা কেনেকৈ সুৰক্ষিত হ’ব পাৰে ?”

লগতে পঢ়ক : উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব সুদৰ্শন ৰেড্ডী; ৰাধাকৃষ্ণনক জনাব প্ৰত্যাহ্বান

মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই এক্সন মুডত ৰেখা গুপ্তা; ৫ টাকৈ ডাঙৰ সিদ্ধান্ত

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে দ্ৰুত পদক্ষেপ লোৱা আৰম্ভ কৰিছে। এই সন্দৰ্ভত, ৰেখা গুপ্তাই পূৰ্বৰ চৰকাৰৰ সময়ত আন ঠাইত নিযুক্তি লাভ কৰা বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ মূল কেডাৰলৈ পুনৰ প্ৰতিবেদন দিবলৈ কৈছে।

আম আদমী পাৰ্টি চৰকাৰৰ সময়ত আন ঠাইত নিযুক্তি পোৱা বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ মূল বিভাগবোৰত তৎক্ষণাৎ প্ৰতিবেদন দিবলৈ কোৱা হৈছে।

ৰেখা গুপ্তাই কালি ৰামলীলা ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। সন্ধিয়াৰ পিছত, তেওঁ যমুনা পৰিদৰ্শন কৰিছিল আৰু তাত আৰতিও কৰিছিল।

ৰেখা গুপ্তা আৰু সকলো মন্ত্ৰীয়ে আজি পিডব্লিউডি আৰু দিল্লী পানী পৰিষদৰ বিষয়াসকলৰ সৈতে চহৰখনত ৰাস্তা আৰু পানী যোগানৰ অৱস্থা পৰ্যালোচনা কৰিবলৈ সাক্ষাৎ কৰিব।

ইয়াৰ পূৰ্বে কালি কেবিনেটে তেওঁলোকৰ প্ৰথম খন বৈঠকত আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা আঁচনি ৰূপায়ণত অনুমোদন জনায়।

ইয়াৰ লগতে  মহিলা সমৃদ্ধি আঁচনিৰ বিষয়ে আলোচনা কৰে আৰু অষ্টম বিধানসভাৰ প্ৰথম অধিৱেশনত চিএজিৰ ১৪ টা অমীমাংসিত প্ৰতিবেদন উপস্থাপন কৰাৰ সিদ্ধান্ত লয়।

ৰেখা গুপ্তাই কয় যে পূৰ্বৰ আম আদমী পাৰ্টি চৰকাৰে চহৰখনত স্বাস্থ্য আঁচনি ৰূপায়ণ কৰিবলৈ অনুমতি দিয়া নাছিল, যাৰ ফলত মানুহে ইয়াৰ পৰা লাভান্বিত হোৱাত বাধা দিছিল।

তেওঁ কয়, “পূৰ্বৰ চৰকাৰে দিল্লীত আয়ুষ্মান ভাৰত আঁচনি বন্ধ কৰি দিছিল।”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক সমগ্ৰ দেশতে কাৰ্যকৰী কৰিছিল আৰু এতিয়া আমি ইয়াক দিল্লীৰ বাবে অনুমোদন জনাইছো।

কেবিনেটে অনুমোদন জনোৱা আঁচনিখনৰ অধীনত, প্ৰতিজন হিতাধিকাৰীক মুঠ ১০ লাখ টকাৰ স্বাস্থ্য আৱৰণ প্ৰদান কৰা হ’ব, কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰে প্ৰতিজনে ৫ লাখ টকাৰ বৰঙনি আগবঢ়াব।

তেওঁ কয়, “আনুষ্ঠানিকতা সমূহ শীঘ্ৰেই সম্পূৰ্ণ হ’ব আৰু শীঘ্ৰেই পৰিকল্পনাৰ ৰূপায়ণ আৰম্ভ হ’ব।” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেবিনেটে নৱগঠিত অষ্টম দিল্লী বিধানসভাৰ প্ৰথম অধিৱেশনত দিল্লী চৰকাৰৰ প্ৰদৰ্শন সন্দৰ্ভত কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেলৰ (চিএজি) ১৪ খন প্ৰতিবেদন উপস্থাপন কৰাৰ সিদ্ধান্ত লৈছে, যিটো পূৰ্বৰ ‘আপ’ চৰকাৰে স্থগিত কৰি ৰাখিছিল।

বৈঠকত দিল্লীত যোগ্য মহিলাসকলক মাহিলী ২,৫০০ টকাৰ সাহায্য প্ৰদান কৰাৰ বাবে মহিলা সমৃদ্ধি আঁচনিৰ বিষয়েও আলোচনা কৰা হয়।

৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত এই আঁচনিখন বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত এটা আছিল।

তেওঁ কয়, “এই পুঁজিবোৰ কেনেকৈ আৰু ক’ত নিয়োজিত কৰিব লাগে সেই সন্দৰ্ভত আমাৰ যথেষ্ট আলোচনা হৈছিল, কিন্তু এইটো এনেকুৱা এটা বিষয় যাৰ বাবে অধিক আলোচনাৰ প্ৰয়োজন। ইয়াক পিছত চূড়ান্ত কৰা হ’ব। ’’

আজি দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা, নাম ঘোষণাৰ পূৰ্বে বিজেপিত আছিল এই ডাঙৰ দায়িত্বত

দিল্লীয়ে লাভ কৰিছে নতুন মুখ্যমন্ত্ৰী । ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী, ২০২৫) ৰামলীলা ময়দানত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব । বিশেষ কথাটো হ’ল ৰেখা গুপ্তা দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই দলত কি ডাঙৰ দায়িত্ব পালন কৰি আছিল, জানক ।
বিধায়িকা হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই সাংগঠনিক পৰ্যায়তো গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছে । ৰেখা গুপ্তা মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী । দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । বিশেষ কথাটো হ’ল ৰেখা গুপ্তাই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য হিচাপে পৰিগণিত হোৱাৰ লগতে সংঘৰ কাৰ্যসূচীত প্ৰায়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে ।

প্ৰথম দুটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হৈছিল-

২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ৰেখা গুপ্তাই শালিমাৰ বাগ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১১ হাজাৰ ভোটত পৰাস্ত হৈছিল । ২০২০ চনতো শালিমাৰ বাগৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চাৰে চাৰি হাজাৰ ভোটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ পিছত ২০২২ চনত শালিমাৰ বাগ-বি ৱাৰ্ডৰ পৰা কাউন্সিলাৰ নিৰ্বাচিত হয় তেওঁ । ৰেখা গুপ্তাই ২০২৫ চনত এইবাৰ শালিমাৰ বাগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল আৰু এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে ।

মুখ্যমন্ত্ৰী পদৰ বাবে আছিল বহু প্ৰতিদ্বন্দ্বী-

দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে বহু প্ৰতিদ্বন্দ্বী আছিল । আম আদমী পাৰ্টিৰ ডাঙৰ ডাঙৰ নেতাক পৰাস্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে নাম বিবেচনা কৰা হৈছিল বিজেপিৰ বহু প্ৰাৰ্থী । মুখ্যমন্ত্ৰী পদৰ প্ৰধান প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত প্ৰথম নাম আছিল নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মা, তাৰ পিছতে ৰেখা গুপ্তাৰ নাম । বিজেন্দ্ৰ গুপ্তা আৰু সতীশ উপাধ্যায়ৰ নামো চৰ্চা চলিছিল ।

দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা ; কাইলৈ হ’ব শপত গ্ৰহণ

বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হ’ল দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। ৰেখা গুপ্তাই হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ।তেওঁ শালিমাৰ বাগ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছিল।

উল্লেখ্য যে মুখ্যমন্ত্ৰী আসনৰ বাবে বুধবাৰে সন্ধিয়া এখন ৰুদ্ধদাৰ বৈঠক অনুষ্ঠিত হয়।বিজেপি বিধায়িনী দলৰ বৈঠকখনে অৱশেষত ৰেখা গুপ্তাৰ নাম অনুমোদিত কৰিছিল।

আৰু বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বাজি ৩৫ মিনিটত ৰামলীলা ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।