ভাল খবৰ , ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণমাফ চৰকাৰৰ ;  মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

যোৰহাটত ৭৮,০৪৬ গৰাকী মহিলাৰ মহিলাৰ বাবে এক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘৫০ হাজাৰ টকা পৰ্যন্তু ঋণ লোৱা মহিলাৰ ঋণমাফ চৰকাৰৰ। ২৫-৫০ হাজাৰ টকালৈ ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে’। তেওঁ লগতে কয় যে ব্লক অনুসৰি

যোৰহাটত ৭৮,০৪৬ গৰাকী মহিলাৰ মহিলাৰ বাবে এক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘৫০ হাজাৰ টকা পৰ্যন্তু ঋণ লোৱা মহিলাৰ ঋণমাফ চৰকাৰৰ।

২৫-৫০ হাজাৰ টকালৈ ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে’। তেওঁ লগতে কয় যে ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ’ব চাৰ্টিফিকেট। ঋণমাফৰ বাবে ২২৩ কোটি ব্যয় কৰিব চৰকাৰে।

৭৮,০৪৬ গৰাকী মহিলাৰ ঋণমাফ কৰিলে হিমন্ত বিশ্ব চৰকাৰে’। জানিব পৰা মতে অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল ঋণ। যোৰহাটৰ ১২,৬৪৭ গৰাকী মহিলাই ঘুৰাই দিব পৰা নাছিল ঋণ।

সেয়ে এই মহিলা সকলৰ বাবে সিদ্ধান্ত ললে চৰকাৰে। জানিব পৰা মতে চাৰ্টিফিকেটসমূহ পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব এই মহিলাসকলে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই আনন্দিত হৈছে মহিলা সকল।

শেহতীয়া প্ৰৱন্ধসমূহ