মুঠ ৩৩টা নিয়ম মানিব লাগিব প্ৰাৰ্থীসকলে…প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ যোগ্যতাৰ তালিকা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ বাবে আহি গ’ল ডাঙৰ খবৰ । প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ যোগ্যতাৰ তালিকা । মুঠ ৩৩টা নিয়ম মানিব লাগিব প্ৰাৰ্থীসকলে । জানক গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ অৰ্হতা আৰু  যোগ্যতা কি কি হ’ব লাগিব ?  ১. গাঁও পঞ্চায়ত, আঞ্চলিক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ বাবে আহি গ’ল ডাঙৰ খবৰ । প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ যোগ্যতাৰ তালিকা । মুঠ ৩৩টা নিয়ম মানিব লাগিব প্ৰাৰ্থীসকলে । জানক গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ অৰ্হতা আৰু  যোগ্যতা কি কি হ’ব লাগিব ?

 ১. গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স ২১ বছৰ হ’ব লাগিব

২। প্ৰাৰ্থীগৰাকী বাল্যবিবাহ কৰোৱা ব্যক্তি হ’ব নালাগিব

৩। পৰিয়ালৰ কোনো ব্যক্তি হ’ব নালাগিব বাল্যবিবাহেৰে জড়িত

৪। গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী (GENERAL CASTE) মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব

৫। ST, SC, OBCৰ প্ৰাৰ্থী হ’ব লাগিব দশম শ্ৰেণীলৈকে পঢ়া

৬। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ’ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ

৭। জিলা পৰিষদৰ ক্ষেত্ৰটো প্ৰাৰ্থীগৰাকী হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ

৮। প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে

৯। ২০১৮ চনৰ ১৯ মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়েহে কৰিব পাৰিব প্ৰতিদ্বন্দিতা

১০। নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বিবেচিত হ’ব

১১। দেউলীয়া ঘোষিত হোৱা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন

১২। চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে নোৱাৰে খেলিব নিৰ্বাচন

১৩। চৰকাৰী পদত অধিষ্ঠিত হৈ থকা ব্যক্তিয়ে নোৱাৰে খেলিব নিৰ্বাচন

১৪। গাঁও পঞ্চায়ত, জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ’ব অযোগ্য

১৫। কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন

১৬। সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন

১৭। বাসস্থানত ছেনীটাৰী নথকা ব্যক্তিকো অযোগ্য ঘোষণা কৰা হ’ব

১৮। প্ৰাৰ্থীজন Rules 1995ৰ আধাৰত একাধিক গাওঁ পঞ্চায়তৰ ভোটাৰ হ’ব নোৱাৰিব

১৯। গাওঁ পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা ৫ বছৰ হ’ব লাগিব

২০। আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা ৫ বছৰ হ’ব লাগিব

২১। জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা ৫ বছৰ হ’ব লাগিব

২২। মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা

২৩। দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ ORIGINAL CERTIFICATE

২৪। জমা দিব লাগিব বাকী জাই প্ৰমাণ পত্ৰ

২৫। জমা দিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ

২৬। জমা দিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ

২৭। জমা দিব লাগিব জাতিগত প্ৰমাণ পত্ৰ

২৮। জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ

২৯। জমা দিব লাগিব শেহতীয়া খাজানা ৰচিদ

৩০। জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ NOC

৩১। খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট

৩২। জমা দিব লাগিব প্ৰস্থাৱকৰ নথি

৩৩। জমা দিব লাগিব গাঁওপ্ৰধানৰ প্ৰমাণ পত্ৰ

শেহতীয়া প্ৰৱন্ধসমূহ