পাকিস্তানত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ : ভয়ংকৰ বিস্ফোৰণত ২৪ জনৰ মৃত্যু, ৫০ৰো অধিক আহত

বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ ইঞ্জিনসহ তিনিটা ডবা লাইনচ্যুত হয় আৰু আন দুটা ডবা সম্পূৰ্ণৰূপে ওলটপালট হৈ পৰে

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানৰ কুৱেটাত দেওবাৰে পুৱা এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । চহৰখনৰ চমন ফটক ৰে’লৱে এলেকাৰ সমীপত সংঘটিত এই বিস্ফোৰণত অতি কমেও ২৪ জন লোক নিহত হোৱাৰ বিপৰীতে ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয় ।

কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, সামৰিক বাহিনীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালক কঢ়িয়াই নিয়া এখন ৰে’লক লক্ষ্য কৰি এই পৰিকল্পিত আক্ৰমণ চলোৱা হৈছিল ।

বিস্ফোৰক ভৰ্তি বাহনেৰে আক্ৰমণ, লাইনচ্যুত কেইবাটাও ডবা-

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অহা ঈদৰ ছুটি কটাবলৈ সামৰিক কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে পেছাৱৰ অভিমুখী ‘জাফৰ এক্সপ্ৰেছ’ নামৰ ৰে’লখনেৰে যাত্ৰা কৰিছিল । পুৱা প্ৰায় ৮ বজাত ৰে’লখনে চমন ফটকৰ এটা চিগনেল পাৰ হৈ যোৱাৰ সময়তে এখন বিস্ফোৰক ভৰ্তি বাহনে ৰে’লখনৰ এটা ডবাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।

স্থানীয় সংবাদ মাধ্যম আৰু ‘ডন’ৰ প্ৰতিবেদন অনুসৰি, বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ ইঞ্জিনসহ তিনিটা ডবা লাইনচ্যুত হয় আৰু আন দুটা ডবা সম্পূৰ্ণৰূপে ওলটপালট হৈ পৰে ।

যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান-

ঘটনাৰ পিছতে কুৱেটাৰ সকলো চৰকাৰী চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আৰু বন্ধৰ দিনটোতো সকলো চিকিৎসক তথা চিকিৎসা কৰ্মীক জৰুৰীভাৱে কৰ্তব্যত যোগদান কৰিবলৈ মাতি পঠিওৱা হৈছে । বৰ্তমান ৫০ জনতকৈও অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, যাৰ ভিতৰত কেইবাজনৰো অৱস্থা অতি সংকটজনক । ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।

আনহাতে, সাৱধানতা অৱলম্বন কৰি পেছাৱৰমুখী জাফৰ এক্সপ্ৰেছখনক কুৱেটা ৰে’ল ষ্টেচনতে ৰখাই দিয়া হয় । পাকিস্তান ৰে’লৱে বিভাগে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী ট্ৰাক আৰু সাহায্য ৰে’লৰ জৰিয়তে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই থকা হৈছে । সমগ্ৰ চহৰখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে সকলো প্ৰাসংগিক প্ৰতিষ্ঠানক হাই এলাৰ্টত ৰখা হৈছে ।

লগতে পঢ়ক : হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত

হঠাৎ দিল্লীৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ; বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান

দিল্লীৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ

সোমবাৰে ৰাজধানীৰ দুখন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হয়। তথ্য লাভ কৰাৰ পিছতেই শিক্ষকে সকলো ছাত্ৰ- ছাত্ৰীক লগে লগে শ্ৰেণীকোঠা খালী কৰিবলৈ কয়।

এই দুয়োখন বিদ্যালয়ে ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰিছিল।তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।

জানিব পৰা মতে, সোমবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ মান বজাত চাণক্যপুৰীৰ নৌসেনা বিদ্যালয় আৰু দ্বাৰকাৰ চি আৰ পি এফ বিদ্যালয়ত মেইলৰ দ্বাৰা বোমাৰে উৰুৱাই দিয়াৰ ধমকি লাভ কৰে।

তাৰ পিছতেই দুয়োখন বিদ্যালয়ত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।সম্প্ৰতি দিল্লী আৰক্ষীৰ বোমা স্কোয়াড, ডগ স্কোয়াড, চাইবাৰ এক্সপাৰ্ট টিম আৰু বিশেষ কৰ্মচাৰীৰ দল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিদ্যালয় দুখনৰ পৰা বৰ্তমান কোনো সন্দেহজনক বস্তু পোৱা নাই।

আৰক্ষীয়ে ইমেইলটো কোনটো আই পি ঠিকনাৰ পৰা প্ৰেৰণ কৰা হৈছে সেই বিষয়েও কৰি আছে, আৰু ইয়াৰ আঁৰত কোনোবাই ধেমালি কৰিছে নে সঁচাকৈয়ে কিবা  ষড়যন্ত্ৰ আছে তাকো তদন্ত কৰি আছে।

লগতে পঢ়ক: ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত; গগণযানৰ বাবে সাজু ইঞ্জিন

কঁপি উঠিল পশ্চিম বংগ;  অবৈধভাৱে বোমা নিৰ্মাণ কাৰখানাত বিস্ফোৰণ  

পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাত পুৱাই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ঘটনাটোত তিনিজন লোক নিহত হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কৰি আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, এটা ঘৰত অবৈধভাৱে হস্ত নিৰ্মিত বোমা তৈয়াৰ কৰা হৈছিল। সেই সময়তে, এটা বোমা বিস্ফোৰণ হয় আৰু ৩ জন লোকে প্ৰাণ হেৰুৱায়।

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ খাইৰতলাৰ বাসিন্দা মামুন মুল্লাৰ ঘৰত দেওবাৰে নিশা অবৈধ বোমা নিৰ্মাণৰ কাম চলি আছিল। হঠাতে এটা বোমা বিস্ফোৰণ হয়।

ইতিমধ্যে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মৃতসকলক মামুন মোল্লা, চাকিৰুল সৰকাৰ আৰু মুস্তাকিন শ্বেখ বুলি চিনাক্ত কৰা হৈছে।