কলকাতাৰ বাবে কঠিন হৈ পৰিল প্লে অফৰ দৌৰ...

কলকাতাৰ বাবে কঠিন হৈ পৰিল প্লে অফৰ দৌৰ… অন্তিম অভাৰত চেন্নাইৰ হাতত পৰাস্ত ৰাহানে বাহিনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বুধবাৰে অনুষ্ঠিত হোৱা ৫৭ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত ২ উইকেটত পৰাস্ত হয় । এই পৰাজয়ৰ পিছত কে কে আৰৰ প্লে অফত প্ৰৱেশৰ আশা প্ৰায় ছিন্নভিন্ন হৈ পৰিছে । এই মেচখনত কলকাতা

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বুধবাৰে অনুষ্ঠিত হোৱা ৫৭ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত ২ উইকেটত পৰাস্ত হয় । এই পৰাজয়ৰ পিছত কে কে আৰৰ প্লে অফত প্ৰৱেশৰ আশা প্ৰায় ছিন্নভিন্ন হৈ পৰিছে ।

এই মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছক ১৮০ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো চেন্নাইয়ে হাতত ২টা উইকেট থকা অৱস্থা ১৯.২ অভাৰত উপনীত হয় । ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা তিনিটা দল বাহিৰ হৈছে আৰু ৭ মে’ৰ নিশা পৰাজয়ৰ পিছত কে কে আৰো এই দলকেইটাৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে ।

নূৰৰ চাৰি উইকেট লয়, ব্ৰেভিছৰ বিস্ফোৰক ইনিংছ-

টছত জয়ী হৈ কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৭৯ ৰান সংগ্ৰহ কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অধিনায়ক অজিংক্য ৰাহানেই সৰ্বাধিক ৪৮ ৰান সংগ্ৰহ কৰে । ৩৩ বলৰ ইনিংছত ৰাহানেই ৪টা চাৰি আৰু দুটা ছয় কোবাই । আন্দ্ৰে ৰাছেলে ৪টা চাৰি আৰু ৩টা ৬ৰ সহায়ত ২১টা বলত ৩৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ।

আনহাতে অভিজ্ঞ বেটছমেন মনীষ পাণ্ডেই অপৰাজিত ৩৬ ৰান আৰু অ’পেনাৰ সুনীল নাৰিনে ২৬ ৰান আগবঢ়ায় । চেন্নাই ছুপাৰ কিংছৰ হৈ স্পীনাৰ নূৰ আহমেদে সৰ্বাধিক ৪টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ অংশুল কাম্বোজ আৰু স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই এটাকৈ সফলতা লাভ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত উৰভিল পেটেল (১১ বলত ৩১), দেৱাল্ড ব্ৰেভিছ (২৫ বলত ৫২) আৰু শিৱম ডুবে (৪০ বলত ৪৫) বাবে চি এছ কেয়ে লক্ষ্যত উপনীত হয় । ১৭ ৰানত অপৰাজিত হৈ উভতি আহে ধোনী । এই মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল নূৰ আহমেদ । নুৰে ৪টা উইকেট দখল কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ