ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠান...

ৰাষ্ট্ৰপতি ভৱনত আয়োজন ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠান…বিশিষ্ট অতিথিসকলক আতিথ্য প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্ৰপতি ভৱনত গণৰাজ্য দিৱস উপলক্ষে বিশিষ্ট অতিথিসকলৰ বাবে ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । য’ত বহু বিশেষ অতিথিয়ে অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উদ্যোগত এইয়া আছিল দ্বিতীয়টো ‘এট হোম’ কাৰ্যসূচী । একে সময়তে ৰাষ্ট্ৰপতি ভৱনে ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টত

ৰাষ্ট্ৰপতি ভৱনত গণৰাজ্য দিৱস উপলক্ষে বিশিষ্ট অতিথিসকলৰ বাবে ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । য’ত বহু বিশেষ অতিথিয়ে অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উদ্যোগত এইয়া আছিল দ্বিতীয়টো ‘এট হোম’ কাৰ্যসূচী ।

একে সময়তে ৰাষ্ট্ৰপতি ভৱনে ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টত লিখিছে- ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত “এট হোম” অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে । গুৰুত্বপূৰ্ণ বিশিষ্ট ব্যক্তিসকলৰ উপৰিও বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট নাগৰিকে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ হিতাধিকাৰীসকলৰ সৈতে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ সময়ত প্ৰদৰ্শিত জীৱন্ত কলাত্মক আৰু সাংস্কৃতিক উপাদানসমূহ অতিথিসকলে উপভোগ কৰে ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ-

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনা, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ।

এই কেন্দ্রীয় মন্ত্রীসকলেও কার্যসূচীত অংশগ্রহণ কৰে-

একে সময়তে গণৰাজ্য দিৱসৰ দিনা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু পীয়ুষ গোৱেলে ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত দুপৰীয়াৰ আহাৰ-

একে সময়তে প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত অংশগ্ৰহণ কৰাসকলৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দুপৰীয়াৰ আহাৰৰ আয়োজন কৰে ।