প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি; বিলাসী বাহন এৰি মেট্ৰ’ৰে যাত্ৰা মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

 প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি; বিলাসী বাহন এৰি মেট্ৰ’ৰে যাত্ৰা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

ইন্ধন ৰাহি কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক কৰা আহ্বানৰ পিছতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মেট্ৰ’ৰে যাত্ৰা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ইন্ধন সংৰক্ষণৰ বাবে আবেদন জনাইছিল, আৰু ইয়াৰ প্ৰভাৱ ৰাজনীতিবিদসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে।কেইবাজনো মুখ্যমন্ত্রী আৰু মন্ত্রীয়ে কনভয় কমাই দিয়াৰ বিপৰীতে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই আজি

ইন্ধন ৰাহি কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক কৰা আহ্বানৰ পিছতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মেট্ৰ’ৰে যাত্ৰা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ইন্ধন সংৰক্ষণৰ বাবে আবেদন জনাইছিল, আৰু ইয়াৰ প্ৰভাৱ ৰাজনীতিবিদসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে।কেইবাজনো মুখ্যমন্ত্রী আৰু মন্ত্রীয়ে কনভয় কমাই দিয়াৰ বিপৰীতে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই আজি মেট্ৰ’ৰে যাত্ৰা কৰে। ইয়াৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে।

দিল্লী চৰকাৰৰ মন্ত্ৰী প্ৰবেশ ভাৰ্মাৰ এক বিবৃতিও পোহৰলৈ আহিছে। তেওঁ কয়, আজি কেৱল আমি নহয়, দিল্লী চৰকাৰৰ সকলো বিষয়া আৰু সচিবালয়ৰ কৰ্মচাৰীয়েও মেট্ৰ’ৰে অহা-যোৱা কৰিছে।দিল্লী চৰকাৰৰ সদস্যসকলে প্ৰথমে প্ৰধানমন্ত্ৰীয়ে কৰা আবেদন মানি চলাৰ প্ৰয়াস কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতি সপ্তাহৰ সোমবাৰে সকলো মন্ত্ৰী বিধায়কক নিজৰ বাহন এৰি মেট্ৰ’ৰে যাত্ৰা কৰিবলৈ কৈছিল।

লগতে পঢ়ক: কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হ’ল ভি.ডি.সতীশন; ৰাহুল গান্ধীৰ উপস্থিতিত শপত গ্ৰহণ