নিশা হঠাৎ খহি পৰিল ৪ মহলিয়া অট্টালিকা; ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু লোক

দিল্লীৰ মুস্তাফাবাদ অঞ্চলত শনিবাৰে পুৱতি নিশা খহি পৰিল এটা চাৰি মহলীয়া অট্টালিকা। ঘটনাৰ পিছতে বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। মুস্তাফাবাদ বিধান সভা সমষ্টিৰ দয়ালপুৰ আৰক্ষী থানাত অৱস্থিত ১ নং শক্তি বিহাৰ লেনত শুকুৰবাৰে নিশা হঠাতে ভাঙি পৰে এটা চাৰি মহলীয়া অট্টালিকা।

দিল্লীৰ মুস্তাফাবাদ অঞ্চলত শনিবাৰে পুৱতি নিশা খহি পৰিল এটা চাৰি মহলীয়া অট্টালিকা। ঘটনাৰ পিছতে বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

মুস্তাফাবাদ বিধান সভা সমষ্টিৰ দয়ালপুৰ আৰক্ষী থানাত অৱস্থিত ১ নং শক্তি বিহাৰ লেনত শুকুৰবাৰে নিশা হঠাতে ভাঙি পৰে এটা চাৰি মহলীয়া অট্টালিকা।

ঘটনাৰ সময়ত অধিকাংশ লোক শুই আছিল, যাৰ বাবে বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।

উত্তৰ-পূব জিলাৰ অতিৰিক্ত ডিচিপি সন্দীপ লাম্বাই জনোৱা মতে, এতিয়ালৈকে ১৪ জন লোকক নিৰাপদে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে, য’ত ৬ জন লোকৰ মৃত্যু হৈছে।

এন ডি আৰ এফ আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে যোৱা ৬ ঘণ্টা ধৰি উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

স্থানীয় ৰাইজৰ মতে, পুৱা প্ৰায় ৩ বজাত এটা প্ৰচণ্ড শব্দ শুনা পাইছিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ অট্টালিকাটো ভাঙি পৰে।

মুস্তাফাবাদ অঞ্চলত অট্টালিকাটো ভাঙি পৰাৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে।চিচিটিভি ফুটেজত মাজনিশা অট্টালিকাটো তাচঘৰৰ দৰে খহি পৰা দেখিবলৈ পোৱা গৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ