জয়েৰে আই পি এল ২০২৫ অভিযানৰ অন্ত পেলালে দিল্লীয়ে...

জয়েৰে আই পি এল ২০২৫ অভিযানৰ অন্ত পেলালে দিল্লীয়ে… ভংগ হ’ল পঞ্জাৱৰ শীৰ্ষ ২ত থকাৰ আশা

আই পি এল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬৬ সংখ্যক মেচখনত দিল্লী কেপিটেলছে পঞ্জাব কিংছক ৬ উইকেটত পৰাস্ত কৰে । এই মেচখন জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচত টছ জয় কৰাৰ পাছত দিল্লীয়ে পঞ্জাবক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথমে বেটিং কৰি

আই পি এল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬৬ সংখ্যক মেচখনত দিল্লী কেপিটেলছে পঞ্জাব কিংছক ৬ উইকেটত পৰাস্ত কৰে । এই মেচখন জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচত টছ জয় কৰাৰ পাছত দিল্লীয়ে পঞ্জাবক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথমে বেটিং কৰি পঞ্জাবে দিল্লীক ২০৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । অধিনায়ক আয়াৰ আৰু ষ্ট’ইনিছে বিস্ফোৰক বেটিং কৰে । ইয়াৰ প্ৰত্যুত্তৰত কৰুণ নাইৰৰ উজ্জ্বল বেটিং আৰু সমীৰ ৰিজৱীৰ বিস্ফোৰক অৰ্ধ শতকৰ সহায়ত দিল্লীয়ে সহজেই লক্ষ্যত উপনীত হয় ।

এইখন আই পি এলৰ চলিত ছিজনৰ দিল্লীৰ অন্তিমখন খেল আছিল, য’ত দলটোৱে জয়লাভ কৰে । ১৪খন খেলত ১৫ পইণ্ট লাভ কৰিছে দিল্লীয়ে । কিন্তু দলটোৰ যাত্ৰা ইয়াতেই সমাপ্ত হয় । দিল্লীয়ে চলিত ছিজনৰ বাবে প্লে অফলৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় । অৱশ্যে পঞ্জাৱ দলে ইতিমধ্যে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে । বৰ্তমান দলটোৰ ১৩খন মেচৰ পৰা ১৭ পইণ্ট আছে । এই মেচখনত পঞ্জাবে পইন্ট টেবুলৰ শীৰ্ষত উপনীত হোৱাৰ সুযোগ লাভ কৰিছিল যদিও ব্যৰ্থ হয় ।

দিল্লীৰ ইনিংছ-

২০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লীয়ে এক সুন্দৰ আৰম্ভণি কৰে । কে এল ৰাহুল আৰু ফাফ ডু প্লেচিছে বিস্ফোৰক আৰম্ভণি কৰে । কিন্তু ষষ্ঠ অভাৰত কে এল ৰাহুলৰ উইকেটৰ পতন ঘটাত দিল্লীয়ে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয় । কে এল ৰাহুলে ৩৫ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে সপ্তম অভাৰত ফাফৰ উইকেটৰ পতন ঘটে । ফাফে ২৩ ৰান সংগ্ৰহ কৰে । একে সময়তে অটলেও সুন্দৰ বেটিং কৰি ২২ ৰান সংগ্ৰহ কৰে যদিও ১১ অভাৰত তেওঁ আউট হয় ।

কিন্তু ইয়াৰ পিছতে সমীৰ ৰিজৱী আৰু কৰুণ নাইৰৰ মাজত বিস্ফোৰক অংশীদাৰিত্ব গঢ়ি উঠে । কিন্তু ১৫ নং অভাৰত কৰুণ নাইৰৰ উইকেটৰ পতন ঘটে । কৰুণে ৪৪ ৰান সংগ্ৰহ কৰে । কিন্তু সমীৰ ৰিজৱীয়ে এটা মূৰত থাকি দলৰ হৈ ৰান সংগ্ৰহ কৰি থাকে । একে সময়তে ষ্টাবছে তেওঁক সমৰ্থন কৰে । শেষৰ দুটা অভাৰত জয়ী হ’বলৈ দিল্লীক ২২ ৰানৰ প্ৰয়োজন হৈছিল । ইফালে সমীৰ ৰিজভীয়ে আই পি এলত প্ৰথমটো অৰ্ধ শতক অৰ্জন কৰে । মাত্ৰ ২২টা বলত তেওঁ পঞ্চাশ ৰান সংগ্ৰহ কৰে । শেষৰ অভাৰত জয়ী হ’বলৈ মাত্ৰ ৮ ৰানৰ প্ৰয়োজন হৈছিল দিল্লীক । অৱশেষত এই মেচখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে ।

প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাৱৰ আৰম্ভণি ভাল নাছিল । প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণে ইনিংছ মুকলি কৰে । কিন্তু দ্বিতীয় অভাৰতে নিজৰ উইকেট হেৰুৱাই প্ৰিয়ংশ আৰ্য্যই । প্ৰিয়ংশৰ বেটৰ পৰা মাত্ৰ ৬ ৰানহে আহে । কিন্তু ইয়াৰ পিছত জোছ ইংলিছ আৰু প্ৰভসীমৰণৰ মাজত ভাল অংশীদাৰিত্ব গঢ় লৈ উঠে । দুয়োজনে দ্ৰুত গতিত ৰান সংগ্ৰহ কৰে । মাত্ৰ ৫ অভাৰতে পঞ্জাৱৰ স্ক’ৰ ৫০ ৰান অতিক্ৰম কৰে । কিন্তু ষষ্ঠ অভাৰত ৩৫ ৰান সংগ্ৰহ কৰি ইংলিছ আউট হয় ।

ইয়াৰ পিছতে প্ৰভসীমৰণেও ৮ম অভাৰত নিজৰ উইকেট হেৰুৱাই । প্ৰভসিমৰনে ২৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত অধিনায়ক শ্ৰেয়াছ আয়েৰ আৰু নেহাল বাধেৰাৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠে । ১১ নং অভাৰত পঞ্জাৱৰ স্ক’ৰ ১০০ ৰান অতিক্ৰম কৰে । কিন্তু পঞ্জাবে ১৩ অভাৰত চতুৰ্থটো আঘাত পাইছিল যেতিয়া নেহাল ১৬ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে ১৬ নং অভাৰত আউট হয় শশাংক । কিন্তু শ্ৰেয়াছ আয়েৰে এটা মূৰত দৃঢ় হৈ থাকে । ১৭ নং অভাৰত আয়াৰে পঞ্চাশ ৰান সংগ্ৰহ কৰে । কিন্তু ইয়াৰ পিছত তেওঁৰ উইকেটৰ পতন ঘটে । কিন্তু ইয়াৰ পিছতে মাৰ্কাছ ষ্ট’ইনিছে বিস্ফোৰক ইনিংছ খেলে যাৰ ভিত্তিত পঞ্জাবে দিল্লীৰ সন্মুখত ২০৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।

লগতে পঢ়ক : ভাৰতীয় দলত আই পি এলৰ কোন দলৰ পৰা কোনে পালে সুযোগ ?

শেহতীয়া প্ৰৱন্ধসমূহ