আজি দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা, নাম ঘোষণাৰ পূৰ্বে বিজেপিত আছিল এই ডাঙৰ দায়িত্বত

আজি দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা, নাম ঘোষণাৰ পূৰ্বে বিজেপিত আছিল এই ডাঙৰ দায়িত্বত

দিল্লীয়ে লাভ কৰিছে নতুন মুখ্যমন্ত্ৰী । ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী, ২০২৫) ৰামলীলা ময়দানত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব । বিশেষ কথাটো হ’ল ৰেখা গুপ্তা দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই দলত কি ডাঙৰ দায়িত্ব পালন কৰি

দিল্লীয়ে লাভ কৰিছে নতুন মুখ্যমন্ত্ৰী । ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী, ২০২৫) ৰামলীলা ময়দানত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব । বিশেষ কথাটো হ’ল ৰেখা গুপ্তা দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই দলত কি ডাঙৰ দায়িত্ব পালন কৰি আছিল, জানক ।
বিধায়িকা হোৱাৰ পূৰ্বে ৰেখা গুপ্তাই সাংগঠনিক পৰ্যায়তো গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছে । ৰেখা গুপ্তা মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী । দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । বিশেষ কথাটো হ’ল ৰেখা গুপ্তাই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য হিচাপে পৰিগণিত হোৱাৰ লগতে সংঘৰ কাৰ্যসূচীত প্ৰায়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে ।

প্ৰথম দুটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হৈছিল-

২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ৰেখা গুপ্তাই শালিমাৰ বাগ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১১ হাজাৰ ভোটত পৰাস্ত হৈছিল । ২০২০ চনতো শালিমাৰ বাগৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চাৰে চাৰি হাজাৰ ভোটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ পিছত ২০২২ চনত শালিমাৰ বাগ-বি ৱাৰ্ডৰ পৰা কাউন্সিলাৰ নিৰ্বাচিত হয় তেওঁ । ৰেখা গুপ্তাই ২০২৫ চনত এইবাৰ শালিমাৰ বাগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল আৰু এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে ।

মুখ্যমন্ত্ৰী পদৰ বাবে আছিল বহু প্ৰতিদ্বন্দ্বী-

দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে বহু প্ৰতিদ্বন্দ্বী আছিল । আম আদমী পাৰ্টিৰ ডাঙৰ ডাঙৰ নেতাক পৰাস্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে নাম বিবেচনা কৰা হৈছিল বিজেপিৰ বহু প্ৰাৰ্থী । মুখ্যমন্ত্ৰী পদৰ প্ৰধান প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত প্ৰথম নাম আছিল নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মা, তাৰ পিছতে ৰেখা গুপ্তাৰ নাম । বিজেন্দ্ৰ গুপ্তা আৰু সতীশ উপাধ্যায়ৰ নামো চৰ্চা চলিছিল ।