খেলৰ মাজতে বিৰাট কোহলী আৰু কে এল ৰাহুলৰ সংঘাট! ভিডিঅ’ ভাইৰেল

দেওবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক দেখিবলৈ পোৱা গৈছিল। যাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।দেওবাৰে আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) বনাম দিল্লী কেপিটেলছ (ডি চি)ৰ খেলৰ সময়ত

দেওবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক দেখিবলৈ পোৱা গৈছিল।

যাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।দেওবাৰে আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) বনাম দিল্লী কেপিটেলছ (ডি চি)ৰ খেলৰ সময়ত খেলপথাৰতে বিৰাট কোহলী আৰু কে.এল. তৰ্ক হোৱা দেখা পোৱা গৈছিল।

প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে ১৬২ ৰান সংগ্ৰহ কৰে।দিল্লীৰ হৈ কে এল ৰাহুলে সৰ্বাধিক ৰান সংগ্ৰহ কৰে, তেওঁ ৩৯টা বলত ৪১ ৰান সংগ্ৰহ কৰে।

দুয়োৰে মাজত কিয় তৰ্ক হৈছিল সেয়া প্ৰথমতে বিষয়টো স্পষ্ট হোৱা নাছিল।কিন্তু ভাৰতীয় সতীৰ্থ দুগৰাকীৰ মাজত কিয় এই তৰ্ক হ’ল সেই কথা বুজাই দিলে ভাৰতৰ প্ৰাক্তন স্পিনাৰ পিযুষ চাওলাই।

পীয়ুষ চাওলাৰ মতে, বিৰাট কোহলী এইটো কথাত অসন্তুষ্টহৈছিল যে দিল্লী কেপিটেলছে ফিল্ডিং থিক কৰিবলৈ বহু সময় লগাইছিল আৰু এই বিষয়ে তেওঁ কে এল ৰাহুলক অভিযোগ কৰিছিল।

একে সময়তে বিৰাট কোহলীৰ কথাত কে এল ৰাহুলৰো খং উঠিল।দুয়োৰে মাজত উত্তেজনা স্পষ্টকৈ দেখা গৈছে।কিন্তু এই ঘটনাত পিছত কোনো বিতৰ্ক নোহোৱাকৈ দুয়ো খেলিবলৈ আৰম্ভ কৰিলে।

দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰাৰ পাছত পইণ্ট তালিকাৰ প্ৰথম স্থানলৈ আহিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু।১০খন মেচত এয়া ৭ম জয়, দলটোৱে এতিয়া ১৪ পইণ্ট লাভ কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ