চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা প্ৰাইজমানি...

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা প্ৰাইজমানি… বিজয়ী দলে লাভ কৰিব কোটি টকা, পৰাজিত দলেও লাঊ কৰিব এই পুৰস্কাৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ এসপ্তাহতকৈয়ো কম সময় বাকী আছে । এইবাৰ পাকিস্তানৰ আতিথ্যত ‘হাইব্ৰিড মডেল’ৰ অধীনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এই খেলসমূহ পাকিস্তানৰ তিনিখন চহৰ (লাহোৰ, ৰাৱালপিণ্ডি, কৰাচী) আৰু ডুবাইত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ এসপ্তাহতকৈয়ো কম সময় বাকী আছে । এইবাৰ পাকিস্তানৰ আতিথ্যত ‘হাইব্ৰিড মডেল’ৰ অধীনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এই খেলসমূহ পাকিস্তানৰ তিনিখন চহৰ (লাহোৰ, ৰাৱালপিণ্ডি, কৰাচী) আৰু ডুবাইত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব টিম ইণ্ডিয়াই ।

ঘোষণা হ’ল প্ৰাইজমানি-

শেহতীয়াকৈ আই চি চিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধন অথবা প্ৰাইজমানি । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিজয়ী দলটোৱে লাভ কৰিব ২.২৪ মিলিয়ন ডলাৰ (প্ৰায় ১৯.৪৬ কোটি টকা) । ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ১১.১২ মিলিয়ন ডলাৰ (প্ৰায় ৯.৭৩ কোটি টকা) । ছেমি ফাইনেলত পৰাজিত দুয়োটা দলে সমান পৰিমাণৰ ৫ লাখ ৬০ হাজাৰ ডলাৰ (প্ৰায় ৪.৮৬ কোটি টকা) লাভ কৰিব ।

চেম্পিয়নছ ট্ৰফীত প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ হ’ব । গ্ৰুপ পৰ্যায়ত মেচত জয়ী হোৱাৰ বাবে দলটোৱে লাভ কৰিব ৩৪০০০ ডলাৰ (প্ৰায় ২৯.৫৩ লাখ টকা) । আনহাতে পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ৩৫০০০০০০ ডলাৰ (প্ৰায় ৩.০৪ কোটি টকা) লাভ কৰিব । আনহাতে সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ১৪০০০০০ ডলাৰ (প্ৰায় ১.২২ কোটি টকা) লাভ কৰিব । ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আটাইকেইটা দলকে ১২৫০০০ ডলাৰ (প্ৰায় ১.০৯ কোটি টকা)ৰ নিশ্চয়তা প্ৰদান কৰা হ’ব । এই প্ৰতিযোগিতাত আই চি চিয়ে মুঠ ৬৯ লাখ ডলাৰ (প্ৰায় ৬০ কোটি টকা) পুৰস্কাৰ ধন বিতৰণ কৰিব । ২০১৭ চনৰ তুলনাত ৫৩ শতাংশ বেছি ।

চেম্পিয়নছ ট্ৰফী পুৰস্কাৰৰ ধন: (USD ডলাৰ)

বিজয়ী দল: ২.২৪ মিলিয়ন ডলাৰ (১৯.৪৬ কোটি টকা)

ৰানাৰ্ছ আপ : ১২.৪ মিলিয়ন ডলাৰ (৯.৭৩ কোটি টকা)

ছেমি ফাইনেলিষ্ট : ৫,৬০,০০০ ডলাৰ (৪.৮৬ কোটি টকা)

পঞ্চম আৰু ষষ্ঠ স্থানৰ দল: ৩,৫০,০০০ ডলাৰ (৩.০৪ কোটি টকা)

সপ্তম বা অষ্টম স্থানৰ দল: ১৪০০০ ডলাৰ (১.২২ কোটি টকা)

গ্ৰুপ পৰ্যায়ত জয়ী: ১,৪০,০০০ ডলাৰ (১.২২ কোটি টকা)

নিশ্চয়তাৰ ধনঃ ১,২৫,০০০ ডলাৰ (১.০৯ কোটি টকা)

শেহতীয়া প্ৰৱন্ধসমূহ