অসম পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয়জয়কাৰ… কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

অসমৰ পঞ্চায়ত নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ “ঐতিহাসিক বিজয়”ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক ধন্যবাদ জনাইছে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্স পোষ্ট পুনৰ পোষ্ট কৰি কয় যে অসমৰ প্ৰগতিৰ প্ৰসাৰৰ বাবে আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ জোৰদাৰে অব্যাহত থাকিব । তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ জনকেন্দ্ৰিক নীতিয়ে লাভ কৰা সমৰ্থনৰ এইটো নিশ্চিতি ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্স পোষ্টযোগে কয়, “এন ডি এৰ উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ । অসমৰ প্ৰগতিৰ প্ৰসাৰৰ বাবে আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ জোৰদাৰে অব্যাহত থাকিব । জনসাধাৰণৰ মাজত কাম কৰা আৰু ফলপ্ৰসূভাৱে আমাৰ উন্নয়নৰ কাৰ্যসূচী ৰাইজৰ মাজলৈ প্ৰেৰণ কৰা এন ডি এৰ সকলো কৰ্মকৰ্তাক মই শলাগ লৈছো ।”

জিলা পৰিষদৰ ৩৯৭ খন আসনৰ ভিতৰত ৩০০ খনত জয়ী-

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্টত কয় যে ‘জিলা পৰিষদ’ নিৰ্বাচনত এন ডি এয়ে ৭৬.২২ শতাংশ ভোটৰে ৩৯৭খন আসনৰ ভিতৰত ৩০০খন আসন লাভ কৰাৰ বিপৰীতে ‘আঞ্চলিক পঞ্চায়ত’ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে ২১৯২খন আসনৰ ভিতৰত ৬৬ শতাংশ ভোট লাভ কৰি ১৪৩৬খন আসন লাভ কৰে ।

একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সৰ এটা পোষ্টত কয়, “২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এক ঐতিহাসিক জয় দিয়াৰ বাবে অসমৰ ৰাইজক ধন্যবাদ । এই জয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থন, যিয়ে অসমত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগ কঢ়িয়াই আনিছে ।”

আমি মিলি এখন উন্নত অসম গঢ়িমঃ শ্বাহ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দলীয় কৰ্মী সকলক প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ বাৰ্তা প্ৰতি ঘৰলৈ লৈ যোৱাৰ বাবে নিষ্ঠাৰে প্ৰচেষ্টা চলোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিনন্দন জ্ঞাপন কৰে । শ্বাহে কয়, “আমি একেলগে সকলোৰে বাবে এখন উন্নত অসম গঢ়িম ।”

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে

-ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে

-অভূতপূৰ্ব সফলতাৰে পঞ্চায়ত নিৰ্বাচনত শক্তি দেখুৱালে শাসকীয় মিত্ৰজোঁটে

-ৰাজ্যৰ ৩৯৭ জিলা পৰিষদৰ ৩০০খন আসন লাভ কৰিলে বিজেপি মিত্ৰজোঁটে

-আঞ্চলিক পঞ্চায়তৰ ২১৯২খন আসনৰ ১৪৩৬খন লাভ কৰে বিজেপি মিত্ৰজোঁটে

-পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ব্যাপকভাৱে উৎসাহিত কৰিছে বিজেপি-অগপক

-বজালী জিলাত ৫খন আসন আছিল

-৫খন আসনৰ ৪খন আসনে বিজেপিয়ে লাভ কৰিলে

-বৰপেটাত ১৯খন আসন আছিল

-১৯খনৰ ভিতৰত ৭ খন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে

-বিলাসীপাৰাত ৪খন আছিল, ২খন লাভ কৰিছে

-বিশ্বনাথত ১২খনৰ ১২খনেই লাভ কৰিছে

-বঙাইগাঁৱত ১২খন আসনত দুয়োটা দল লগ লাগি ৮খন লাভ কৰিছে

-কাছাৰত ২৫খন আসন আছিল, ১৬খন আসন লাভ কৰিছে

-চৰাইদেউত ৮খনত ৮খনেই লাভ কৰিছে

-দৰঙত ১২খন আছিল,  ৭খন আসনত জয়লাভ কৰিছে

-ধেমাজিত ১২খনত ১২খনেই লাভ কৰিছে

-ধুবুৰীত ১২খনত ৩খনত জয়লাভ কৰিছে

-ঢকুৱাখনাত ৪খনত ৪খনতেই জয়ী হৈছে

-ডিব্ৰুগড়ত ২২খনত ২২খনেই জিকিছে

-গোৱালপাৰাত ১৬খন আসনত ১০খন আসন লাভ কৰিছে

-গোলাঘাট ২০ৰ ২০খনেই লাভ কৰিছে

-গুৱাহাটীত ৬খনত ৬খনেই লাভ কৰিছে

-হাইলাকান্দিত ৮খনৰ ভিতৰত ৩খন লাভ কৰিছে

-হোজাইত ১২খনৰ ভিতৰত ৭খন লভা কৰিছে

-যোৰহাটত ১৬খনৰ ১৬খনেই লাভ কৰিছে

-কলিয়াবৰত ৮ খনৰ ৮খনেই লাভ কৰিছে

-লখিমপুত ১৫খনত ১৩খন লাভ কৰিছে

-মাজুলীত ৪খনৰ ভিতৰত ৪খনেই লাভ কৰিছে

-মৰিগাঁৱত ১২খনৰ ভিতৰত ৮খন লাভ কৰিছে

-নগাঁৱত ১৯খনৰ ভিতৰত ১১খন লাভ কৰিছে

-নলবাৰীত ১২খনৰ ভিতৰত ১১খন লাভ কৰিছে

-উত্তৰ কামৰূপত ১২খনৰ ভিতৰত ১২খন লাভ কৰিছে

-শ্ৰীভূমিত ১৬খনৰ ভিতৰত ১১খন লাভ কৰিছে

-শিৱসাগৰত ১২খনৰ ভিতৰত ১১খন আসন লাভ কৰিছে

-শোণিতপুৰত ২০খনৰ ভিতৰত ২০খনতেই জয়লাভ কৰিছে

-দক্ষিণ কামৰূপত ১২খন আসনৰ ৬খনতেই জয়লাভ কৰিছে

-তিনিচুকীয়াত ২২খনৰ ২২খনতেই জয়লাভ কৰিছে

-পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যবাসীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি… জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব

-পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি

-জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব ?

-ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ মেনিফেষ্টো সমিতি আৰু জিলা প্ৰভাৰীৰ নাম

-বজালীত মন্ত্ৰী কৌশিক ৰায়ক দায়িত্ব

-বৰপেটাত জয়ন্ত মল্ল বৰুৱা

-বিলাসীপাৰাত অশোক সিংঘল

-বিশ্বনাথত ৰনোজ পেগু

-বঙাইগাঁৱত জয়ন্ত মল্ল বৰুৱা

-কাছাৰত কৃষ্ণেন্দু পাল

-চৰাইদেউত ৰূপেশ গোৱালা

-দৰঙত ৰঞ্জিত কুমাৰ দাস

-ধেমাজিত বিমল বড়া

-ধুবুৰীত অশোক সিংঘল

-ডিব্ৰুগড়ত ৰূপেশ গোৱালা

-ঢকুৱাখনাত বিমল বড়া

-গোৱালাপাৰাত জয়ন্ত মল্ল বৰুৱা

-গোলাঘাটত নন্দিতা গাৰ্লোচা

-গুৱাহাটীত যোগেন মহন

-হাইলাকান্দিত কৃষ্ণেন্দু পাল

-হোজাই পীযুষ হাজৰীকা

-যোৰহাটত অজন্তা নেওগ

-কলিয়াবৰ অজন্তা নেওগ

-শ্ৰীভূমিত কৌশিক ৰায়

-লখিমপুৰত ৰণোজ পেগু

-মাজুলীত  বিমল বড়া

-মৰিগাঁৱত চন্দ্ৰমোহন পাটোৱাৰী

-নগাঁৱত পীয়ুষ হাজৰিকা

-নলবাৰীত কৌশিক ৰায়

-উত্তৰ কামৰূপত ৰঞ্জিত কুমাৰ দাস

-শিৱসাগৰত যোগেন মহন

-শোণিতপুৰত পীয়ুষ হাজৰি

-দক্ষিণ কামৰূপত ৰঞ্জিত কুমাৰ দাস

-দক্ষিণ শালমাৰা মানকাছৰত অশোক সিংঘল

-তিনিচুকীয়া প্ৰশান্ত ফুকনক দায়িত্ব

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনঃ প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

-প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

-ভোটাৰ তালিকাত সন্নিবিষ্ট হ’ল ১,৮০,১৮,৯১৩ ভোটাৰৰ নাম

-তালিকাত প্ৰকাশিত পুৰুষ ভোটাৰৰ সংখ্যা ৯০,৬০,৬৪০জন

-মহিলা ভোটাৰৰ সংখ্যা ৮৯,৫৩,৮৬৫ গৰাকী

-আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮গৰাকী

-তালিকাত আছে নে নাই আপোনাৰ নাম

-আজিয়েই কৰক পৰীক্ষা

-কিদৰে ভোটাৰ লিষ্টত বিচাৰিব আপোনাৰ নাম

-নাম পৰীক্ষাৰ বাবে আজিয়েই ক্লিক কৰক এই লিংকত

-ৰাজ্যিক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা মুকলি কৰিছে ৱেবচাইট

-https://ermssec.assam.gov.in লিংকত ক্লিক কৰি চাব পাৰিব নিজৰ নাম

মুঠ ৩৩টা নিয়ম মানিব লাগিব প্ৰাৰ্থীসকলে…প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ যোগ্যতাৰ তালিকা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ বাবে আহি গ’ল ডাঙৰ খবৰ । প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ যোগ্যতাৰ তালিকা । মুঠ ৩৩টা নিয়ম মানিব লাগিব প্ৰাৰ্থীসকলে । জানক গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ অৰ্হতা আৰু  যোগ্যতা কি কি হ’ব লাগিব ?

 ১. গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স ২১ বছৰ হ’ব লাগিব

২। প্ৰাৰ্থীগৰাকী বাল্যবিবাহ কৰোৱা ব্যক্তি হ’ব নালাগিব

৩। পৰিয়ালৰ কোনো ব্যক্তি হ’ব নালাগিব বাল্যবিবাহেৰে জড়িত

৪। গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী (GENERAL CASTE) মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব

৫। ST, SC, OBCৰ প্ৰাৰ্থী হ’ব লাগিব দশম শ্ৰেণীলৈকে পঢ়া

৬। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ’ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ

৭। জিলা পৰিষদৰ ক্ষেত্ৰটো প্ৰাৰ্থীগৰাকী হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ

৮। প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে

৯। ২০১৮ চনৰ ১৯ মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়েহে কৰিব পাৰিব প্ৰতিদ্বন্দিতা

১০। নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বিবেচিত হ’ব

১১। দেউলীয়া ঘোষিত হোৱা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন

১২। চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে নোৱাৰে খেলিব নিৰ্বাচন

১৩। চৰকাৰী পদত অধিষ্ঠিত হৈ থকা ব্যক্তিয়ে নোৱাৰে খেলিব নিৰ্বাচন

১৪। গাঁও পঞ্চায়ত, জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ’ব অযোগ্য

১৫। কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন

১৬। সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন

১৭। বাসস্থানত ছেনীটাৰী নথকা ব্যক্তিকো অযোগ্য ঘোষণা কৰা হ’ব

১৮। প্ৰাৰ্থীজন Rules 1995ৰ আধাৰত একাধিক গাওঁ পঞ্চায়তৰ ভোটাৰ হ’ব নোৱাৰিব

১৯। গাওঁ পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা ৫ বছৰ হ’ব লাগিব

২০। আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা ৫ বছৰ হ’ব লাগিব

২১। জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা ৫ বছৰ হ’ব লাগিব

২২। মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা

২৩। দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ ORIGINAL CERTIFICATE

২৪। জমা দিব লাগিব বাকী জাই প্ৰমাণ পত্ৰ

২৫। জমা দিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ

২৬। জমা দিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ

২৭। জমা দিব লাগিব জাতিগত প্ৰমাণ পত্ৰ

২৮। জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ

২৯। জমা দিব লাগিব শেহতীয়া খাজানা ৰচিদ

৩০। জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ NOC

৩১। খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট

৩২। জমা দিব লাগিব প্ৰস্থাৱকৰ নথি

৩৩। জমা দিব লাগিব গাঁওপ্ৰধানৰ প্ৰমাণ পত্ৰ

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনঃ ডাঙৰ মন্তব্য মন্ত্ৰী ৰণজিৎ দাসৰ

-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল ডাঙৰ খবৰ

-ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

-জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জাৰি হ’ব পাৰে নিৰ্বাচনী অধিসূচনা

-২৮ ডিচেম্বৰত প্ৰকাশ পাব পূৰ্ণাঙ্গ ভোটাৰ তালিকা

-প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক আৰ্জী

-শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ নিৰ্বাচন আয়োগৰ ওচৰত এই আবেদন

-পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা…

-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল কেইবাটাও নতুন নিয়ম

-পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন

-ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক

-জানুৱাৰী মাহত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন

-আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈয়ো বিশেষ নিয়ম

-আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৭০ ভাগ দলীয় প্ৰতীকত নহয়

-৩০ শতাংশহে দলৰ প্ৰতীকত  নিৰ্বাচনত অনুষ্ঠিত হ’ব

-জানুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন

-ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন

-পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা