এইবাৰ ভাৰতে বন্ধ কৰিলে ডাক আৰু পাৰ্চেল সেৱা

মহাবিপদত পাকিস্তান… এইবাৰ ভাৰতে বন্ধ কৰিলে ডাক আৰু পাৰ্চেল সেৱা

পহলগাম সনন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ইটোৰ পিছত সিটোকৈ কঠোৰ ব্যৱস্থা । প্ৰকৃতিৰ ভূ-স্বৰ্গত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ পিছতে ভাৰতে দেশখনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা । যাৰ বাবে এতিয়া ভাৰতৰ ভয়ত কম্পমান হৈ পৰিছে চিৰ

পহলগাম সনন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ইটোৰ পিছত সিটোকৈ কঠোৰ ব্যৱস্থা । প্ৰকৃতিৰ ভূ-স্বৰ্গত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ পিছতে ভাৰতে দেশখনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা । যাৰ বাবে এতিয়া ভাৰতৰ ভয়ত কম্পমান হৈ পৰিছে চিৰ বৈৰী দেশখন । ইয়াৰ মজতে ভাৰতে পাকিস্তানত আন এক ডাঙৰ আঘাত হানিছে । এইবাৰ ভাৰতে পাকিস্তানলৈ সকলো শ্ৰেণীৰ ডাক আৰু পাৰ্চেল সেৱা বন্ধ কৰি দিছে । এতিয়া ডাক আৰু পাৰ্চেল বিমান বা স্থলপথেৰে পাকিস্তানলৈ পঠিয়াব নোৱাৰিব বা গ্ৰহণ কৰিব নোৱাৰিব ।

দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ডাক আৰু পাৰ্চেল নিষিদ্ধ কৰাৰ সিদ্ধান্তও এই ধাৰাবাহিক কঠোৰ ব্যৱস্থাৰে অংশ । এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল । পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) নামৰ এটা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল । ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামা আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত এইটোৱেই আছিল সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ । সেই আক্ৰমণত ৪৭ জন চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল ।

ভাৰতে পাকিস্তানক দিছে ডাঙৰ আঘাত-

ইয়াৰ পূৰ্বে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই বৈঠকত ১৯৬০ চনৰ সিন্ধু জল সন্ধি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হয় । ইয়াৰ লগে লগে সংহত চেক পোষ্ট আট্টাৰী শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হয় । ইয়াৰ উপৰিও SAARC Visa Rehemption Scheme ৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ অহাত অনুমতি দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হয় । লগতে ভাৰতত উপস্থিত থকা যিকোনো পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈ ৪৮ ঘন্টা সময় দিয়া হৈছিল ।

কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ-

ইয়াৰ পূৰ্বে ‘মন কি বাত’ অনুষ্ঠানত পুনৰবাৰ পহলগাম আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । পহলগাম আক্ৰমণৰ দোষীক কঠোৰ শাস্তি দিয়াৰ প্ৰয়োজনীয়তাও তেওঁ পুনৰ কয় । তেওঁ কয় যে পহলগাম কাণ্ডই দেশবাসীক আঘাত দিছে আৰু দেশবাসীৰ হৃদয়ত গভীৰ যন্ত্ৰণা আছে । মানুহে অনুভৱ কৰিব পাৰে ভুক্তভোগীৰ পৰিয়ালৰ যন্ত্ৰণা । আতংকৰ ছবি দেখি উতলি আছে প্ৰতিজন ভাৰতীয়ৰ তেজ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব । আমি এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমাৰ ইচ্ছাশক্তি শক্তিশালী কৰিব লাগিব । ভাৰতৰ জনসাধাৰণৰ মাজত যি ক্ষোভ অনুভৱ হয়, সেই ক্ষোভ সমগ্ৰ বিশ্বতে অনুভৱ কৰা হয় । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা ধাৰাবাহিকভাৱে শোক প্ৰকাশ পাইছে । বহু ৰাষ্ট্ৰপতিয়ে মোক ফোন কৰি পহলগাম কাণ্ডক লৈ শোক প্ৰকাশ কৰিছে । এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ গৰিহণা দিছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বই দেশৰ সৈতে থিয় দিছে । ভুক্তভোগী পৰিয়ালক আশ্বাস দিছো যে তেওঁলোকে ন্যায় পাব… । এই আক্ৰমণৰ দোষীক কঠোৰতম শাস্তি দিয়া হ’ব ।

শেহতীয়া প্ৰৱন্ধসমূহ