আৰবাজ খান

জল্পনা-কল্পনাৰ অন্ত ; দ্বিতীয়বাৰলৈ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান!

দ্বিতীয়বাৰলৈ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান! বলীউডৰ অভিনেতা তথা প্ৰযোজক আৰবাজ খান পুনৰবাৰ নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে।৫৭ বছৰীয়া আৰবাজে অতি সোনকালে দ্বিতীয়বাৰৰ বাবে পিতৃ হ’বলৈ ওলাইছে। পত্নী শ্বুৰা খানৰ গৰ্ভধাৰণৰ জল্পনা-কল্পনাৰ অন্ত পৰিল,কাৰণ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত শ্বুৰাৰ বেবী

দ্বিতীয়বাৰলৈ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান!

বলীউডৰ অভিনেতা তথা প্ৰযোজক আৰবাজ খান পুনৰবাৰ নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে।৫৭ বছৰীয়া আৰবাজে অতি সোনকালে দ্বিতীয়বাৰৰ বাবে পিতৃ হ’বলৈ ওলাইছে।

পত্নী শ্বুৰা খানৰ গৰ্ভধাৰণৰ জল্পনা-কল্পনাৰ অন্ত পৰিল,কাৰণ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত শ্বুৰাৰ বেবী বাম্প স্পষ্টকৈ দেখা গৈছে।

ইণ্টাৰনেটত এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে আৰু এই খবৰ পাই অনুৰাগীসকল যথেষ্ট উৎসাহিত হৈছে।

আচলতে এই ভিডিঅ’টো  এজন লোকে শ্বেয়াৰ কৰিছে,য’ত শ্বুৰা খানক ক’লা পোছাকত দেখা গৈছে।এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত অৰবাজ আৰু শ্বুৰাই যে অতি সোনকালে প্ৰথম সন্তানক আদৰি ল’ব সেয়া প্ৰায় নিশ্চিত।

অৰবাজ খানৰ পিতৃ হোৱাৰ এয়া হ’ব দ্বিতীয় অভিজ্ঞতা।ইয়াৰ পূৰ্বে তেওঁ মালাইকা অৰোৰা ফালৰ পৰা  পুত্ৰ আৰহান খানৰ পিতৃ হৈছিল।আৰাভৰ বয়স এতিয়া ২৩ বছৰ আৰু তেওঁক প্ৰায়ে পিতৃ-মাতৃৰ সৈতে ছ’চিয়েল মিডিয়াত দেখা যায়।

শেহতীয়াকৈ অভিনেতা গৰাকীক পত্নীৰ সৈতে ডিনাৰ ডেটত দেখা গৈছিল, তেতিয়া তেওঁ শ্বুৰা খানৰ গৰ্ভাৱস্থাৰ বিষয়ে এটা ইংগিত দিছিল।

অভিনেতাজনক সকলোৱে অভিনন্দন জনোৱাত লাজত ৰঙা পৰিছিল আৰবাজক একে সময়তে শ্বুৰাক স্বামীৰ ফালে চাই হাঁহি থকা দেখা গৈছিল।

লগতে পঢ়ক: ‘ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক মিছ কৰিম’; টেষ্ট মেচক লৈ শুভমান গীলৰ কেইবাটাও ঘোষণা