পণ্ডিত প্ৰদীপ মিশ্ৰৰ অনুষ্ঠানত ভয়ংকৰ পৰিস্থিতি; পদপৃষ্ট হৈ আহত বহুজন

উত্তৰ প্ৰদেশৰ মিৰাটত পণ্ডিত প্ৰদীপ মিশ্ৰাৰ বক্তৃতাৰ সময়ত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়, য’ত কেইবাগৰাকী মহিলা আহত হৈছে। আহতসকলক নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছে। খবৰ অনুসৰি কথা পেণ্ডেলৰ প্ৰৱেশ দ্বাৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল। তথ্য অনুসৰি, বৃহৎ জনসমাগমৰ বাবে প্ৰৱেশ দ্বাৰত বিশৃংখলতাৰ সৃষ্টি হৈছিল। তাৰ পিছতেই

উত্তৰ প্ৰদেশৰ মিৰাটত পণ্ডিত প্ৰদীপ মিশ্ৰাৰ বক্তৃতাৰ সময়ত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়, য’ত কেইবাগৰাকী মহিলা আহত হৈছে।

আহতসকলক নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছে। খবৰ অনুসৰি কথা পেণ্ডেলৰ প্ৰৱেশ দ্বাৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

তথ্য অনুসৰি, বৃহৎ জনসমাগমৰ বাবে প্ৰৱেশ দ্বাৰত বিশৃংখলতাৰ সৃষ্টি হৈছিল। তাৰ পিছতেই মাটিত পৰি যায় কেইবাগৰাকীও মহিলা।এই ঘটনাত চাৰিগৰাকী মহিলা আহত হোৱাৰ খবৰ পোৱা গৈছে।

ঘটনাৰ পিছতেই স্থানীয় আৰক্ষী বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছিল। অৱশ্যে, এই হুলস্থূলত কিমান জন লোক আহত হৈছে সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই।ইয়াত আঘাতপ্ৰাপ্ত সকলোকে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

এই ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত দেখা পোৱা গৈছে  যে প্ৰৱেশ দ্বাৰত থিয় হৈ থকা ভক্তৰ ভিৰটোৱে পেণ্ডেলত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল। কিন্তু ঠেলা হেঁচাত হঠাতে মাটিত পৰি যায় কেইবা গৰাকীও মহিলা।

শেহতীয়া প্ৰৱন্ধসমূহ