সময় ৰাইনাই ডিলিট কৰিলে ইণ্ডিয়াজ গট লেটেণ্টৰ সকলো ভিডিঅ'

সময় ৰাইনাই ডিলিট কৰিলে ইণ্ডিয়াজ গট লেটেণ্টৰ সকলো ভিডিঅ’; ক’লে-মোৰ উদ্দেশ্য আছিল মাত্ৰ…

কমেডিয়ান সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত বিতৰ্কৰ সৃষ্টি হৈছে । শ্ব’টোৰ শেহতীয়া খণ্ডটোত দেখা গ’ল ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক । পিতৃ-মাতৃ আৰু তেওঁলোকৰ যৌন জীৱনক লৈ ৰণবীৰে কৰা মন্তব্যৰ বাবে সমগ্ৰ দেশতে সমালোচনাৰ সন্মুখীন হ’বলৈ ধৰে । বিষয়টো ইমানেই তীব্ৰতৰ হৈ পৰে যে দেশৰ বিভিন্ন

কমেডিয়ান সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত বিতৰ্কৰ সৃষ্টি হৈছে । শ্ব’টোৰ শেহতীয়া খণ্ডটোত দেখা গ’ল ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক । পিতৃ-মাতৃ আৰু তেওঁলোকৰ যৌন জীৱনক লৈ ৰণবীৰে কৰা মন্তব্যৰ বাবে সমগ্ৰ দেশতে সমালোচনাৰ সন্মুখীন হ’বলৈ ধৰে । বিষয়টো ইমানেই তীব্ৰতৰ হৈ পৰে যে দেশৰ বিভিন্ন ৰাজ্যত ৰণবীৰ আৰু সময়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় আৰু সংসদতো এই বিষয়ক লৈ আলোচনা কৰা হয় ।

সময় ৰাইনাৰ পোষ্ট-

শেহতীয়াকৈ এই সমগ্র বিষয়ত সময়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । এটা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰি নিজৰ মতামত প্ৰকাশ কৰিছে সময়ে । সময়ে এক্সত পোষ্ট কৰি লিখিছে- যিয়েই নহওক, এই সকলোবোৰ চম্ভালিবলৈ মোৰ বাবে বৰ কঠিন হৈ পৰিছে । এই সকলোবোৰ বহুত বেছি । চেনেলৰ পৰা ‘India’s Got Latent’ ৰ সকলো ভিডিঅ’ আঁতৰাই দিছো । এই কাৰ্যৰ সৈতে মোৰ উদ্দেশ্য আছিল কেৱল মানুহক হাঁহিবলৈ আৰু ভাল সময় অতিবাহিত কৰোৱা । ইয়াৰ বাহিৰে মোৰ আন কোনো উদ্দেশ্য নাছিল । সকলো সংস্থাৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ মই সাজু । তেওঁলোকৰ তদন্ত যাতে সঠিকভাৱে সম্পন্ন হয় তাৰ বাবে মই সম্পূৰ্ণ অৱদান আগবঢ়াবলৈ সাজু । ধন্যবাদ ।‘

https://twitter.com/ReheSamay/status/1889681505888190614

মুম্বাই আৰক্ষীয়ে লিপিবদ্ধ কৰিলে বক্তব্য-

বুধবাৰে মুম্বাই আৰক্ষীয়ে ইউটিউব শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত দিয়া বিতৰ্কিত বক্তব্যৰ সৈতে জড়িত ছ’চিয়েল মিডিয়া ইফ্লুৱেন্সাৰ অপূৰ্ব মাখিজাকে ধৰি ৬ জন লোকৰ বক্তব্য ৰেকৰ্ডিং কৰে । একে সময়তে ষ্টেণ্ড আপ কমেডিয়ান সময় ৰাইনাৰ অধিবক্তাই মুম্বাই আৰক্ষীৰ পৰা হাজিৰ হ’বলৈ সময় বিচাৰিছে, কিয়নো সময় বৰ্তমান আমেৰিকা ভ্ৰমণত আছে, ১৭ মাৰ্চত তেওঁ মুম্বাইলৈ উভতি আহিব । মুম্বাই আৰক্ষীয়ে সময় ৰাইনাৰ দলটোক স্পষ্টকৈ জনাইছে যে ইমান দিনে তদন্ত বন্ধ কৰি ৰাখিব নোৱাৰি, সেয়েহে জেৰা আৰম্ভ হোৱাৰ তাৰিখৰ পৰা ১৪ দিনৰ ভিতৰত সময় ৰাইনাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব ।

এই গোচৰত এতিয়ালৈকে খাৰ আৰক্ষীয়ে ৬জন লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে । ইয়াৰ ভিতৰত শ্ব’টোৰ বিচাৰক আশীষ চঞ্চলানী আৰু অপূৰ্বা মাখিজা, বলৰাজ ঘাই (যাৰ ষ্টুডিঅ’ শ্ব’টোৰ বাবে ব্যৱহাৰ কৰা হৈছিল) আৰু শ্ব’টোৰ সৈতে জড়িত তিনিজন কাৰিকৰী বিশেষজ্ঞ । ইয়াৰ উপৰিও ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ দলে আৰক্ষীক জনাইছে যে তেওঁ আজি তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিব পাৰিব ।

মঙলবাৰে মহাৰাষ্ট্ৰ চাইবাৰ বিভাগে ইণ্ডিয়াজ গট লেটেণ্টৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, এতিয়ালৈকে শ্ব’টোত অংশগ্ৰহণ কৰা প্ৰায় ৩০জন অতিথিলৈ চমন প্ৰেৰণ কৰা হৈছে । ৰণবীৰ এলাহাবাদীয়াৰ বিতৰ্কিত মন্তব্যৰ পিছতে চাইবাৰ বিভাগে এফ আই আৰ ৰুজু কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ