‘বোমাৰে উৰুৱাই দিম…’; কেকেআৰ বনাম পিবিকেএছৰ মেচৰ ২ দিন পূৰ্বে জয়পুৰ ষ্টেডিয়ামলৈ ভাবুকি

আই পি এল ২০২৫ পুনৰ আৰম্ভ হ’বলৈ আৰু মাত্ৰ ২ দিন বাকী আছে ।ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে আই পি এল ২০২৫ স্থগিত ৰখা হৈছিল। এতিয়া ১৭ মাৰ্চৰ পৰা পুনৰ আই পি এল আৰম্ভ হ’বলৈ গৈ আছে, ইফালে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মাত্ৰ

আই পি এল ২০২৫ পুনৰ আৰম্ভ হ’বলৈ আৰু মাত্ৰ ২ দিন বাকী আছে ।ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে আই পি এল ২০২৫ স্থগিত ৰখা হৈছিল।

এতিয়া ১৭ মাৰ্চৰ পৰা পুনৰ আই পি এল আৰম্ভ হ’বলৈ গৈ আছে, ইফালে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মাত্ৰ ৭ দিনৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বোমা বিস্ফোৰণৰ ভাবুকি আহিছে।

বোমাৰ ভাবুকিৰ খবৰে এতিয়া সকলোকে জোকাৰি গৈছে।পাকিস্তানৰ সৈতে ইয়াৰ সম্পৰ্ক থকাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

১৮ মে’ত ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ মাজত জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

ৰাজস্থান ক্ৰীড়া পৰিষদৰ অফিচিয়েল ইমেইল আইডিলৈ প্ৰেৰণ কৰা হৈছিল এই ভাবুকি। ভাবুকি দিয়া ইমেইলটোত লিখা আছিল, ‘পাকিস্তানৰ লগত ধেমালি নকৰিব। ভাৰতত আমাৰ শ্লীপাৰ চেল আছে’।

‘আপোনালোকৰ চিকিৎসালয়সমূহো অপাৰেচন সিন্দুৰৰ বাবে উৰুৱাই দিয়া হ’ব’।এই ভাবুকিৰ পিছতে কৰ্তৃপক্ষই তদন্ত তীব্ৰতৰ কৰি তুলিছে।

শেহতীয়া প্ৰৱন্ধসমূহ