তছলিমা নাছৰিনৰ কিতাপ বিক্ৰী কৰাৰ বাবে বুক ষ্টলত আক্ৰমণ

তছলিমা নাছৰিনৰ কিতাপ বিক্ৰী কৰাৰ বাবে বুক ষ্টলত আক্ৰমণ, তদন্তৰ নিৰ্দেশ মহম্মদ ইউনুছৰ

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছত দেশখন প্ৰায়ে বাতৰিৰ শিৰোনামত আছে । বাংলাদেশত মৌলবাদে ইমানেই স্থান দখল কৰিছে যে এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে যেতিয়া এজন কিতাপ বিক্ৰেতাই বাংলাদেশী লেখিকা তছলিমা নাছৰিনৰ এখন কিতাপ তেওঁৰ ষ্টলত বিক্ৰীৰ বাবে ৰাখিছিল, তেতিয়া গ্ৰন্থৰ দোকানত একাংশ লোকে

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছত দেশখন প্ৰায়ে বাতৰিৰ শিৰোনামত আছে । বাংলাদেশত মৌলবাদে ইমানেই স্থান দখল কৰিছে যে এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে যেতিয়া এজন কিতাপ বিক্ৰেতাই বাংলাদেশী লেখিকা তছলিমা নাছৰিনৰ এখন কিতাপ তেওঁৰ ষ্টলত বিক্ৰীৰ বাবে ৰাখিছিল, তেতিয়া গ্ৰন্থৰ দোকানত একাংশ লোকে আক্ৰমণ কৰে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছেও এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ।

ঘটনাটো কি-

বাংলাদেশৰ ৰাজধানী ঢাকাত চলি আছে এখন গ্ৰন্থমেলা । এই গ্ৰন্থমেলাত সব্যসাচী পাব্লিকেচনৰ এখন ষ্টল আছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিতৰ্কিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনৰ এখন কিতাপো এই ষ্টলত বিক্ৰীৰ বাবে প্ৰদৰ্শিত হৈছিল । ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰি একাংশই সব্যসাচী প্ৰকাশনৰ ষ্টলত উপস্থিত হৈ ষ্টলটো ঘেৰি ধৰে । তৌহিদী জনতা গোটৰ বেনাৰত ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে । পৰিস্থিতি ইমানেই অৱনতি ঘটে যে আৰক্ষীয়ে প্ৰকাশনৰ মুৰব্বীক আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ লৈ যাব লগা হয় । ইয়াৰ পাছতো উত্তেজিত লোকসকলে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষতো উপস্থিত হয় । অৱশ্যে আৰক্ষীয়ে উত্তেজিত লোকসকলক বুজনি দি পৰিস্থিতি শান্ত কৰে ।

সম্প্ৰতি গ্ৰন্থমেলাৰ পৰা বন্ধ কৰি দিয়া হৈছে সব্যসাচী প্ৰকাশনৰ ষ্টল । তছলিমা নাছৰীনে এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে । ইফালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছেও এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে । এনে আচৰণ সহ্য কৰা নহ’ব বুলিও তেওঁ কৰিছে । এই ঘটনাত দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় তেওঁ । প্ৰকাশনটোৰ ওপৰত আক্ৰমণৰ তদন্তৰ বাবে বাংলা একাডেমীয়ে সাতজনীয়া এখন কমিটী গঠন কৰি তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ