কঁপি উঠিল পশ্চিম বংগ;  অবৈধভাৱে বোমা নিৰ্মাণ কাৰখানাত বিস্ফোৰণ  

পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাত পুৱাই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ঘটনাটোত তিনিজন লোক নিহত হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কৰি আছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এটা ঘৰত অবৈধভাৱে হস্ত নিৰ্মিত বোমা তৈয়াৰ কৰা হৈছিল। সেই সময়তে, এটা বোমা বিস্ফোৰণ হয় আৰু ৩ জন লোকে প্ৰাণ

পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাত পুৱাই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ঘটনাটোত তিনিজন লোক নিহত হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কৰি আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, এটা ঘৰত অবৈধভাৱে হস্ত নিৰ্মিত বোমা তৈয়াৰ কৰা হৈছিল। সেই সময়তে, এটা বোমা বিস্ফোৰণ হয় আৰু ৩ জন লোকে প্ৰাণ হেৰুৱায়।

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ খাইৰতলাৰ বাসিন্দা মামুন মুল্লাৰ ঘৰত দেওবাৰে নিশা অবৈধ বোমা নিৰ্মাণৰ কাম চলি আছিল। হঠাতে এটা বোমা বিস্ফোৰণ হয়।

ইতিমধ্যে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মৃতসকলক মামুন মোল্লা, চাকিৰুল সৰকাৰ আৰু মুস্তাকিন শ্বেখ বুলি চিনাক্ত কৰা হৈছে।