‘মোক মুখত ঘহিবলৈ কিবা অলপ দিয়ক’; আৰক্ষীক প্ৰসাধনৰ সামগ্ৰী বিচাৰিলে নন্দিনী কাশ্যপে

প্ৰসাধনৰ সামগ্ৰী বিচাৰিলে নন্দিনী কাশ্যপে

বুধবাৰে CJM আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে নন্দিনী কাশ্যপক।বৰ্তমান পানবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে তেওঁক।তাতেই তেওঁক সোধা-পোছা কৰিব আৰক্ষীয়ে।

ইফালে আদালতৰ পৰা থানালৈ আহি একোৱে মুখত দিব বিচৰা নাই অভিনেত্ৰীগৰাকীয়ে। আনকি পানী খাবলৈও অমান্তি হৈছে তেওঁ।

নিশাৰ আহাৰ খাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে।কিন্তু তাৰ মাজতে অভিনেত্ৰী গৰাকীয়ে পানবজাৰ মহিলা আৰক্ষীক বিচাৰিছে প্ৰসাধন সামগ্ৰী।ক্ৰীম, পাউডাৰ লিপষ্টিক লাগে তেওঁক।

উল্লেখ্য যে, আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক ৫ দিনৰ জিম্মাত বিচাৰিছিল। কিন্তু আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ  প্ৰেৰণ কৰে। আনহাতে আদালতে তেওঁৰ জামিন আবেদনো নাকচ কৰিছে।  

লগতে পঢ়ক: জামিন আবেদন নাকচ নন্দিনী কাশ্যপৰ; দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

জামিন আবেদন নাকচ নন্দিনী কাশ্যপৰ; দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

জামিন আবেদন নাকচ নন্দিনী কাশ্যপৰ

অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন নাকচ কৰিলে কামৰূপৰ CJM আদালতে।বুধবাৰে বিয়লি আদালতত হাজিৰ কৰোৱা হৈছিল নন্দিনীক। অভিনেত্ৰী গৰাকীক ৫ দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে।

কিন্তু CJM আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে নন্দিনীক।দুদিনৰ পিছত পুনৰ অভিনেত্ৰীগৰাকীক হাজিৰ কৰোৱা হ’ব আদালতত।

উল্লেখযোগ্য যে, ২৫ জুলাইৰ নিশা অভিনেত্ৰী নন্দিনীয়ে নিজৰ তীব্ৰ বেগী বলেৰ’ বাহনেৰে খুন্দিয়াই গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত কৰিছিল ২১ বছৰীয়া ছামিউল হকক।

৫ দিনে জীৱন-মৃতুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউলে।তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী নন্দিনীক।

বৰ্তমান ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই আছে।যদি অভিনেত্ৰী গৰাকী দোষী সাব্যস্ত হয় তেন্তে ১০ বছৰ অথবা যাৱজ্জীৱন কাৰাদণ্ডও হ’ব পাৰে অভিনেত্ৰী গৰাকীৰ।

লগতে পঢ়ক: ‘অৱতাৰ ৩’ৰ ট্ৰেইলাৰ মুকলি; পেণ্ডোৰাৰ জগতত দেখা গ’ল বিপজ্জনক খলনায়ক