প্ৰসাধনৰ সামগ্ৰী বিচাৰিলে নন্দিনী কাশ্যপে
বুধবাৰে CJM আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে নন্দিনী কাশ্যপক।বৰ্তমান পানবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে তেওঁক।তাতেই তেওঁক সোধা-পোছা কৰিব আৰক্ষীয়ে।
ইফালে আদালতৰ পৰা থানালৈ আহি একোৱে মুখত দিব বিচৰা নাই অভিনেত্ৰীগৰাকীয়ে। আনকি পানী খাবলৈও অমান্তি হৈছে তেওঁ।
নিশাৰ আহাৰ খাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে।কিন্তু তাৰ মাজতে অভিনেত্ৰী গৰাকীয়ে পানবজাৰ মহিলা আৰক্ষীক বিচাৰিছে প্ৰসাধন সামগ্ৰী।ক্ৰীম, পাউডাৰ লিপষ্টিক লাগে তেওঁক।
উল্লেখ্য যে, আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক ৫ দিনৰ জিম্মাত বিচাৰিছিল। কিন্তু আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে আদালতে তেওঁৰ জামিন আবেদনো নাকচ কৰিছে।
লগতে পঢ়ক: জামিন আবেদন নাকচ নন্দিনী কাশ্যপৰ; দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ









